Logo
image

কোন এই বাগেশ্বৰ বাবা

আমাৰ অসম, ২৩ মাৰ্চঃ চাৰ্টাৰ্ড বিমানত উঠি বুধবাৰে গুৱাহাটীলৈ আহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ বাঘ বুলি বাগেশ্বৰ বাবা প্ৰকৃততে কোননো বুলি ৰাজ্যজুৰি কৌতুহলৰ সৃষ্টি হৈছে৷ অৱশ্যে তেওঁৰ অনুগামীৰ বাবে  ২৬ বছৰীয়া সুদৰ্শন এই বাবা মুঠেই অপৰিচিত নহয়৷ এনেকবাৰে অপৰিচিতসকলে পিছে এই বাবাক লৈ চৰম কৌতুহল দেখুৱাইছে৷ একেদিনাই আহিয়েই চৰম ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিবলৈ সুযোগ পোৱা এই বাবা বেচ ক্ষমতাশালী বুলি দিনজুৰি ৰাজ্যত চৰ্চা হৈছে৷ খবৰ ৰখা অনেকেই জানে এই যুৱ বাবা কিছু পৰিমাণে বিতৰ্কিতও৷তেওঁৰ মূল নাম ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী৷ জন্ম ১৯৯৬ চনৰ ৪ জুলাইত মধ্যপ্ৰদেশৰ চতৰপুৰ জিলাত৷ তেওঁৰ পিতৃৰ নাম ৰাম কৃপাল গাৰ্গ আৰু মাতৃৰ নাম সৰোজ গাৰ্গ৷ বি এ পাছ এই ধীৰেন্দ্ৰ শাস্ত্ৰী তেনেই কম বয়সতে ধৰ্মীয় গুৰুত পৰিণত হয় আৰু অসংখ্য অনুগামীৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ চতৰপুৰত তেওঁ বাগেশ্বৰ ধাম নামৰ এখন আশ্ৰম নিৰ্মাণ কৰে, য’ত বাগেশ্বৰ হনুমানৰ আৰাধনা হয়৷ বাগেশ্বৰ বাবাই তেওঁৰ ওচৰলৈ অহা যিকোনো অনুগামীৰ ভূত-ভৱিষ্যৎ মুখলৈ চাইয়েই এখন কাগজত লিখি জনাই দিব পাৰে৷ এনেদৰে অনুগামীৰ সঠিক ভৱিষ্যৎবাণী কৰি তেওঁ খুব কম দিনৰ ভিতৰত বিখ্যাত হৈ পৰে৷ বাগেশ্বৰ বাবাই দাবী কৰা অনুসৰি ৰামভক্ত হনুমান নিৰ্দেশত তেওঁ বাগেশ্বৰ ধাম প্ৰতিষ্ঠা কৰে৷ তেওঁ নিজকে তেনেই সাধাৰণ ব্যক্তি বুলি ক’লেও অনুগামীৰ বাবে তেওঁ এজন অতি ক্ষমতাশালী আৰু প্ৰভাৱশালী বাবা৷ সেই আশ্ৰমত এই যুৱ বাবাই দিব্য দৰবাৰ নামে সমাৱেশৰ আয়োজন কৰে, য’ত শাৰীৰিকভাৱে সমস্যাত থকা, মানসিক সমস্যাত ভোগা, আৰ্থিক সমস্যাত ভোগা আৰু সামাজিক সমস্যাত ভোগা ব্যক্তিক তেওঁ সমাধান দিয়ে৷ সমাধানৰ বাবে তেওঁ সেই শক্তি হনুমানৰ পৰা লাভ কৰা বুলি দাবী কৰে৷ যুৱ বয়সতে বাবা হৈ প্ৰভূত সম্পত্তিৰ অধিকাৰী হৈ পৰা এই বাগেশ্বৰ বাবা ইতিমধ্যে বহু বিতৰ্কত জড়িত হৈ পৰিছে৷ তেওঁৰ দিব্য দৰবাৰত শ্যাম মানৱ নামৰ নাগপুৰৰ এজন ব্যক্তিয়ে বাবাৰ ক্ষমতাক লৈ প্ৰত্যাহ্বান আগবঢ়ালেও বাগেশ্বৰ বাবাই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল৷ উল্লেখ্য, চলিত বছৰৰ জানুৱাৰীত বাগেশ্বৰ বাবাই প্ৰায় তিনিশ হিন্দুৰ পৰা খ্ৰীষ্টান ধৰ্ম লোৱা লোকক পুনৰ হিন্দু ধৰ্মত দীক্ষিত কৰি চৰ্চালৈ আহে৷ বাগেশ্বৰ বাবাৰ বিৰদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হ’লেও তেওঁৰ সমৰ্থনত থিয় হয় স্বামী ৰামদেৱ, সদগুৰু, জাগী বসুদেৱ, ৰামভদ্ৰাচাৰ্য, সাধবী প্ৰাচী, প্ৰজ্ঞা ঠাকুৰ,  গিৰিৰাজ সিঙৰ দৰে বিখ্যাত হিন্দু বাবা আৰু ৰাজনীতিবিদ৷ যোৱা ২০ জানুৱাৰীত বাগেশ্বৰ বাবাৰ দিব্য দৰবাৰত পাঁচ লাখ ভক্তৰ সমাৱেশ ঘটিছিল৷ পৰৱৰ্তী সময়ত তেওঁলোকে দিল্লীৰ যন্তৰ-মন্তৰত বাগেশ্বৰ বাবাৰ সপক্ষে মত প্ৰচাৰ কৰি এক সমাৱেশৰ আয়োজন কৰে৷ তেওঁৰ বিৰুদ্ধে নাগপুৰৰ শ্যাম মানৱে উত্থাপন কৰা অভিযোগৰ ক্ষেত্ৰত ইতিমধ্যে নাগপুৰ আৰক্ষীয়ে ক্লিনশ্বিট দিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ২৬ বছৰ বয়সতে বাগেশ্বৰ বাবাই দেশৰ বহু শক্তিশালী ৰাজনীতিবিদক বশ কৰি লৈছে৷ তাৰে অধিকাংশই শাসনাধিষ্ঠিত বিজেপি দলৰ নেতা-মন্ত্ৰী৷