Logo
image

বিজেপিত যোগদান কৰক ২ লাখ টকা লওক

আমাৰ অসম, ২১ মাৰ্চঃ  হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্ৰত যেন অভিলেখহে গঢ়িবলৈ গৈ আছে বিজেপি দল আৰু চৰকাৰে৷ ৰাজকোষৰ পৰা প্ৰতিমাহে কোটি কোটি টকা ব্যয় কৰি বিভিন্ন আঁচনিৰ নামত ৰাজ্যত লাখ লাখ হিতাধিকাৰী সৃষ্টিৰে ভোটবেংক শক্তিশালী কৰাৰ অভিযানত নামি পৰা বিজেপি দলে এইবাৰ নিজৰ নতুন সদস্যকো হিতাধিকাৰী সজোৱাৰ কৌশল অৱলম্বন কৰিছে৷ ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত ২০২৩-২৪ বৰ্ষৰ  বাজেট উত্থাপন কৰি ‘মুখ্যমন্ত্ৰী স্ব-নিয়োজন অভিযান আঁচনি’ ঘোষণা কৰিছিল৷ এই আঁচনিৰ অধীনত বিত্তমন্ত্ৰীয়ে ১,০০০ কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ দিছে৷ মূলতঃ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ৰ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ এককালীন পুঁজি দিব চৰকাৰে৷ বাণিজ্য, সেৱা, হস্ততাঁত, কৃষি [পশুপালন, মীনপালন, দুগ্ধ উৎপাদন], উৎপাদন খণ্ড, খাদ্য সংশাধন আৰু হস্তশিল্প খণ্ডৰ ক্ষুদ্ৰ উদ্যোগীৰ বাবে চৰকাৰে এই পুঁজি ব্যয় কৰিব বুলি বাজেটত উল্লেখ কৰা হৈছে৷ এইপৰ্যন্ত বিধানসভাত বাজেট গৃহীত হোৱাই নাই৷ কিন্তু মুখ্যমন্ত্ৰী স্ব-নিয়োজন অভিযান আঁচনিৰ সুবিধা ল’বলৈ তৎপৰ হৈ পৰিছে বিজেপি দল৷ উল্লেখ্য যে ২১ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এক বিশাল যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ বিজেপি দলত যোগদান কৰিব বিচৰা যুৱক-যুৱতীসকলক আগতীয়াকৈ যোগাযোগ কৰিবলৈ দুটা মোবাইল নম্বৰ দিয়া হৈছে৷ বাজেটত উত্থাপন কৰা এই আঁচনিৰ সুযোগ লৈ দলটোৰ একাংশ সমৰ্থকে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক বিজেপিত যোগদান কৰোৱাৰ কৌশল ৰচনা কৰিছে৷ এই কৌশলৰ অংশস্বৰূপে হোৱাট্‌ছএপে হোৱাট্‌ছএপে বিয়পি পৰিছে এটা বিশেষ মেছেজ– ‘২ লাখ লাগে যদি জইন কৰি লোৱা’৷ ইয়াৰ বাবে এটা হোৱাট্‌ছএপ গ্ৰুপো মুকলি কৰা হৈছে৷ যিসকলে মঙলবাৰৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিচাৰিছে, তেওঁলোকক এই হোৱাট্‌ছএপ গ্ৰুপটোত চামিল হ’বলৈ পৰামৰ্শ দিয়া হৈছে৷ ৰাজ্যৰ শ শ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিছে এই বিশেষ হোৱাট্‌ছএপ মেছেজটো৷ হোৱাট্‌ছএপ মেছেজৰ উপৰি তেওঁলোকক জনোৱা হৈছে যে বিজেপিত যোগদান কৰিলে ২ লাখ টকাকৈ দিয়া হ’ব৷ কিন্তু বিজেপি দলে নতুনকৈ যোগদান কৰিবলগীয়া প্ৰতিজন যুৱক-যুৱতীক কি উৎসৰ পৰা ২ লাখকৈ টকা হাতত তুলি দিব!ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক উৎসুকতা আৰু প্ৰশ্নৰ৷ বিজেপিৰ এটা সূত্ৰৰ মতে, বাজেটত মুখ্যমন্ত্ৰী স্ব-নিয়োজন অভিযান আঁচনিৰ অধীনত যি ১,০০০ কোটি টকাৰ প্ৰস্তাৱ দিছে, সেই ধন বিজেপিত নতুনকৈ যোগদান কৰিবলগীয়া এক লাখ যুৱক-যুৱতীৰ মাজত পৰোক্ষভাৱে বিতৰণ কৰা হ’ব৷ ইয়াৰ বাবে বিজেপি যুৱ মৰ্চাই বান্ধি দিছে দলত যোগদানৰ বিশেষ চৰ্ত৷ নিজৰ দলৰ স্বাৰ্থত অন্যান্য হিতাধিকাৰী আঁচনিসমূহ ব্যৱহাৰ কৰাৰ দৰে এইবাৰৰ বাজেটত প্ৰস্তাৱ দিয়া মুখ্যমন্ত্ৰী স্ব-নিয়োজন অভিযান আঁচনিও এতিয়া দলীয় স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপি দল৷ যাৰ বাবে দলটোৰ একাংশ কৰ্মীয়ে এতিয়া এক লাখ যুৱক-যুৱতীক দুই লাখকৈ টকা দিয়াৰ টোপ দি দলৰ সদস্য বৃদ্ধি কৰাৰ কৌশল ৰচনা কৰিছে৷