Logo
image

ডিব্ৰুগড়ত বন্দী খালিস্তানী বিদেশত জংগী বিক্ষোভ

আমাৰ অসম, ২১ মাৰ্চঃ পঞ্জাবৰ পঞ্চমজন খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাক সোমবাৰে আনি উজনি অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰা হৈছে আৰু পঞ্জাবত খালিস্তানপন্থীৰ বিৰুদ্ধে চলি থকা প্ৰবল অভিযানৰ বিৰুদ্ধে বিদেশৰ বিভিন্ন ৰাষ্ট্ৰত খালিস্তানৰ সমৰ্থকে হিংস্ৰ প্ৰতিবাদ আৰম্ভ কৰাত পুনৰ খালিস্তানক আন্দোলনে ’৯০ৰ দশকৰ দৰে      আন্তঃৰাষ্ট্ৰীয় পৰিচিতি লাভ কৰিছে৷ লণ্ডনৰ ভাৰতীয় হাইকমিছনাৰত খালিস্তান সমৰ্থকে দেওবাৰে নিশা ভাৰতৰ জাতীয় পতাকা অপসাৰণ কৰাৰ লগতে সোমবাৰে আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ ভাৰতীয় হাইকমিছনত খালিস্তান সমৰ্থকে ৰড-লাঠীৰে জংগী আক্ৰমণ সংঘটিত কৰে৷ আনহাতে অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰাত খালিস্তান সমৰ্থকে সংসদ ভৱনৰ সন্মুখত অমৃতপাল সিঙৰ সংগঠনৰ বিৰুদ্ধে চলোৱা ভাৰতৰ অভিযান অবিলম্বে বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে উজনি অসমৰ ডিব্ৰুগড়লৈ সোমবাৰে অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙক আনি আন ৪ খালিস্তানী বিদ্ৰোহীৰ সৈতে একেলগে কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰা হৈছে৷ পঞ্জাবৰ আৰক্ষী মহাপৰিদৰ্শক সুখচেইন সিং গিলে জনাইছে যে, যোৱাৰাতি অমৃতপালৰ খুড়াকক পঞ্জাৱত গ্ৰেপ্তাৰ কৰি সোমবাৰে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, ডিব্ৰুগড়ৰ কাৰাগাৰত দেওবাৰৰ পৰা বন্দী খালিস্তানী বিচ্ছিন্নতাবাদী দলজিৎ সিং কালছি, গুৰমীট সিং, বসন্ত সিং, ভগৱত্ত সিং ওৰফে প্ৰধানমন্ত্ৰী [সিং] বাজেকে আৰু সোমবাৰে আনি বন্দী কৰা হৰজিৎ সিঙৰ বিৰুদ্ধে এন এছ এ অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইন আৰোপ কৰা হৈছে৷ এন এছ এ আৰোপৰ ফলত এই খালিস্তানী বিচ্ছিন্নতাবাদীক ডিব্ৰুগড় কিয়, দেশৰ যিকোনো কাৰাগাৰতে বিনা বাধাই বন্দী কৰি ৰখাৰ সুবিধা হ’ল৷ এতিয়া এই ৫খালিস্তানীক কিয় অসমৰ কাৰাগাৰত বন্দী কৰা হ’ল, সেই লৈ অসম চৰকাৰে কিম্বা আৰক্ষীয়ে কোনো স্পষ্টীকৰণ আগবঢ়োৱাৰ প্ৰয়োজন নোহোৱা হ’ল৷

