Logo
image

'ৱণ্ডাৰ আছাম' অভিযানৰ ভিডিঅ' মুকলিঃ প্ৰদৰ্শিত হ'ব অসমৰ কলা-সংস্কৃতি আৰু পৰম্পৰাগত খাদ্য সম্ভাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম পৰ্যটন ব'ৰ্ডৰ সহযোগত ছানৰাইছ পিউৰে অসমৰ সাংস্কৃতিকভাৱে সমৃদ্ধ জিলাসমূহত ভ্ৰমণ ব্লগৰে ইতিহাস আৰু ৰন্ধন প্ৰণালী উদযাপন কৰিব। এই ভ্ৰমণ ব্লগৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অসমবাসীৰ সন্মুখত পৰম্পৰাগত খাদ্য সম্ভাৰ দাঙি ধৰিব। বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত এ টি ডি চিৰ কাৰ্যালয়ত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত এ টি ডি চিৰ  উপাধ্যক্ষ দিলীপ দাস, এ টি ডি চিৰ কনচাল্টটেণ্ট পাৰ্থ প্ৰতিম দাস, জ্যেষ্ঠ প্ৰবন্ধক নিৰেন চন্দ্ৰ দাস, এ টি ডি চিৰ প্ৰবন্ধক ভাস্কৰ বৰুৱা, ৰেড এফ এমৰ ক্লাছটাৰ হেড মনোজ সোম, অভিনেত্ৰী অমৃতা গগৈ, ৰেড এফ এমৰ আৰ জে পাহি আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰ্যটনক আকৰ্ষণ কৰাৰ লক্ষ্যৰে 'ৱণ্ডাৰ আছাম' অভিযানৰ জৰিয়তে অসমৰ কলা-সংস্কৃতি আৰু অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব। ব্লগত নদীদ্বীপ, বন্যপ্ৰাণী অভয়াৰণ্য, চাহ বাগানৰ লগতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অন্তৰ্ভুক্ত হ'ব অসমৰ পৰম্পৰাগত কলা-কৃষ্টি, সংস্কৃতি। 

এই অভিযানৰ অংশ হিচাপে অভিনেত্ৰী গগৈয়ে ভিডিঅ'ৰ জৰিয়তে ৯ টা অঞ্চলৰ জীৱন্ত ইতিহাস আৰু কলা-সংস্কৃতি ৰাইজৰ সন্মুখত দাঙি ধৰিব। প্ৰদৰ্শন হ'বলগীয়া অঞ্চলসমূহৰ ভিতৰত আছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, শিৱসাগৰৰ শিৱদৌল, শিৱসাগৰ লেক, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চানডুবি লেক, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰসিদ্ধ ডিব্ৰুগড় চাহ বাগিচা। এই ব্লগৰ প্ৰথম খণ্ডটো ১৮ মাৰ্চত সম্প্ৰচাৰিত হ'ব। প্ৰথম খণ্ড সম্প্ৰচাৰিত হোৱাৰ পিছত প্ৰতি শনিবাৰে ছানৰাইজ পিউৰৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত হ'ব ব্লগৰ আন খণ্ডসমূহ। এই সন্দৰ্ভত এ টি ডি চিৰ  উপাধ্যক্ষ দিলীপ দাসে কয় যে আই টি চি ছানৰাইজ পিউৰ মচলাৰ 'ৱণ্ডাৰ আছাম' অভিযানৰ সৈতে জড়িত হোৱাৰ বাবে আমি আনন্দিত। এই সহযোগিতাই অসমৰ লুকাই থকা ৰত্নবোৰৰ গভীৰতা আৰু অসমৰ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে বিশ্বৰ বুকুত উজ্বলি উঠিব। ছানৰাইজ অসমৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই অংশীদাৰিত্বৰ দ্বাৰা আমি ৰাজ্যখনৰ অনন্য আৰু আৱিষ্কৃত আকৰ্ষণসমূহৰ পোহৰ কঢ়িয়াই আনিব বুলি আশা কৰিছো।

এই পদক্ষেপ সন্দৰ্ভত আই টি চি লিমিটেডৰ ছানৰাইজ ব্যৱসায়িক মুৰব্বী পীয়ুষ মিশ্ৰাই কয় যে ছানৰাইজ বহু বছৰ ধৰি অসমৰ এক গৌৰৱান্বিত অংশ হৈ আহিছে৷ যি ছানৰাইজ  শ্বাহী গৰম, ছানৰাইজ সৰিয়হ গুৰি, ছানৰাইজ হাহ চালকুমুৰা আৰু মাৰ্ক সামগ্ৰীৰ সৈতে অসমৰ খাদ্য সংস্কৃতিত জড়িত হৈ আছে। অসম আমাৰ গৃহ আৰু আমি ৰাজ্যখনৰ ঐতিহ্য৷ প্ৰাকৃতিক সৌন্দৰ্য,পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু পৰম্পৰাগত কলা-সংস্কৃতি উদযাপন কৰি আহিছো। লগতে তেওঁ অসমৰ সৌন্দৰ্য আৰু পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন কৰি অসমবাসীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।