Logo
image

চহৰে-নগৰে বিদ্ৰোহ পৌৰকৰ প্ৰত্যাহাৰ

আমাৰ অসম, ২২ মাৰ্চঃ  ৰাজ্যৰ মুঠ বাৰ্ষিক আয়তকৈ ঋণৰ পৰিমাণ অধিক হোৱাত জনসাধাৰণৰ পৰা কৰ-কাটল সংগ্ৰহৰ কোনো পথেই যেন ৰেহাই দিব বিচৰা নাই চৰকাৰে৷ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে কৰ-কাটলৰ হাৰো বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে৷ চলিত বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্যৰ আয়ৰ পৰিমাণ ১ লাখ ৩৪ হাজাৰ কোটি টকা হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিলেও সম্প্ৰতি অসম চৰকাৰৰ ঋণৰ     পৰিমাণে ১ লাখ ৪০ হাজাৰ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিলে৷ এনে প্ৰেক্ষাপটত ঘাটি জোৰা মৰাৰ বাবে চৰকাৰৰ হাতত কৰ বৃদ্ধিৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে৷ যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে ২৫ শতাংশ পৰ্যন্ত পৌৰ কৰ বৃদ্ধিত অনুমতি জনাইছে৷ ফলত গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাই পৌৰ কৰ কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰাত ৰাজপথলৈ ওলাই আহিছে ক্ষুব্ধ সাধাৰণ জনতা৷ যোৰহাট, গোলাঘাট, মঙলদৈ, তেজপুৰ, বঙাইগাঁও আদি প্ৰতিখন পৌৰ চহৰৰ বাসিন্দাই চৰকাৰৰ এই হঠকাৰী সিদ্ধন্তৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ পৌৰ কৰ বৃদ্ধিৰ হাৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত কৰ পৰিশোধৰ পৰাও বিৰত আছে নাগৰিকসকল৷ নাগৰিকৰ এনে ধাৰাবাহিক আন্দোলনৰ পাছতেই অৱশেষত গোলাঘাট আৰু মঙলদৈ পৌৰ সভাই বৰ্ধিত কৰৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়৷ অৱশ্যে গোলাঘাট আৰু মঙলদৈ পৌৰ প্ৰশাসনে ৰাইজৰ বিদ্ৰোহত বৰ্ধিত পৌৰকৰ প্ৰত্যাহাৰ কৰিলেও আন আন পৌৰ সভাসমূহে পূৰ্বৰ স্থিতিতে আজিও বাহাল আছে৷

