Logo
image

অসমত ১০ বছৰত ৰে'লৰ খুন্দাত ৩০ টাকৈ বন্যহস্তীৰ মৃত্যুঃ ৰে'লৰ খুন্দাৰ পৰা বন্যহস্তীক ৰক্ষা কৰিবলৈ প্ৰয়োগ হ'ব উন্নত প্ৰযুক্তি

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমকে ধৰি উত্তৰ পূব সীমান্ত ৰে'লৱেৰ (এন এফ আৰ) পৰিসৰৰ অধীনত থকা কেবাখনো ৰাজ্যত হস্তীৰ দণ্ডী তথা এলিফণ্ট কৰিডৰৰ মাজেৰে নিৰ্মাণ কৰিবলগীয়া হৈছে ৰে'লপথ। আনকি বিগত ১০ বছৰত অসমত ৰে'লৰ খুন্দাত মৃত্যু হৈছে ৩০ টাকৈ বন্যহস্তীৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰে'লৰ খুন্দাত যাতে হাতীৰ মৃত্যু হ'বলগীয়া নহয় তাৰ বাবে উন্নত প্ৰযুক্তিৰ প্ৰয়োগ কৰিব। এই  উন্নত প্ৰযুক্তিৰ সহায়ত ৰে'ল চালক, নিকটবৰ্তী ষ্টেচন মাষ্টাৰ, নিয়ন্ত্ৰণ কক্ষই হাতী ৰে'লপথত উঠাৰ লগে লগে জানিব পাৰিব। ফলত ৰে'ল  চালকে সঠিক সময়ত ৰে'ল ৰখাবলৈ সক্ষম হব। এই প্ৰযুক্তি প্ৰদান কৰিব ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান ৰে'লটেইল কৰ্পৰেচন অফ ইণ্ডিয়া লিমিটেডে। 

সোমবাৰে এন এফ ৰে'লৱেৰ মালিগাঁৱস্থিত সদৰ কাৰ্যালয়ৰ মহা প্ৰৱন্ধকৰ সভাগৃহত ৰে'লটেইল আৰু ৰে'লৱে কৰ্তৃপক্ষৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। আনহাতে এন এফ  ৰে'লৱেৰ মহা প্ৰৱন্ধক অংশুল গুপ্তা আৰু ৰে'লটেইলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জয় কুমাৰৰ উপস্থিতিত এন এফ ৰে'লৱেৰ মুখ্য যোগাযোগ অভিযন্তা জি আৰ দাস আৰু ৰে'লটেইলৰ কাৰ্যবাহী সঞ্চালক জাকিৰ ছিদ্দিকীয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এন এফ ৰে'লৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাই কয় যে ৰে'লৰ খুন্দাত কোনো জীৱ-জন্তুৰ মৃত্যু হোৱাটো আমি কামনা নকৰো। বিগত ১০ বছৰত এন এফ ৰে'লৱেৰ পৰিসৰত ৰে'লৰ খুন্দাত ৮৫ টা বনৰীয়া হাতীৰ মৃত্যু হৈছে। ইয়াৰে ৫৫ টা আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনত পশ্চিমবঙ্গৰ ভূমিত আৰু ৩০ টা হাতীৰ মৃত্যু হৈছে লামডিং সংমণ্ডলৰ অধীনস্থ এলেকাত। এই প্ৰযুক্তিৰ সফল প্ৰয়োগ হলে নিশ্চিতভাৱে ৰে'লৰ খুন্দাত হাতী নিহত বা আহত হোৱাৰ পৰা ৰক্ষা পৰিব।  তেনেদৰে ৰে'লপথৰ ওপৰত ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাৰ পৰাও আগতীয়াকৈ এই প্ৰযুক্তিয়ে সংকেত প্ৰদান কৰিব।  

একেটা অনুষ্ঠানত ৰে'লৱেৰ  বিষয়া-কৰ্মচাৰীৰ বাবে আবাস আবণ্টন লাভ কৰাৰ বাবে অনলাইনত আৱেদন জনোৱা সম্পৰ্কীয় পদ্ধতি আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণৰ পাছত কি কৰিব সেই সম্পৰ্কীয় এখন হাতপুথিও উন্মোচন কৰা হয়।  অনুষ্ঠানত এন এফ ৰে'লৱেৰ প্ৰধান মুখ্য যোগাযোগ অভিযন্তা সমীৰ দীক্ষিত, প্ৰধান মুখ্য অভিযন্তা বিনোদ কুমাৰ বাৰ্মা, জ্যেষ্ঠ উপ-মহাপ্ৰবন্ধক ৰাজীৱ মহাজন,  মহাপ্ৰবন্ধকৰ সচিব শুভানন চন্দা, মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচি দেকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ উল্লেখযোগ্য যে ৰে'লটেইলৰ এই উন্নত প্ৰযুক্তিৰ  ব্যৱহাৰৰ বাবে সম্প্ৰতি আজাৰা-কামাখ্যা ৰে'ল ষ্টেচনৰ মাজৰ দীপৰ বিলৰ হস্তী কৰিডৰত ৰে'লপথৰ দাঁতিত অপ্টিকেল ফাইবাৰ কেবল বহুওৱা কাম চলি আছে।