Logo
image

দিল্লীত পোষ্টাৰ যুদ্ধ, আপৰ বিৰুদ্ধে গোচৰ

আমাৰ অসম, ২৩ মাৰ্চঃ মঙলবাৰে মাজনিশা দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীবিৰোধী অসংখ্য পোষ্টাৰেৰে ভৰি পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ সেই পোষ্টাৰ প্ৰকাশ কৰা কোনো সংগঠন অথবা ব্যক্তিৰ নাম পোষ্টাৰবোৰত  উল্লেখ কৰা নাছিল৷ প্ৰকাশন আইন অনুসৰি কোনো পোষ্টাৰ ব্যৱহাৰ কৰিলে সংগঠন অথবা ব্যক্তিৰ নাম প্ৰকাশক হিচাপে উল্লেখ থকা অপৰিহায্য৷ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধাচৰণ কৰি এনেদৰে নিশাটোৰ ভিতৰতে দিল্লীৰ বিভিন্ন অঞ্চল পোষ্টাৰেৰে ভৰি পৰা ঘটনা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ দিল্লী আৰক্ষীয়ে এনে আপত্তিজনক পোষ্টাৰৰ বিষয়ে জানিব পাৰি নিশাৰ পৰাই তেনে পোষ্টাৰ ফালি পেলোৱা আৰু অপসাৰণ কৰাৰ কামত যুদ্ধকালীন ক্ষীপ্ৰতাৰে নামি পৰে৷ দিল্লী আৰক্ষীয়ে কেইবাহাজাৰো পোষ্টাৰ ফালি পেলায়৷ পুৱতি নিশাৰ পৰা বুধবাৰে আগবেলালৈকে দিল্লী আৰক্ষীয়ে এই অভিযানত কেইবাশ আৰক্ষী নিয়োগ কৰিবলৈ বাধ্য হয়৷ অধিকাংশ পোষ্টাৰতে ‘মোদী হটাও, দেশ বচাও’ শ্লোগান লিখা আছিল৷ আনহাতে বহু পোষ্টাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক বাক্য আৰু শ্লোগান ব্যৱহাৰ কৰা হৈছিল৷ পোষ্টাৰ ফালি হোৱাৰ পাছৰ পৰাই আৰক্ষীয়ে সেই পোষ্টাৰ কোনে লগাইছিল তাক উদ্ধাৰ কৰিবলৈ অভিযানত নামি পৰে৷ দিল্লীৰ বিভিন্ন থানাত আৰক্ষীয়ে ১০০ ৰো অধিক গোচৰ তৰে৷ ইতিমধ্যে এই ঘটনা সংক্ৰান্তত সন্দেহবশতঃ মুঠতে ৬ জন লোকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ তদুপৰি দিল্লী আৰক্ষীয়ে পোষ্টাৰ ছপা কৰা কমেও দুটা প্ৰেছ চিহ্নিত কৰিছে৷ দিল্লী আৰক্ষীয়ে এই কাম আম আদমি পাৰ্টী বা সেই দলৰ সমৰ্থকে কৰা বুলি সন্দেহ কৰি আপৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে সমগ্ৰ দিনটো অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে৷ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত দ্বীপেন্দ্ৰ পাঠকে সংবাদ সংস্থা এ এন আইক জনোৱা অনুসৰি পোষ্টাৰৰ এই ঘটনাত ‘প্ৰিণ্টিং প্ৰেছ আইন আৰু সম্পত্তিৰ ক্ষতিসাধন বিৰোধী আইন’ৰ ধাৰাত শতাধিক গোচৰ ৰুজু কৰা হৈছে৷ অধিকাংশ গোচৰৰে অভিযুক্ত হৈছে আম আদমিৰ পাৰ্টীৰ সমৰ্থক অথবা সদস্য৷ এই পোষ্টাৰ কাণ্ডত ৰাজনৈতিক দলৰ হাত থকা বুলি আৰক্ষীয়ে মুকলিকৈ সন্দেহ প্ৰকাশ কৰিছে৷ কিয়নো ইতিমধ্যে পোষ্টাৰ ভৰ্তি কৰি থোৱা এখন গাড়ী আপৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি জব্দ কৰিছে৷ আনহাতে, আপৰ দাবী তেওঁলোকক বদনাম কৰাৰ বাবে বিজেপিয়ে নিজেই এই কাম সংঘটিত কৰিছে৷