Logo
image

প্ৰশ্ন অলেখ, সদনত উত্তৰ দিওঁতা নাই

আমাৰ অসম, ২২ মাৰ্চঃ  অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰৰ দিনটোত এক নোহোৱা নোপোজা ঘটনা সংঘটিত হয়৷ অন্য দিনৰ দৰে কালিও পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি পুৱা ঠিক ৯.৩০ বজাৰ লগে লগে বিধানসভাৰ কাম-কাজ আৰম্ভ হয়৷ বিধানসভাৰ অধ্যক্ষই নিজৰ আসনত বহিয়ে বিধায়ক ভৰত চন্দ্ৰ নৰহক নিজৰ প্ৰশ্ন উত্থাপন কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে প্ৰশ্ন উত্তৰ কালৰ প্ৰথম প্ৰশ্নটোৱে আছিল বিধায়ক নৰহৰ৷ পৰম্পৰা অনুসৰি অধ্যক্ষই প্ৰশ্ন নম্বৰটো আৰু প্ৰশ্ন সোধা বিধায়কজনৰ নামটো উল্লেখ কৰাৰ পিছতে বিভাগীয় মন্ত্ৰীয়ে উত্তৰ সদনৰ মেজত দিয়া আছে বুলি কব লাগে৷ কিন্তু অধ্যক্ষই প্ৰশ্নকৰ্তা আৰু প্ৰশ্ন নম্বৰ উল্লেখ কৰাৰ পিচতো ইয়াৰ উত্তৰ দিবলৈ সেই সময় পৰ্যন্ত সদনত উপস্থিত হোৱা নাছিল বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস৷ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে এপিএছচি বিষয়া নিযুক্ত সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগক প্ৰশ্ন সুধিছিলে৷ কিন্তু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সদনত উপস্থিত নোহোৱাত বিধায়ক নৰহে বিষয়টো উত্থাপন কৰি কয় যে মন্ত্ৰী নাই, মোৰ প্ৰশ্নৰ উত্তৰ কোনে দিব৷ বিধায়কৰ প্ৰশ্ন উত্তৰ দিবলৈ সদনত মন্ত্ৰী উপস্থিত নথকা বিষয়টোৱে বিধায়কসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ ইয়াৰ কিছু সময় পিছতে দৌৰা দৌৰি কৈ মন্ত্ৰী দাসে সদনত উপস্থিত হৈ কয় যে ভৰত চন্দ্ৰ নৰহে এপিএছচিৰ যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটো সাধাৰণ প্ৰশাসন বিধায়কৰ নহয়৷ পাৰ্চনেল বিভাগেহে এই প্ৰশ্নৰ উত্তৰ দিব৷ মন্ত্ৰীজনৰ প্ৰশ্ন উত্তৰত ক্ষুব্ধ হৈ পৰে কংগ্ৰেছ বিধায়কসকল৷ পিছত বিষয়টোত অধ্যক্ষই ৰুলিং দি কয়–নিজৰ বিভাগৰ প্ৰশ্ন নহয় বুলি কোৱাৰ পিচতো বহু বিভাগে সেই প্ৰশ্ন বিলাক বিধানসভালৈ পঠিয়াই দিয়ে৷ এইটো উচিত কাৰ্য নহয়৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্য সচিব আৰু বিভাগসমূহৰ প্ৰধান সচিবৰে এই বিষয়টো আলোচনা কৰিছিলো৷ যি সমূহ প্ৰশ্ন নিজৰ বিভাগৰ আওতাত নপৰে সেই প্ৰশ্ন সমূহ সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ আজি ভৰত নৰহে সাধাৰণ প্ৰশাসন বিভাগক যিটো প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নটো যিহেতু সাধাৰণ প্ৰশাসন বিভাগৰ নাছিলে তেওঁলোকে এইটো পাৰ্চনেল বিভাগলৈ প্ৰেৰণ কৰিব লাগিছিলে৷ উল্লেখ্য যে বিধায়কৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰী অনুপস্থিত থকাই নহয়, বহু বিধায়কেও প্ৰশ্ন সোধাৰ পিছতো বিধানসভাত উপস্থিত নথকাটো নিয়মত পৰিণত হৈছে৷