প্ৰতিবাদত সেও মানি কৰ বৃদ্ধিৰ নিৰ্দেশ বাতিল মঙলদৈ পৌৰসভাৰ

ৰাজ্যখনৰ নগৰ অঞ্চলত বাস কৰা নাগৰিকৰ গৃহ তথা সম্পত্তিৰ কৰৰ হাৰ অত্যধিক বৃদ্ধিৰ কৰাৰ প্ৰতিবাদত ৰাজ্যৰ আন বিভিন্ন স্থানৰ লগতে মঙলদৈতো পৌৰ এলেকাত বাস কৰা লোকসকলৰ লগতে বহু দল-সংগঠন জাঙুৰ খাই উঠিছে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি আৰু নৱগঠিত মঙলদৈ নগৰ নাগৰিক জাগৰণ মঞ্চই সোমবাৰে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অত্যধিক কৰ বৃদ্ধি বাতিল নকৰাপৰ্যন্ত ক্ষান্ত নহয় বুলি হুংকাৰ দিয়ে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পৌৰ এলেকাৰ নাগৰিকৰ ওপৰত ৰাজ্য চৰকাৰে ব্ৰিটিছ সামৰিক শাসকৰ দৰে জাপি দিয়া কৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰি অসম চৰকাৰৰ জনবিৰোধী নীতি গৰিহণাৰযোগ্য বুলি কয়৷ সংগঠনটোৰ মতে পৌৰ কৰ বৃদ্ধিৰ আগতে পৌৰ এলেকাৰ নাগৰিকৰ মতামত গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন আছিল৷ জনতাৰ কৰ প্ৰদানৰ সামৰ্থৰ কথা বিবেচনা নকৰি একমাত্ৰ কৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰা অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ১০ মাৰ্চত জাৰি কৰা পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ শীঘ্ৰে বাতিল কৰাৰ লগতে অসম পৌৰসভা আইন ১৯৫৬ ৰ প্ৰতি সন্মান জনাই নতুন কৰৰ গাঁথনি নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজহুৱা মতামত গ্ৰহণ কৰাৰ বাবে পৰিষদে দাবী জনায়৷ এই দাবীৰ সমৰ্থনত পৰিষদৰ দৰং সমিতিয়ে সোমবাৰে মঙলদৈ জিলা পুথিভঁৰাল চৌহদত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি সদলবলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিবলৈ অগ্ৰসৰ হোৱাৰ সময়তে প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়াত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি দাহ কৰে৷ এই কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, আমন্ত্ৰিত উপদেষ্টা কমৰুল হক, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিগন্ত ডেকা, মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে’ৰ সভাপতি আনোৱাৰ হুছেইন, উপ-সভাপতি শ্বেখৰ মজুমদাৰ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি পংকজ ডেকা, সাধাৰণ সম্পাদক দুলেন নাথৰ লগতে পৰিষদৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলৰ পৰা দৰং জিলা উপায়ুক্তৰ হৈ দণ্ডাধীশ ইছানুল হুছেইনে যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখন গ্ৰহণ কৰে৷ ইফালে বৰষুণকো নেওচি মঙলদৈ নাগৰিক জাগৰণ মঞ্চৰ আহ্বানত সহস্ৰাধিক নাগৰিক আজি মঙলদৈ সনাতন ধৰ্মসভাত সমবেত হৈ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে অগ্ৰসৰ হওঁতেই আৰক্ষীয়ে বাধা দিয়ে৷ পাছত এটা প্ৰতিনিধিৰ দলে উপায়ুক্ত আৰু পৌৰপতিক স্মাৰক-পত্ৰ দাখিল কৰে৷ স্মাৰক-পত্ৰত বৰ্ধিত পৌৰ কৰ বাতিল কৰাৰ দাবী উত্থাপন কৰা হয়৷ আনহাতে, পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে মঙলদৈত জনজাগৰণ হোৱাত মঙলদৈ পৌৰসভাই বৰ্ধিত কৰৰ পূৰ্বৰ নিৰ্দেশনা অৱশেষত বাতিল কৰিবলৈ বাধ্য হয়৷ পৌৰপতি নিৰ্মালি দেৱী শৰ্মাই এটা নিৰ্দেশনাৰ জৰিয়তে ২০ফেব্ৰুৱাৰীত মঙলদৈ পৌৰসভা এলেকাৰ ১০টা ৱাৰ্ডৰ নাগৰিকসকলৰ সম্পত্তিৰ কৰৰ বাবে প্ৰকাশিত খচৰা তালিকাখন নাগৰিকৰ ওজৰ-আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি খাৰিজ কৰাৰ লগতে ৱাৰ্ড সভাৰ জৰিয়তে নাগৰিকৰ মতামতৰ ওপৰত ভিত্তি কৰি চৰকাৰী নিয়মানুযায়ী পৰৱৰ্তী তথা দ্বিতীয়খন সম্পত্তি কৰৰ খচৰা তালিকা প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰে৷ আনহাতে, সেইদিনাই মঙলদৈ পৌৰসভাৰ উপ-পৌৰপতিৰ কক্ষত মঙলদৈ নগৰ নাগৰিক জাগৰণ মঞ্চৰ সভাপতি ভদ্ৰকান্ত শৰ্মা, কাৰ্যকৰী সভাপতি গিৰীশ চন্দ্ৰ ডেকা, উপ-সভাপতি আনোৱাৰ হুছেইন, প্ৰমোদ শইকীয়া, আইন উপদেষ্টা যুগল কুমাৰ শইকীয়া, সাধাৰণ সম্পাদক জিতেন্দ্ৰ চন্দ্ৰ চন্দ, অমৰজিৎ শ্যাণ্ডিল্য, বসন্ত কুমাৰ শৰ্মা, পঞ্চানন শৰ্মা, জিংকুল আলী আদিৰ লগত পৌৰপতি নিৰ্মালি দেৱী শৰ্মা, আৰু উপ-পৌৰপতি অচ্য়ুৎ কুমাৰ দাসকে ধৰি কেইবাজনো লোক মিলিত হয়৷ এই আলোচনাত অচিৰেই এখন ৰাজহুৱা সভা আহ৩ান কৰি বিষয়টো আলোচনাৰ ভিত্তিত সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য, সভাত নাগৰিক জাগৰণ মঞ্চৰ তৰফৰ ১০ শতাংশ কৰ প্ৰস্তাৱ আগবঢ়োৱা হয়৷

পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলে গোলাঘাট পৌৰসভাই

অসম চৰকাৰৰ শেহতীয়া এক নিৰ্দেশনাক্ৰমে ৰাজ্যৰ পৌৰ এলেকাৰ অধীনৰ গৃহকৰ অস্বাভাৱিক হাৰত বৃদ্ধিক কেন্দ্ৰ কৰি নাগৰিক সমাজৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত অৱশেষত গোলাঘাট পৌৰসভাই নতুন মূল্যাংকনৰ এই পৌৰ কৰ বৃদ্ধিৰ  প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে৷ আজি এক বিবৃতিত গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰাই জনায় যে পৌৰসভাই ৰাইজৰ মতামতৰ প্ৰতি শ্ৰদ্ধা জনাই ইতিমধ্যে নতুন মূল্যাংকনৰ জৰিয়তে যি পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল সেই প্ৰস্তাৱ প্ৰত্যাহাৰৰ লগতে ২২ ফেব্ৰুৱাৰীত জাৰি কৰা পৌৰসভাৰ এই সম্পৰ্কীয় অধিসূচনা বাতিল কৰা হৈছে৷ গোলাঘাট পৌৰসভাই সিদ্ধান্ত গ্ৰহণ কৰে যে পৌৰ আইনৰ ৮৫ নং ধাৰা মতে প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে পৌৰ কৰ বৃদ্ধি কৰাটো যিহেতু বাধ্যতামূলক সেয়ে গোলাঘাট পৌৰসভাই বৰ্তমান যি নিৰিখত কৰদাতাসকলে পৌৰ কৰ দি আহিছে তাৰ ওপৰতে পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিব৷ এই সন্দৰ্ভত প্ৰতিনিধিত্বমূলক নাগৰিক সভা এখন অনুষ্ঠিত কৰি ৰাইজৰ মতামত গ্ৰহণ কৰিব বুলি বিবৃতিত জনায়৷