খালিস্তানী  বিচ্ছিন্নতাবাদী সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ প্ৰতি পাকিস্তানী চোৰাংচোৱা সংগঠন আইএছআইৰ প্ৰছন্ন সমৰ্থন আৰু পৃষ্ঠপোষকতা থকা বুলি পঞ্জাৱ  আৰক্ষীয়ে প্ৰকাশ কৰাৰ সময়তে বিশ্বৰ একাধিক দেশৰ পৰা অহা খালিস্তানৰ সমৰ্থনে নৰেন্দ্ৰ মোদী চৰকাৰক উদ্বিগ্ন কৰি তুলিছে৷ পঞ্জাৱ আৰক্ষীৰ দাবী, উক্ত সংগঠনৰ মূল নেতা অমৃতপাল সিং এতিয়াও পলাতক৷  তেওঁক শনিবাৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বাবে পঞ্জাৱ আৰক্ষীৰ বৃহৎ দল আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা নিৰাপত্তা বাহিনীৰ  বিশাল দলে খেদি ফুৰিও সোমবাৰ পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ আশংকা কৰা হৈছে, আইএছআইৰ সহযোগত তেওঁ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিব পাৰে৷ সেয়ে সীমান্তত থকা বিএছএফক সতৰ্ক কৰি দিয়া হৈছে৷ দেশত অমৃতপাল সিঙক নিৰাপত্তাবাহিনীয়ে গ্ৰেপ্তাৰৰ বাবে চেষ্টা কৰি থকা আৰু তেওঁৰ ‘ৱাৰিছ পঞ্জাৱ দে’ সংগঠনৰ এশৰো অধিক খালিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ সময়ত ব্ৰিটেইন, আমেৰিকা আৰু অষ্ট্ৰেলিয়াত খালিস্তানৰ সমৰ্থনত আন্দোলন গঢ়ি উঠিছে৷ কেৱল আন্দোলন গঢ়ি উঠাই নহয়, অমৃতপাল সিঙৰ আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে  কেন্দ্ৰীয় আৰু পঞ্জাৱ চৰকাৰে চলোৱা অভিযান বন্ধ কৰাৰ দাবীত প্ৰৱাসত থকা খালিস্তান সমৰ্থক শিখ ধৰ্মাৱলম্বী লোকে হিংস্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে৷ দেওবাৰে সন্ধিয়া লণ্ডনত থকা ভাৰতীয় হাইকমিছনৰ ভাৰতীয় জাতীয় পতাকা প্ৰৱাসী খালিস্তান সমৰ্থকে নমাই দিয়ে৷ নতুন দিল্লীয়ে সেই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছে৷ ভাৰতত থকা ব্ৰিটেইনৰ হাইকমিছনাৰক সোমবাৰে বৈদেশিক মন্ত্ৰণালয়ে তলৱ কৰি আনি এই ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে কি পৰিস্থিতিত  বিক্ষোভকাৰীয়ে উচ্ছ নিৰাপত্তা ব্যৱস্থা থাকিবলগীয়া হাইকমিছনত প্ৰৱেশ কৰিবলৈ সুযোগ পালে তাৰ ব্যাখ্যা বিচাৰিছে৷ নতুন দিল্লীয়ে ভাৰতত থকা ব্ৰিটেইনৰ হাইকমিছনাৰক অভিযোগ জনাই কৈছে যে ভিয়েনা কনভেনছনৰ চুক্তি অনুসৰি ব্ৰিটেইনে ভাৰতীয় হাইকমিছনক আৰু তাত থকা কুটনীতিবিদক উচ্ছ সুৰক্ষা প্ৰদান কৰিব লাগে৷ এই ক্ষেত্ৰত ব্ৰিটেইনৰ চৰকাৰে যি উদাসীনতা প্ৰকাশ কৰিছে সেয়া ভাৰতে কোনোপধ্যে সমৰ্থন নকৰে বুলি তেওঁক জনাই দিয়া হৈছে৷ ইপিনে সোমবাৰে আমেৰিকাৰ ছান ফ্ৰান্সিছকোত থকা ভাৰতীয় হাইকমিছনত এদল খালিস্তান সমৰ্থক শিখে প্ৰৱেশ কৰি হাতত ৰড আৰু লাঠি লৈ এফালৰ পৰা কাৰ্যালয়টোৰ দুৱাৰ-খিৰিকি ভাঙি পেলায়৷ অমৃতপাল সিং আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে ভাৰত চৰকাৰে গ্ৰহণ কৰা দমনমূলক স্থিতিৰ প্ৰতিবাদতে বিদেশত থকা  খালিস্তান সমৰ্থকে এনেদৰে জংগী প্ৰতিবাদ আৰম্ভ কৰিছে৷ এতিয়াও ছান ফ্ৰান্সিছকো আৰক্ষীয়ে ভাৰতীয় হাইকমিছনত আক্ৰমণ সন্দৰ্ভত কোনো মন্তব্য আগবঢ়োৱা নাই৷ একেদৰে অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰাত খালিস্তানৰ সমৰ্থক এটা বৃহৎ দলে দেশখনৰ সংসদ ভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি অমৃতপাল সিং আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে ভাৰতত চলোৱা অভিযান অবিলম্বে বন্ধ কৰাৰ দাবী জনায়৷ বিদেশত থকা প্ৰৱাসী শিখে ইতিমধ্যে হেছটেগ ফ্ৰী অমৃতপাল বুলি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ব্ৰিটেইনত থকা ভাৰতীয় সংগঠনে প্ৰৱাসী শিখে খালিস্তানৰ সমৰ্থন কৰা আৰু ভাৰতীয় জাতীয় পতাকা হাইকমিছনাৰ পৰা নমাই পেলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে সেই ঘটনাক ধিক্কাৰ দিছে৷ 

