Logo
image

দিনত মৰিশালিৰ নিৰ্জনতা সাহিত্যৰথীৰ ঘৰত, নিশা অসামাজিক আড্ডা

আমাৰ অসম, ২৪ মাৰ্চঃ যিগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ বাবে মূৰ দাঙি আছে অসমীয়া জাতি, যাৰ বাবে আজিৰ অৱস্থাত উপনীত হৈছে অসমীয়া ভাষা– সেইগৰাকী ব্যক্তি আজি যেন পদে পদে অপমানিত, উপেক্ষিত৷ হয়, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈছোঁ৷ ২৬ মাৰ্চৰ দিনটো আহিলেই এইজনা বৰেণ্য ব্যক্তিলৈ মনত পৰে চৰকাৰৰ, বিভিন্ন দল-সংগঠনৰ৷ কিন্তু স্মৃতিদিৱস পাৰ হৈ গ’লেই যেন সকলো শেষ! সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহৰ বৰ্তমানৰ অৱস্থাই সেই কথা স্পষ্টভাৱে উদঙাই দিয়ে৷ ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত এতিয়া দিনত মৰিশালিৰ নিৰ্জনতা, নিশাৰ ভাগত বহে অসামাজিক আড্ডাা৷ আজিৰ তাৰিখত মদ-জুৱাৰ আড্ডাস্থলীত পৰিণত হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ ঘৰটো৷ 

বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ চাবলৈ নাই এজন কেয়াৰটেকাৰ, নাই কোনো কৰ্মচাৰী৷ জাতিৰ প্ৰতি অতি দায়বদ্ধ বুলি দাবী কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰে বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ চোৱাচিতা কৰিবৰ বাবে এজন কেয়াৰটেকাৰো নিয়োগ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ৰাজ্যৰ বহু সচেতন ব্যক্তি আৰু সংগঠনে৷ উল্লেখ্য, বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ পুনৰ্নিৰ্মাণ কৰিছিল ইনটাক নামৰ সংস্থাটোৱে৷ ওড়িশা চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এখন দলঙৰ বাবে ৫ বছৰ পূৰ্বে ধূলিস্যাৎ হোৱাৰ উপক্ৰম হৈছিল বেজবৰুৱাৰ সম্বলপুৰৰ সেই ঐতিহ্যমণ্ডিত বাসগৃহটো৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে হাহাকাৰ লাগিছিল ৰাজ্যত৷ মহানদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে ওড়িশা চৰকাৰে বেজবৰুৱাৰ ঘৰটো অধিগ্ৰহণ কৰি ভাঙি পেলোৱাৰ প্ৰস্তুতি চলাইছিল৷ ওড়িশা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমত প্ৰৱল জনমত গঠন হোৱাৰ পাছত অসম চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰি বেজবৰুৱাৰ বাসগৃহটো ভাঙি পেলোৱাত বাধা প্ৰদান কৰে৷ পৰৱৰ্তী সময়ত ইনটাকে বেজবৰুৱাৰ বাসগৃহটো পুনৰ্নিৰ্মাণ কৰে৷ কিন্তু যাৱতীয় পৰিকল্পনাৰ অভাৱ আৰু অসম চৰকাৰৰ লজ্জাজনক অনীহাৰ বাবে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সেই ঘৰটো মদ-জুৱাৰ আড্ডাত পৰিণত হোৱাৰ খবৰ পাই স্বাভাৱিকতে হতভম্ব হৈ পৰিছে ৰাজ্যৰ সচেতন মহল৷ 

এই ঐতিহ্যপূৰ্ণ ঘৰটো চোৱাচিতা কৰিবলৈ এজন কেয়াৰটেকাৰ, এজন আবাসিক বিষয়া নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে বিভিন্নজনে৷ উল্লেখ্য, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস, ২৬ মাৰ্চৰ দিনটো অসম সাহিত্য সভাই ‘সাহিত্য দিৱস’ হিচাপে পালন কৰি আহিছে৷ সভাই কেন্দ্ৰীয়ভাৱে এইবাৰ বেজবৰুৱাৰ স্মৃতি দিৱসৰ অনুষ্ঠানটি গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ৰসৰাজ বেজবৰুৱা শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লৈছে৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই জনোৱা মতে, প্ৰতিখন জিলা আৰু শাখা সভাই তেওঁলোকৰ অন্তৰ্গত অঞ্চলৰ একোখন বিদ্যালয় বা মহাবিদ্যালয়ত ডেৰঘণ্টীয়া এটি অনুষ্ঠানৰ আয়োজন কৰিব৷ এই অনুষ্ঠানত এগৰাকীকৈ বক্তাই সাহিত্যৰথীৰ বিষয়ে বক্তৃতা প্ৰদান কৰিব আৰু আন এগৰাকী বক্তাই বেজবৰুৱাৰ এটি সাধুকথা ছাত্ৰ-ছাত্ৰী সন্মুখত মনোগ্ৰাহীকৈ উপস্থাপন কৰিব৷ সংশ্লিষ্ট বিদ্যালয় বা মহাবিদ্যালয়ৰ দুই-তিনিগৰাকী ছাত্ৰ-ছাত্ৰীকো সাহিত্যৰথীৰ জীৱন-কৰ্মৰাজিৰ বিষয়ে চমু বক্তব্য প্ৰদান কৰিবলৈ দিয়াৰ লগতে বেজবৰুৱাৰ গীত, কবিতা আদি পৰিৱেশনৰ দিহা কৰা হ’ব৷