Logo
image

গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী আৰম্ভ

আমাৰ অসম, ২১ মাৰ্চঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গুৱাহাটী প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত মন্ত্ৰী হাজৰিকাই গুৱাহাটী প্ৰেছ ক্লাবক ৰাজ্য চৰকাৰে আবণ্টন দিয়া  ভূমিত ক্লাবৰ গৃহ নিৰ্মাণকাৰ্যৰ ভাৰ্চুৱেলী শিলান্যাস কৰাৰ লগতে সাংবাদিকৰ সন্তানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গ্ৰহণ কৰা ‘গিফ্‌ট এ চাইল্ড এডুকেশ্যন’ শীৰ্ষক বিশেষ আঁচনিৰো উদ্বোধন কৰে৷ মন্ত্ৰী হাজৰিকাই গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ জ্যেষ্ঠ সাংবাদিকৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷  অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজিৰকাই গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাকালৰ সাংবাদিকসকলক সোঁৱৰণ কৰাৰ লগতে ক্লাবৰ সোণালী জয়ন্তী উপলক্ষে সকলো সদস্যকে অভিনন্দন জ্ঞাপন কৰে৷ ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰায় ২৪৩ বছৰীয়া আৰু অসমৰ সংবাদ জগতৰ প্ৰায় ১৭৫ বছৰীয়া গৰিমাময় ইতিহাসৰ কথা স্মৰণ কৰে৷ তেওঁ কয় যে স্বাধীনতাৰ আগৰ কালচোৱাত দেশৰ প্ৰায় সকলো স্বাধীনতা সংগ্ৰামীয়ে সংবাদ পত্ৰ সম্পাদনা আৰু প্ৰকাশনা কৰাৰ লগত দেশৰ স্বাধীনতা অনাৰ মহান উদ্দেশ্যত জড়িত আছিল৷ তদুপৰি ৰাজা ৰামমোহন ৰায়ৰ দৰে চিৰনমস্য ব্যক্তিয়ে বাতৰি কাকতৰ জৰিয়তে সমাজৰ পৰা সতীদাহ প্ৰথাৰ দৰে কু-সংস্কাৰ আঁতৰাবলৈও প্ৰয়াস কৰিছিল৷ এনে গৰিমাময় ইতিহাসেৰে সমৃদ্ধ আমাৰ সংবাদ মাধ্যমে সমাজত এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ ব্যক্তিসকলক নিজৰ গৰিমা অটুট ৰাখি অধিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়৷ সংবাদ মাধ্যমে আমাৰ দৰে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে সংবাদ মাধ্যমৰ একাংশ ব্যক্তিয়ে ‘ব্ৰেকিং নিউজ’ৰ অঘোষিত প্ৰতিযোগিতাত নামি বাতৰিৰ সত্যাসত্য নিৰূপণৰ প্ৰতি উদাসীন হৈ পৰা দেখা যায়৷ ই আমাৰ সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে৷ চৰকাৰে জনগণৰ কল্যাণৰ বাবে কৰা ভাল কামবোৰ সংবাদ মাধ্যমে মানুহৰ মাজলৈ লৈ যাব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে যদি চৰকাৰে ক’ৰবাত বেয়া কাম কৰিছে সেয়াও সংবাদ মাধ্যমে শক্তিশালী ৰূপত উপস্থাপন কৰিব লাগে৷ আনহাতে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সাংবাদিকৰ কল্যাণৰ বাবে গুৰুত্বসহকাৰে কাম কৰি থকা বুলি মন্ত্ৰী পীয়ূষ হাজিৰকাই ভাষণ প্ৰসংগত দোহাৰে৷ তেওঁ কয় যে প্ৰতি বছৰে সাংবাদিকতাৰ ফেল’শ্বিপ দি থকাৰ লগতে এককালীন সাহায্যও দি থকা হৈছে৷ সাংবাদিকৰ চিকিৎসাৰ ব্যয়সমূহ প্ৰতি মাহৰ ১০ তাৰিখে সভা অনুষ্ঠিত কৰি নিয়মিত ৰূপত মুকলি কৰি থকা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে বৰ্তমান চৰকাৰখনে প্ৰথমৰে পৰাই সংবাদ মাধ্যমসমূহক চৰকাৰী বিজ্ঞাপনৰ বাবে পাবলগীয়া ধনসমূহ নিয়মিতৰূপত মুকলি কৰি আহিছে৷  উল্লেখ্য যে আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক পি জে  বৰুৱা, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড॰ সমুদ্ৰগুপ্ত কাশ্যপ, গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্ছায়ুক্ত আৰু মিশ্যনপ্ৰধান ৰাহুল আমিন আৰু বহুকেইজন জ্যেষ্ঠ সাংবাদিক আৰু গণ্যমান্য ব্যক্তি উপস্থিত আছিল৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে পৰিৱেশন কৰা সমৱেত সংগীতেৰে সোণালী জয়ন্তীবৰ্ষৰ উদযাপনৰ অনুষ্ঠান আৰম্ভ কৰা হয়৷ সমৱেত সংগীতৰ গীতৰ কথা জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰ, সুৰ জ্যেষ্ঠ সাংবাদিক মণি মহন্তৰ৷ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ ৰাখে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে৷ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে৷ অনুষ্ঠানত জুবিন গাৰ্গ, মণীষা হাজৰিকা, দীক্ষু শৰ্মা, মণ্টুমণি শইকীয়া, খগেন গগৈ, দীপলিনা ডেকা, শংকুৰাজ কোঁৱৰ আদি শিল্পীয়ে সংগীত পৰিৱেশন কৰে৷ সাংস্কৃতিক অনুষ্ঠানত সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, শিবাণু বৰা, মনোজ দুৱৰা, অনুপমা ডেকা, পদ্মিনী হাজৰিকা আদিয়ে গীত পৰিৱেশন কৰাৰ লগতে সাংবাদিকৰ দল এটাই বিহুনৃত্য পৰিৱেশন কৰে৷ অনুষ্ঠানৰ আঁত ধৰে ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণাই৷ ইয়াৰ পূৰ্বে আজি পুৱা গুৱাহাটী প্ৰেছ ক্লাবৰ চৌহদত পতাকা উত্তোলনেৰে সোণালী জয়ন্তীবৰ্ষ উদ্‌যাপনৰ শুভাৰম্ভ কৰা হয়৷ মণীষা কলিতাই আঁত ধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে৷ তাৰ পাছত স্মৃতিতৰ্পণ কৰে প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰয়ে৷  বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে৷  পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়া, ধনীৰাম কলিতা, নয়নপ্ৰতীম কুমাৰ, পল্লৱী বৰা, মৌচুমী শৰ্মা বৰুৱা, অনুপমা ডেকা, মুনীন্দ্ৰ ডেকা প্ৰমুখ্যে সাংবাদিকসকলে৷