Logo
image

বতাহত হেৰাই গ’ল অমৃতপাল

আমাৰ অসম, ২৩ মাৰ্চঃ  চক্‌ দে ফট্টে, নাপ দে কিল্লি, ৰাত নু জলন্ধৰ, সবেৰে দিল্লী– বহু ব্যৱহূত আৰু জনপ্ৰিয় এই পাঞ্জাৱী লোককথাৰ প্ৰবচনটোৰ দৰেই হঠাৎ উৱাদিহ নোহোৱা হৈ পৰিল ৰাজ্যখনত খালিস্তান আন্দোলনক পুনৰ সক্ৰিয় কৰি তোলা ৩০ বছৰীয়া বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিং৷ যোৱা বছৰ আগষ্টলৈকে ডুবাইত নিজে ট্ৰাক চলাই পৰিয়ালৰ পৰিবহণ ব্যৱসায় পৰিচালনা কৰিছিল অমৃতপাল সিঙে৷ আগষ্টৰ শেষত ডুবাইৰ পৰা পঞ্জাৱলৈ আহি যোৱা ৬ মাহত সক্ৰিয় কৰি তুলিছিল খালিস্তানৰ দাবীত বিগত ৩০ বছৰে  উমি উমি জ্বলি থকা জুই৷ ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ইখনৰ পাছত সিখন সভা অনুষ্ঠিত কৰি, খালিস্তান নামৰ পৃথক দেশৰ সমৰ্থনত আৰু ভাৰত বিৰোধী বক্তৃতা দি মাথোঁ ৬ মাহতে দ্বিতীয় ভিন্দ্ৰানৱালেত পৰিণত হৈছিল অমৃতপাল সিং৷ তেওঁৰ সংগঠনে বিগত ছমাহত বিদেশৰ পৰা প্ৰভুত পৰিমাণৰ ধন সংগ্ৰহ কৰি বুলেটপ্ৰুফ জেকেটৰ লগতে অবৈধ অস্ত্ৰ-শস্ত্ৰও ক্ৰয় কৰিছিল৷ কিছুদিন পূৰ্বে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ ভাবুকি দিছিল৷ তাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ তলৱ কৰি নি ‘ৱাৰিছ পঞ্জাৱ দে’ সংগঠনটো উৎখাত কৰিবলৈ আৰু অমৃতপাল সিঙকে ধৰি তেওঁৰ সকলো সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল৷ দিল্লীৰ পৰা পঞ্জাৱলৈ প্ৰেৰণ কৰা হৈছিল ১৮ টা চি আৰ পি এফৰ কোম্পানী৷ জি-২০ বৈঠক অনুষ্ঠিত হৈ থকাৰ বাবে এপষেক অপেক্ষা কৰি কেন্দ্ৰীয় বাহিনী আৰু পঞ্জাৱ আৰক্ষীয়ে যোৱা শনিবাৰৰ পৰা অমৃতপাল সিং আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ দুদিনৰ ভিতৰত সংগঠনটোৰ শতাধিক নেতা আৰু অনুগামীক গ্ৰেপ্তাৰ কৰিলেও হঠাতে যেন বতাহৰ সৈতে মিলি গ’ল অমৃতপাল সিং৷ 

পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং কেনেদৰে পলাই গ’ল আৰু কোন দিশে গ’ল সেই সন্দৰ্ভত তথ্য আগবঢ়াই থকাৰ বাহিৰে তেওঁনো ক’ত আছে বা ক’ত থাকিব পাৰে তেনে সম্ভাৱ্য স্থানৰ বিষয়ে প্ৰকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং পলাই যোৱা একাধিক চিচিটিভি ফুটেজ প্ৰকাশ কৰিছে৷ সেই ফুটেজত দেখা গৈছে, অমৃতপাল সিঙে প্ৰথমে এখন মাৰ্ছিডিজ গাড়ীৰ পৰা নামি সংগীয়ে চলাই যোৱা মাৰুতি ব্ৰীজা গাড়ীত উঠি পলায়ন কৰে৷ ব্ৰীজা গাড়ীখনে টোলগেট পাৰ হোৱা ফুটেজ ভাইৰেল হৈ পৰিছে৷ তাৰ পাছতে তেওঁ জলন্ধৰৰ এটা গুৰুদ্বাৰত পোচাক সলনি কৰে আৰু মটৰ চাইকেলত উঠি সতীৰ্থৰ সৈতে পলায়ন কৰে৷ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধেও এন এছ এ অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইন আৰোপ কৰিছে৷ আৰক্ষীয়ে সন্দেহ কৰিছে, অমৃতপাল সিঙে দাড়ি-চুলি কাটি নিজৰ চেহেৰা সলনি কৰি পেলাইছে৷ জলন্ধৰৰ গুৰুদ্বাৰত বন্দুক দেখুৱাই তেওঁ আহাৰ গ্ৰহণ কৰা বুলিও আৰক্ষীয়ে দাবী কৰিছে৷ আৰক্ষীয়ে বুধবাৰে অমৃতপাল সিঙৰ দাড়ি থকা আৰু নথকা বিভিন্ন ফটো প্ৰচাৰ কৰিছে৷ তেওঁলোকৰ আশংকা অমৃতপাল সিঙে দাড়ি কাটি মুণ্ডা পাঞ্জাৱীৰ দৰে বেশভূষা সলনি কৰি পলায়ন কৰিব পাৰে৷ বুধবাৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ নৱবিবাহিতা পত্নী কিৰণদ্বীপ কৌৰক  জেৰা কৰে আৰু অমৃতপালৰ সংগঠনলৈ বিদেশৰ ক’ৰ ক’ৰ পৰা ধন আহিছে সেই সন্দৰ্ভত সোধা-পোছা কৰে৷ তেওঁলোকে অমৃতপালৰ অৱস্থিতিৰ সন্দৰ্ভত পত্নীৰ পৰা তথ্য জানিবলৈ চেষ্টা কৰে৷ কিন্তু পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং সন্দৰ্ভত প্ৰদৰ্শন কৰা এই আচৰণত সন্দেহ প্ৰকাশ কৰিছে তেওঁৰ পৰিয়ালে৷ ইতিমধ্যে তেওঁৰ আৰক্ষীৰ হাতত কেনেবাকৈ প্ৰাণহানি হোৱা বুলিও পৰিয়ালৰ ঘনিষ্ঠই আশংকা প্ৰকাশ কৰিছে৷ এনে সন্দেহৰ ফলতে উঠি আহিছে ভুৱা এনকাউণ্টাৰৰ প্ৰসংগ৷ বতাহত অমৃতপাল সিং যিদৰে মিলি গ’ল সেয়া তেওঁ ‘চক্‌ দে ফট্টে, নাপ দে কিল্লি, ৰাত নু জলন্ধৰ, সবেৰে দিল্লী’ৰ দৰে নিজেই পলাই গৈছে নে ইতিমধ্যে আৰক্ষীয়ে তেওঁক এনকাউণ্টাৰ কৰিছে– সেই আশংকা কৰিছে অমৃতপালৰ পৰিয়ালে৷ যোৱা দেওবাৰে অমৃতপাল সিঙৰ পিতৃয়ে তেওঁৰ পুত্ৰক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি সজোৰে দাবী কৰিছিল৷ আৰক্ষীয়ে তেওঁক গোপন ঠাইত লুকুৱাই ৰখা বুলিও অমৃতপালৰ পিতৃয়ে দাবী কৰি আছে৷ এনে পৰিস্থিতিত যোৱা দেওবাৰৰ দৰে পুনৰ বুধবাৰেও ‘ৱাৰিছ পঞ্জাৱ দে’ সংগঠনৰ আইনী উপদেষ্টা তথা অধিবক্তা ইমন সিং খেড়াই মঙলবাৰেও অমৃতপাল সিঙক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে৷ তেওঁ ইিতমধ্যে পঞ্জাৱ-হাৰিয়ানা উচ্ছ ন্যায়ালয়ত অমৃতপাল সিঙক প্ৰত্যক্ষীকৰণৰ দাবী তুলি ‘হেবিয়াছ কৰ্পাছ’ দাখিল কৰিছিল৷ সেই আবেদনৰ প্ৰত্যুত্তৰত মঙলবাৰে উচ্ছ ন্যায়ালয়ে ইয়াৰ শুনানি চাৰিদিন পিছুৱাই দিছে৷ উচ্ছ ন্যায়ালয়ে এটা চমু ৰায়ত কয় যে, যিহেতু পঞ্জাৱ আৰক্ষীয়ে এতিয়াও অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা বুলি আদালতক জনোৱা নাই, সেয়ে তেওঁলোকে হেবিয়াছ কৰ্পাছৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অক্ষম৷ পিছে ইয়াৰ বিপৰীতে ইমন সিং খেৰাই পুনৰ দাবী কৰি কৈছে যে, যোৱা দেওবাৰেই পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিছে৷ তেওঁলোকে অবৈধ আৰ বে-আইনীভাৱে অমৃতপালক নিজৰ কব্জাত ৰাখিছে৷ ইমন সিং খেড়াই আশংকা প্ৰকাশ কৰি কয়, পঞ্জাৱ আৰক্ষীয়ে যিকোনো মুহূৰ্ততে অমৃতপাল সিঙক ভুৱা এনকাউণ্টাৰৰ জৰিয়তে হত্যা কৰিব পাৰে৷ সেয়ে তেওঁ বাৰম্বাৰ আদালতক বন্দী প্ৰত্যক্ষীকৰণৰ জৰিয়তে অমৃতপাল সিঙক আৰক্ষীৰ দ্বাৰা ৰাজহুৱাভাৱে দেখুৱাব লাগে বুলি দাবী কৰিছে৷ তেওঁৰ মতে যিকোনো মুহূৰ্তত, দেশৰ যিকোনো স্থানত অমৃতপাল সিঙক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিব৷  সেয়ে এই দুই বিপৰীত ভাষ্যৰ ফলত তীব্ৰ সন্দেহৰ সৃষ্টি হৈছে– অমৃতপাল সিং বতাহত হেৰাই গ’ল নেকি? 