অমৃতপালক প্ৰত্যক্ষীকৰণৰ আবেদন আদালতত

অমৃতপাল সিঙক ইতিমধ্যে পঞ্জাৱ আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰিছে উক্ত সংগঠনৰ আইনী উপদেষ্টাই৷ তেওঁৰ মতে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰি নিৰাপত্তা বাহিনীয়ে লুুকুৱাই ৰাখিছে৷ তেওঁক কেনেবাকৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰাৰো আশংকা কৰিছে ‘ৱাৰিছ পঞ্জাৱ দে’ সংগঠনৰ আইনী উপদেষ্টাই৷ সেই আশংকা কৰি তেওঁ পঞ্জাৱ উচ্ছ ন্যায়ালয়ত অমৃতপাল সিঙৰ সপক্ষে ‘হেবিয়াছ কৰ্পাছ’ বা বন্দী প্ৰত্যক্ষীকৰণৰ আবেদন জনাইছে৷ উচ্ছ ন্যায়ালয়ে ইতিমধ্যে এখন জাননীৰ জৰিয়তে তেওঁলোকৰ ওচৰত হেবিয়াছ কৰ্পাছ দাখিল কৰাৰ কথা পঞ্জাৱ আৰক্ষীক জনাইছে৷ 

অমৃতপাল প্ৰকৃততে কোন

যোৱাবছৰৰ আগষ্টলৈকে ডুবাইত নিজৰ পৰিয়ালৰ পৰিবহণ ব্যৱসায় চম্ভলাৰ লগতে নিজে ট্ৰাক চলাইছিল হঠাতে খালিস্থানী বিচ্ছিন্নতাবাদী হৈ পৰা অমৃতপাল সিঙে৷ যোৱাবছৰৰ ২২ আগষ্টত অমৃতপাল সিং পঞ্জাবলৈ আহি হঠাতে বাবা অমৃতপাল সিং হৈ পৰে আৰু নিজকে খালিস্তানপন্থী আন্দোলনৰ মূল হোতা হিচাপে ঘোষণা কৰি ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ স্বয়ম্ভু মূৰব্বীত পৰিণত হয়৷ উল্লেখ্য, এই ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটো হৈছে খালিস্তানপন্থী আৰু কিছুদিন আগলৈকে এই সংগঠনৰ মুৰব্বী হৈ আছিল দ্বীপ সিদ্ধু নামৰ এজন গায়ক৷ এই পঞ্জাৱী গায়ক-অভিনেতাজনে দিল্লীৰ কৃষক আন্দোলনৰ সময়ত লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ জাতীয় পতাকা লালকিল্লাৰ পৰা নমাই অনাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ চলিছিল৷ পিছে হঠাতে তেওঁ গাড়ী দুৰ্ঘটনাত নিহত হয়৷ তাৰ ঠিক পাছতে অমৃতপাল সিং ডুবাইৰ পৰা পঞ্জাৱলৈ আহে আৰু নিজকে খালিস্তান আন্দোলনৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰি ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ স্বয়ম্ভু মূৰব্বী হৈ পৰে৷ যোৱা বছৰৰ ছেপ্টেম্বৰত তেওঁ খালিস্তান আন্দোলনৰ কুখ্যাত নেতা জাৰ্ণাইল সিং ভিন্দ্ৰানৱালেৰ মোগাৰ জন্মগাঁৱত গৈ বিচ্ছিন্নতাবাদী ভাষণ দি নিজকে খালিস্তানী আন্দোলনকাৰী বুলি প্ৰতিষ্ঠা কৰে৷ বিগত বছৰৰ ছেপ্টেম্বৰৰ পৰা যোৱা ৬ মাহত তেওঁ এককভাৱেই পঞ্জাৱত