Logo
image

মেট্ৰিকৰ মিউজিক বিষয়ৰ প্ৰশ্নকাকতত পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন নহাৰ অভিযোগঃ 'ছেবা'ৰ পৰীক্ষা নিয়ন্ত্ৰকলৈ স্মাৰক পত্ৰ নলবাৰীৰ সংগীত শিক্ষকৰ

ডিজিটেল সংবাদ, নলবাৰীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমে বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত আৰু তাৰ পাছত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে দুয়োটা বিষয়ৰ পৰীক্ষা বাতিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে৷ ইয়াৰ মাজতে মেট্ৰিক পৰীক্ষাৰ মিউজিক (তবলা)ৰ প্ৰশ্ন কাকতত হোৱা বেমেজালি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নলবাৰীৰ কেইবাগৰাকী জ্যেষ্ঠ সংগীত শিক্ষকে।

উল্লেখ্য, যোৱা ১০ মাৰ্চত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সংগীত (Elective ) তবলা বিষয়ৰ প্ৰশ্নকাকতৰ দুই নম্বৰ প্ৰশ্নটোৰ তবলা পাঠ্যক্ৰমৰ পৰা কোনো প্ৰশ্ন অহা নাই। ১০ নম্বৰৰ উক্ত প্ৰশ্নটোত বিকল্প প্ৰশ্নৰো কোনো সুযোগ দিয়া হোৱা নাছিল। যাৰ বাবে পৰীক্ষাগৃহত বিমোৰত পৰিবলগীয়া হয় সংগীত তবলা বিষয়ৰ ছাত্ৰ -ছাত্ৰী। এই ক্ষেত্ৰত তবলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি উক্ত প্ৰশ্নটোৰ বাবে ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ নম্বৰ প্ৰদানৰ বাবে 'ছেবা'ৰ পৰীক্ষা নিয়ন্ত্ৰকক লিখিত আবেদন জনাই নলবাৰীৰ বহু কেইগৰাকী জ্যেষ্ঠ সংগীত শিক্ষকে। জ্যেষ্ঠ সংগীত শিক্ষক অমৰেশ মল্ল বুজৰ বৰুৱা, নৃপেন্দ্ৰ কুমাৰ শৰ্মা, কন্দৰ্প কুমাৰ ডেকা, ৰঞ্জিতা শৰ্মা, হিতেশ বেজবৰুৱা স্বাক্ষৰিত উক্ত আবেদন পত্ৰখনৰ প্ৰতিলিপি ছেবাৰ অধ্যক্ষ, নলবাৰী জিলা উপায়ুক্ত আৰু নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শককো প্ৰদান কৰা হয়।