Logo
image

ৰুছ সুন্দৰী, ড্ৰাগ্‌! সতীশ কৌশিকৰ মৃত্যুৰ ন ন ৰহস্য

আমাৰ অসম, ১৫ মাৰ্চঃ  অভিনেতা-পৰিচালক সতীশ কৌশিকৰ মৃত্যুৰ সৈতে এইবাৰ সাঙোৰ খাই পৰিছে ৰুছ সুন্দৰী আৰু ড্ৰাগৰ প্ৰসংগ৷ অভিনেতাজনৰ মৃত্যুক লৈ ব্যৱসায়ী বিকাশ মালুৰ প্ৰাক্তন পত্নী ছানভি মালুৱে পুনৰ নতুন ভাষ্য আগবঢ়াইছে৷ ফলত অভিনেতাজনৰ মৃত্যু ৰহস্যক লৈ নতুন জটিলতাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে সতীশ কৌশিকৰ মৃত্যুৰ পিছদিনাই তেওঁক বিহ খুৱাই হত্যা কৰা বুলি ছানভি মালুৱে তেওঁৰ  প্ৰাক্তন স্বামীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক অভিযোগ দিছিল৷ ছানভিৰ উক্ত অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে৷ কিন্তু ইয়াৰ মাজতে বিকাশ মালুৱে সতীশ কৌশিকক  নীলা কেপছুল খুৱাই ৰাছিয়ান সুন্দৰীৰ সৈতে যৌন কৰ্মত লিপ্ত কৰাই হত্যাৰ পৰিকল্পনা কৰা বুলি আন এক বিস্ফোৰক ভাষ্য আগবঢ়াইছে৷ ছানভিয়ে সংবাদ প্ৰতিষ্ঠান এ এন আইৰ আগত দিয়া ভাষ্যমতে বিকাশে সতীশৰ পৰা ১৫ কোটি টকা ধাৰ লৈছিল৷ সেই ধন ঘুৰাই দিয়াৰ কোনো অভিসন্ধিয়েই নাছিল৷ যাৰ বাবে দুয়োৰে মাজত বাক বিতণ্ডাও হয়৷ ইয়াৰ পাছতে বিকাশে সতীশক নীলা কেপছুল খুৱাই ৰাছিয়ান সুন্দৰীৰ সৈতে যৌন কাৰ্যত মত্ত কৰাই হত্যাৰ পৰিকল্পনা কৰে৷ এই পৰিকল্পনাৰ বিষয়ে বিকাশে আনকি তেওঁক জনায় বুলিও দাবী কৰিছে ছানভি মালুৱে৷ ছানভিৰ মতে বিকাশে যোৱা বছৰৰ আগষ্ট মাহত সতীশক হত্যাৰ বাবে কৰা পৰিকল্পনাৰ বিষয়ে তেওঁক জনাইছিল৷ ছানভিৰ ভাষ্য–‘সতীশ আৰু বিকাশৰ মাজত ব্যৱসায়িক সম্পৰ্ক আছিল৷ সেই সূত্ৰেই বিকাশক তেওঁ ১৫ কোটি টকা ধাৰ দিছিল৷ কিন্তু কৰনাৰ সময়ত সেই সমস্ত টকা বৰবাদ হয়৷ যোৱা বছৰৰ আগষ্ট মাহত বিকাশ আৰু সতীশ দুয়ো একেলগে ডুবাইলৈ যায়৷ তাতেই সতীশে তেওঁৰ ১৫ কোটি টকা ওভতাই বিচাৰে৷ দুয়োৰে মাজত কথা কটা-কটিও হয়৷ পাছত বিকাশে কয় যে ভাৰতলৈ উভতি টকাখিনি ঘুৰাই দিব৷ কিন্তু টকা ওভতাই দিয়াৰ তেওঁৰ কোনো আগ্ৰহেই নাছিল৷ ছানভিৰ মতে টকা দিয়া-লোৱাক লৈ হোৱা বিকাশ-সতীশৰ কাজিয়া তেওঁৰ সন্মুখতেই হৈছিল৷ যেতিয়া সতীশ ৰূমৰ পৰা ওলাই যায়, তেতিয়াই মোৰ স্বামীয়ে মোক কৈছিল মই সেই টকা ওভতাই নিদিও৷ তাৰ বহু বেয়া অভ্যাস আছে৷ ৰাছিয়াৰ পৰা সুন্দৰী যুৱতী আনি নীলা কেপছুল খুৱাই তাক শেষ কৰি দিম৷’

ছানভিৰ এই ভাষ্যৰ পাছত অভিনেতা-পৰিচালকজনৰ মৃত্যু ৰহস্যক লৈ এতিয়া অধিক জটিলতাৰ সৃষ্টি হৈছে৷ সঁচাকৈয়ে সতীশ কৌশিকৰ মৃত্যুৰ সৈতে ৰুছ সুন্দৰী অথবা ড্ৰাগছৰ সংযোগ আছে নেকি তাক লৈ দিল্লী আৰক্ষীয়ে নতুনকৈ তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷

স্মৰ্তব্য যে ৯ মাৰ্চৰ নিশা ব্যৱসায়ী বিকাশ মালুৰ মালিকানাধীন যিটো ফাৰ্ম হাউছত ফাকুৱাৰ পাৰ্টী চলিছিল তাৰ পৰা আৰক্ষীয়ে ইতিমধ্যে কেইবাবিধো সন্দেহজনক ঔষধ উদ্ধাৰ কৰে৷ ফাৰ্ম হাউছতটোত হোৱা ফাকুৱাৰ পাৰ্টীত ভাগ লোৱাৰ পাছতে অসুস্থ হৈ পৰা সতীশ কৌশিকক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে৷