পুনৰ খালিস্তানী আন্দোলনক গতি দিবলৈ সক্ষম হয়৷ এই সময়ছোৱাত তেওঁ আনন্দপুৰ ছাহিবকে ধৰি বিভিন্ন স্থানত বিচ্ছিন্নতাবাদী সভা-সমিতি আয়োজন কৰি পঞ্জাৱক খালিস্তান নামৰ পৃথক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত আন্দোলন জোৰদাৰ কৰি তোলে৷ এই সময়ছোৱাত তেওঁ নিজকে দ্বিতীয় ভিন্দ্ৰানৱালে হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে৷ ইতিপূৰ্বে পঞ্জাৱত তলে তলে খালিস্তানী আন্দোলনে গা কৰি আছিল৷ অমৃতপাল সিঙে সেই আন্দোলনক নতুন গতি আৰু মাত্ৰা প্ৰদান কৰে৷ স্বাভাৱিকতে তেওঁৰ সংগঠনলৈ বৃহৎ সংখ্যক যুৱকৰ আগমণ ঘটে৷ ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ দ্বীপ সিদ্ধুৰ কাৰ্যকালতো বহু সমৰ্থক আৰু সদস্য আছিল৷ সেই সংগঠনটোৱে কানাডাকে ধৰি প্ৰবাসত থকা খালিস্তানপন্থী শিখ লোকৰ পৰা বিত্ত আৰু বিভিন্ন বিষয়ৰ পৃষ্ঠপোষকতা লাভ কৰি আছিল৷ বিগত ছমাহত অমৃতপাল সিঙে ইমান দিনে সুপ্ত হৈ থকা খালিস্তান আন্দোলনক গতি দিয়ে আৰু ইটোৰ পিছত সিটো বে-আইনী কাৰ্যকলাপ তথা অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হয়৷ তেওঁ আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৱস্থা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দৰে হ’ব বুলি ভাবুকি দিয়ে৷ আওপকীয়াকৈ তেওঁ খালিস্তানী আন্দোলনকাৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক কোনোবা দিনা হত্যা কৰিব বুলি এখন সভাত মুকলিকৈ মন্তব্য কৰে৷ উল্লেখ্য, জাৰ্ণাইল সিং ভিন্দ্ৰানৱালেৰ নেতৃত্বত পঞ্জাৱত সংঘটিত হোৱা খালিস্তানী আন্দোলন ১৯৮৪ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে শেষ কৰিছিল অপাৰেশ্বন ব্লুষ্টাৰৰ জৰিয়তে৷ স্বৰ্ণ মন্দিৰত সোমাই থকা সকলো খালিস্তানী উগ্ৰপন্থীৰ সৈতে ভিন্দ্ৰানৱালেকো ভাৰতীয় সেনা বাহিনীয়ে হত্যা কৰাৰ লগে লগে সেই আন্দোলনৰ যৱনিকা পৰিছিল৷ কিন্তু সেই অভিযানৰ ফলতে ইন্দিৰা গান্ধীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল তেওঁৰ দুই শিখ দেহৰক্ষীৰ গুলীত৷ অমৃতপাল সিঙে কমদিনৰ ভিতৰতে নিজকে নতুন খালিস্তান আন্দোলনৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে বহু যুৱকক পৃথক দেশৰ সশস্ত্ৰ আন্দোলনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ 

