Logo
image

স্থানীয় সুৰাও পোৱা যাব ৱাইনশ্বপত

আমাৰ অসম, ১৭ মাৰ্চঃ এতিয়াৰে পৰা ৱাইন শ্বপত বিক্ৰী হ’ব পৰম্পৰাগত সুৰা৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৃহস্পতিবাৰে অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে চৰকাৰ এই সিদ্ধান্ত ঘোষণা কৰে৷ মন্ত্ৰী নেওগে কয়–আবকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি হৈছে [যিটো পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত প্ৰায় ৩১ শতাংশ অধিক]৷ এই ৰাজহ সংগ্ৰহৰ পৰিমাণ ২২০০ কোটি টকা হৈছে৷  কোনো অতিৰিক্ত অনুজ্ঞাপত্ৰ মাচুল প্ৰদান নকৰাকৈ যাতে পৰম্পৰাগত সুৰা জাতীয় পানীয় বিক্ৰী কৰিব পাৰে তাৰ বাবে বৰ্তমানে থকা আই এম এফ এল-দেশীয় সুৰাৰ পাইকাৰী আৰু খুচুৰা অনুজ্ঞাপত্ৰসমূহক অনুমতি প্ৰদান  কৰি পৰম্পৰাগত সুৰা জাতীয় পানীয়ৰ বিপণক উৎসাহিত কৰা হ’ব৷