Logo
image

অজিত ভূঞা সন্দেহৰ আৱৰ্তত¸ নাই দায়ী বিষয়া-ঠিকাদাৰ! মুখ্যমন্ত্ৰী

আমাৰ অসম, ২০ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ আঁৰত আছে কংগ্ৰেছৰ এজন প্ৰাক্তন বিষয়ববীয়া৷ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা প্ৰাক্তন কংগ্ৰেছীজনৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে৷– এই ভাষ্য দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ সাংবাদিকক কয়– শিক্ষকজনে ধনৰ লেনদেনৰ বাবে নে ৰাজনৈতিক উদ্দেশ্যৰে এই অপকৰ্মত লিপ্ত হৈছে সেয়া এতিয়া চাব লাগিব৷ আনহাতে, একাংশ পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষা হ’ব নালাগে বুলি কৰা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– একাংশ ছাত্ৰ-ছাত্ৰীৰ এয়া মনৰ কথা যদিও তেওঁলোক আমাৰ ল’ৰা-ছোৱালীহে৷ বুজাই-বঢ়াই পৰীক্ষা দিয়াৰ বাবে তেওঁলোকক সাজু কৰিব লাগিব৷ ২৮ মাৰ্চ আৰু ১ এপ্ৰিলত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ইপিনে, অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ কেলেংকাৰি হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– সাংসদজনৰ নাম অভিযুক্তৰ তালিকাত নাই৷ তেওঁক সন্দেহৰ আওতাতো অনা হোৱা নাই৷ কেৱল একাংশ ঠিকাদাৰ আৰু চৰকাৰী বিষয়াৰ বিৰুদ্ধেই অভিযোগ দাখিল কৰা হৈছে৷ 

পিছে সাংসদ পুঁজিৰ পৰা নিৰ্মাণ কৰা কিছুমান ৰাস্তাৰ নাম সন্নিবিষ্ট যিখন তালিকা সাংসদজনে প্ৰদান কৰিছে তাক লৈ গাঁৱৰ মানুহেই কৈছে যে ৰাস্তাৰ কাম হোৱা নাই৷ সেয়েহে তদন্ত হ’বই লাগিব৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে সাংসদ ভূঞাৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশৰ কোনো কথাই থাকিব নোৱাৰে৷ গাঁৱৰ মানুহেই কৈছে যে ৰাস্তাৰ কোনো কাম হোৱা নাই৷ গাঁৱত গৈ শুধিলেই হ’ল৷ সাংসদজনে প্ৰদান কৰা তালিকাতো কিছুমান আঁচনি ৰূপায়ণৰ কথা আছে, যিবোৰৰ কোনো অস্তিত্বই নাই৷ পিছে তেওঁ যদি ভাবে যে ৰাজনৈতিক উদ্দেশ্যৰে এইবোৰ কথাৰ অৱতাৰণা হৈছে, তেনেহ’লে সাংসদ ভূঞাই মোলৈ লিখিব পাৰে যে ৰাস্তাটো অমুকৰ পৰা তমুকলৈ আছে৷ কিন্তু এয়াও সঁচা যে একাংশ বিষয়াই এই অভিযোগো কৰিছে যে তেওঁলোকৰ পৰা কোনোবাই জাল চেক লৈ গৈছে৷ থানাত গোচৰ ৰজু কৰিছে এই বুলি যে চেকবোৰত থকা চহী তেওঁলোকৰ নহয়৷ তেওঁলোকৰ নামত বেলেগে চহী কৰিছে৷ সমগ্ৰ ঘটনাটো সন্দেহৰ আৱৰ্তত সোমাই পৰা বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘সাংসদ ভূঞা এজন সাংবাদিক আছিল৷ এতিয়া তেওঁ সাংবাদিকসকলক লৈ গৈ দেখুৱাই দিলেই হয় যে এইবোৰ ৰাস্তা হৈছে৷ মোৰ সাংসদ পুঁজিৰ পৰাই হৈছে৷ মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে৷ আৰক্ষীয়েতো তদন্ত কৰিবই৷ এতিয়ালৈকে অজিত কুমাৰ ভূঞাক অভিযুক্তৰ তালিকাত সামৰি লোৱা হোৱা নাই৷ আৰক্ষীয়ে তেওঁক সোধা-পোছা কৰা নাই৷ তেওঁক সন্দেহৰ আওতাতো অনা নাই৷ পিছে অভিযোগ উত্থাপিত হোৱা বিষয়াসকলক যদি তেওঁ ‘প্ৰটেকশ্বন’ দিব খোজে তেনেহ’লেতো প্ৰশ্ন উঠিবই৷ নাজানো সাংসদ ভূঞাক কোন উকিলে পৰামৰ্শ দি আছে৷ তেওঁৰ ভাল উকিলৰ লগত কথা পতা উচিত৷ আমিতো অভিযুক্তৰ তালিকাত বিষয়া আৰু ঠিকাদাৰৰ নাম থকাৰ কথা কৈছোঁ৷ পিছে অভিযুক্ত বিষয়া-ঠিকাদাৰক ‘প্ৰটেকশ্বন’ দিবলৈ গ’লে তেওঁৰেই বদনাম হ’ব৷ অজিত কুমাৰ ভূঞাই ইমান দিন সংগ্ৰাম কৰি অহাৰ কথা কৈ থাকে৷ মই যিজন অজিত কুমাৰ ভূঞক জানো তেওঁতো সদায় অফিচাৰক গালি পাৰি থাকিছিল৷ অফিচাৰে টকা খায়, বেয়া কাম কৰে৷ পিছে এতিয়া তেওঁ ঠিকাদাৰ, অফিচাৰক সমৰ্থন কিয় কৰি আছে? এতিয়া অফিচাৰে যদি বিবৃতি দিয়ে যে সমগ্ৰ বিষয়টোত তেওঁ জড়িত আছে, তেতিয়াহে তেওঁৰ বিৰুদ্ধে তদন্ত হ’ব৷’ আনহাতে, সাংবাদিকৰ আগত খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিঙৰ চাৰি সহযোগীক ডিব্ৰুগড় জে’ললৈ প্ৰেৰণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– বহু সময়ত এখন ৰাজ্যৰ অভিযুক্ত কিম্বা অপৰাধীক বেলেগ ৰাজ্যত ৰখা হয়৷ পঞ্জাব চৰকাৰেও এনে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ কৰিছে৷ ডিব্ৰুগড় জে’লত এইসকলক সুৰক্ষা বেষ্টনীৰ মাজত ৰখা হ’ব৷