অমৃতপাল সিঙৰ জন্ম অমৃতসৰ জিলাৰ জালুপুৰ খাইৰাৰ বাবা বাকানা গাঁৱত৷ ১৯৯৩ চনৰ ১৭ জানুৱাৰীত জন্ম হোৱা অমৃতপালৰ বয়স হৈছে মুঠেই  ৩০ বছৰ৷ তেওঁৰ পিতৃৰ নাম তাৰছেম সিং৷ যোৱা ১০ ফেব্ৰুৱাৰীত অমৃতপাল সিঙে ব্ৰিটেইনত থকা প্ৰবাসী শিখ যুৱতী কিৰণদ্বীপ কৌৰক বিয়া কৰিছিল৷ ডুবাইৰ এসময়ৰ ট্ৰাক-ড্ৰাইভাৰ এই অমৃতপাল সিঙক লৈ এতিয়া পঞ্জাৱ আৰু সমগ্ৰ দেশৰ লগতে অসমতো তোলপাৰ হৈছে৷ 

‘ৱাৰিছ পঞ্জাৱ দে’ মুৰব্বী অমৃতপাল সিঙৰ খুড়াককো ডিব্ৰুগড়লৈ

খালিস্তানৰ দাবীৰে পঞ্জাৱত তাণ্ডৱ সৃষ্টি কৰা ‘ৱাৰিছ পঞ্জাৱ দে’ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙকো সোমবাৰে অনা হৈছে ডিব্ৰুগড়লৈ৷ দেওবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চাৰি বিচ্ছিন্নতাবাদী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ পিছত সোমবাৰে পুনৰ অমৃতপাল সিঙৰ খুড়াককো ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী কৰি ৰখাৰ ব্যৱস্থা কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷ সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত পঞ্জাৱৰ কয়দীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে৷ সোমবাৰে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে হৰজিৎ সিঙক লৈ অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাই কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়৷ ইয়াৰ পাছতে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, কাৰাগাৰ অধীক্ষক তথা শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় আই জি পি প্ৰশান্ত কুমাৰ ভূঞা৷ কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাত যাতে কোনোধৰণৰ ত্ৰুতি ৰৈ নাযায় তাৰ প্ৰতি নজৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাই৷ এক বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুসৰি পঞ্জাৱৰ পৰা আৰু ৭ বিচ্ছিন্নতাবাদী নেতাক অনা হ’ব পাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ যাৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰে-বাহিৰে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷  দেওবাৰে চাৰি বিচ্ছিন্নতাবাদী নেতাক কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কুঠৰীত ৰখাৰ পাছতে কাৰাগাৰৰ নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছিল৷ উল্লেখযোগ্য যে, অমৃতপাল সিঙৰ খুড়াক হৰিজিৎ সিঙৰ লগতে তেওঁৰ গাড়ীচালকক কালি নিশা গ্ৰেপ্তাৰ কৰিছিল পঞ্জাৱ আৰক্ষীয়ে৷ এই সন্দৰ্ভত পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক সুখচেইন সিং গিলে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা আটাইকেইজন পঞ্জাৱৰ বিচ্ছিন্নতাবাদী নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এন এছ এৰ ধাৰা ৰুজু কৰা হৈছে৷ মন কৰিবলগীয়া যে, পঞ্জাৱ আৰক্ষীয়ে দেওবাৰ পৰ্যন্ত ৭৮ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কালি নিশাৰ ভাগলৈকে পুনৰ ৩৪ জনক গ্ৰেপ্তাৰ কৰিছে৷