একেই সন্দেহত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা আৰু ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজত বন্দী কৰি ৰখা অমৃতপাল সিঙৰ সহযোগী দলজিৎ সিং কালছিৰ পত্নী নৰিন্দৰ কৌৰে বুধবাৰে তেওঁৰ স্বামীৰ হৈ পঞ্জাৱ-হাৰিয়ানা উচ্ছ ন্যায়ালয়ত হেবিয়াছ কৰ্পাছ দাখিল কৰিছে৷ অমৃতপালৰ দৰে দলজিৎ সিঙকো পঞ্জাৱ আৰক্ষীয়ে গোপনে ৰখা বুলি তেওঁৰ পত্নীয়ে আদালতত অভিযোগ উত্থাপন কৰিছে৷ পিছে আদালতে এই হেবিয়াছ কৰ্পাছ বা বন্দী প্ৰত্যক্ষীকৰণৰ আবেদনৰ শুনানি অমৃতপালৰ শুনানিৰ সৈতে একেলগে ২৮ মাৰ্চত গ্ৰহণ কৰিব বুলি কৈছে৷ উল্লেখ্য, সম্প্ৰতি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত দলজিৎ সিং কালছি, বসন্ত সিং, গুৰমীত সিং ভূষণৱালা, ভগৱন্ত সিং, হৰিজিৎ সিং, গুৰিন্দৰ পাল আৰু অৰ্পিত সিঙক  বন্দী কৰি ৰখা হৈছে৷ ইয়াৰে হৰিজিৎ সিং হৈছে অমৃতপাল সিঙৰ খুৰাক আৰু অৰ্পিত সিং হৈছে তেওঁৰ গাড়ীৰ চালক৷ আনহাতে, দলজিৎ সিং পঞ্জাৱৰ এজন স্বল্পখ্যাত গায়ক তথা অভিনেতা৷ তেওঁ অমৃতপাল সিঙৰ আটাইতকৈ ঘনিষ্ঠ সহযোগী৷ এই আঠ বিচ্ছিন্নতাবাদী নেতাৰ বিৰুদ্ধে ইতিমধ্যে ৰাষ্ট্ৰীয় সুৰক্ষা আইন আৰোপ কৰা হৈছে৷ এই আইনৰ অধীনত বিচাৰ নকৰাকৈ আৰু কোনোধৰণৰ সোধা-পোছা নকৰাকৈ যিমান দিনলৈ ইচ্ছা সিমান দিনলৈ ৰাষ্ট˜ই অভিযুক্তক বন্দী কৰি ৰাখিব পাৰে৷ তেওঁলোকক দেশৰ যিকোনো কাৰাগাৰত ৰখাতো আপত্তি নাই৷ ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত নতুনকৈ সাতটা চিচি টিভি স্থাপন কৰা হৈছে আৰু পুৰণি পাঁচটা চিচি টিভি মেৰামতি কৰি স্বচ্ছল কৰি তোলা হৈছে৷ সামগ্ৰিকভাৱে অতিশয় নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে এই আঠ বন্দীক৷ তাৎপৰ্যপূৰ্ণভাৱে যোৱা দেওবাৰে চাৰিজন বন্দীক ডিব্ৰুগড়লৈ আনোতে তাৰে এজন অমৃতপাল সিং বুলি এটা বিশ্বস্ত সূত্ৰই দাবী কৰিছিল৷ পিছে এতিয়া অসম তথা পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰা আঠজন বন্দীৰ নামৰ ভিতৰত এজনো অমৃতপাল সিং নহয়৷ সেয়ে হঠাতে অমৃতপাল সিং ক’ত বতাহত হেৰাই গ’ল বুলি প্ৰশ্ন উঠিছে৷