Logo
image

এইবাৰ ১৪৪ ধাৰাৰ মাজত হ’ব এপিএছচি পৰীক্ষা

আমাৰ অসম, ২২ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ চাঞ্চল্যৰ মাজতে সমাগত ২৬ মাৰ্চত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা৷ ৰাজ্য প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটোক লৈ যাতে কোনো বিতৰ্ক তথা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম লোকসেৱা আয়োগে৷ ২৬ মাৰ্চৰ প্ৰাৰম্ভিক পৰীক্ষাত পৰীক্ষাৰ্থীৰ মোবাইল-ঘড়ী নিষিদ্ধ কৰাই নহয়, প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ অৰ্থাৎ ১৪৪ ধাৰা জাৰি কৰি কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত  কৰিব এপিএছচি পৰীক্ষা৷ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১৪৪ ধাৰা জাৰিৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰতিখন জিলাৰে জিলা দণ্ডাধীশ তথা উপায়ুক্তই৷ এপিএছচি কতৃৰ্পক্ষই সদৰী কৰা মতে এইবাৰৰ প্ৰাৰম্ভিক পৰীক্ষাত ৭৪,৩৬৪জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব৷ ৰাজ্যৰ মুঠ ৩১ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব প্ৰাৰম্ভিক পৰীক্ষা৷ ইফালে লোকসেৱা আয়োগে জাননী যোগে ৯১৩টা পদৰ আৱেদনকাৰীসকলক এডমিট কাৰ্ডসমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ বিগত ৬ মাৰ্চৰ পৰা পৰীক্ষাৰ্থীসকলে এডমিট ডাউনলোডৰ সুবিধা লাভ কৰিছে৷ ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা মুঠ দুটা ভাগত অনুষ্ঠিত হ’ব৷ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে লগত লৈ যাব পাৰিব৷ জাননীখনত লগতে সদৰী কৰা অনুসৰি পৰীক্ষাৰ্থীসকলে কোনোধৰণৰ ঘড়ী পৰীক্ষা কেন্দ্ৰলৈ লগত লৈ যাব নোৱাৰিব৷ প্ৰয়োজন সাপেক্ষে পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ পৰা সময়ৰ বিষয়ে অৱগত হ’ব পাৰিব৷ সমান্তৰালকৈ আন আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৰেই মোবাইল ফোন নিষিদ্ধ হ’ব এই পৰীক্ষাত৷ ইফালে এপিএছচিৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত ৰাকেশ পালে জালিয়াতে বাছনি কৰা ৩৪জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত বিধানসভাত সৰৱ হৈ পৰা দেখা গ’ল কংগ্ৰেছ বিধায়ক ভৰত নৰহক৷ বিধায়ক নৰহে বিধানসভাত প্ৰশ্ন কৰিও এপিএছচি কেলেংকাৰিৰ সন্দৰ্ভত চৰকাৰৰ পৰা কোনো সদুত্তৰ লাভ নকৰাত সংবাদ মাধ্যমৰ আগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৩৪ জন বিষয়াক দোষী সাব্যস্ত কৰাৰ পাছতো বিষয়টোক লৈ কেবিনেট উপ-সমিতি গঠন কৰি আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰা কাৰ্যক লৈও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ বিধায়কজনে৷ মঙলবাৰে বিধানসভাৰ চৌহদত  ভৰত নৰহে সংবাদ মাধ্যমৰ আগত কয়–‘এ পি এছ চি কেলেংকাৰিক লৈ চৰকাৰ ‘ছিৰিয়াছ’ নহয়৷ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বিষয়াসকলক এইখন চৰকাৰে পদোন্নতিহে দিছে৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এই কেলেংকাৰি পোহৰলৈ আহিছিল যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অভিযুক্তসকলৰ বিৰুদ্ধে ‘একশ্বন’ ল’ব বিচৰা নাই৷ বৰঞ্চ অভিযুক্তসকলক ৰক্ষণাবেক্ষণহে দিছে৷ কেলেংকাৰি তদন্ত প্ৰক্ৰিয়াটো দীঘলীয়া কৰাৰ বাবে কেবিনেট উপ-সমিতি গঠন কৰিছে৷ সেইবাবে এই গুৰুত্বপূৰ্ণ বিষয়টো পৰৱৰ্তী সময়ত বিধানসভাত উপস্থাপন কৰাৰ বাবে বিধানসভাৰ নিয়ম অনুসৰি প্ৰচেষ্টা হাতত লম৷’