Logo
image

বিহুৰ দিনাই গুৱাহাটী এইম্‌ছ শুভাৰম্ভৰ যো-জা

আমাৰ অসম, ২৪ মাৰ্চঃ অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা ব’হাগ বিহুৰ মাজতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীৰ স্বাস্থ্য সেৱা খণ্ডৰ এক যুগন্তকাৰী প্ৰতিষ্ঠান গুৱাহাটীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান চিকিৎসা প্ৰতিষ্ঠান চমুকৈ এইমছ ৰাইজৰ সেৱাৰ বাবে মুকলিৰ বাবে সাজু হৈছে৷ ১৪ এপ্ৰিলত ব’হাগ বিহুৰ ৰং ৰহইচৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বৰ সিদ্ধান্তৰ কোনো সালসলনি হোৱা নাই৷ উল্লেখ্য যে ১৪ এপ্ৰিলত গ্ৰীনিজ বুক অব ৰেকৰ্ডছত অসমৰ সাতামপুৰীয়া বিহুৱে স্থান লাভ কৰিব৷ সেই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সকলো ঠিকে থাকিলে সেই দিনাই চাংসাৰিৰ এইমছক অসমৰ ৰাইজলৈ ৰঙালীৰ উপহাৰ হিচাপে আগবঢ়াব প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে বিহুতে এইমছ মুকলিৰ মানসেৰে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক লগত লৈ সদলবলে এইমছৰ কামকাজৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰে৷ সকলো বিভাগলৈ গৈ তন্নতন্নকৈ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে৷ আনকি এইমছৰ হোষ্টেল আৰু বিভিন্ন কোঠাসমূহো পৰিদৰ্শন কৰে৷ 

এই পৰিদৰ্শন কালতে এইমছৰ চৌহদত গছপুলি ৰোপন কৰে মুখ্যমন্ত্ৰীয়ে৷ এইমছ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সাংবাদিকৰ লগত কয় যে প্ৰধানমন্ত্ৰীয়ে অনুমতি দিলেই ১৪ এপ্ৰিলৰ দিনা আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰ বাবে মুকলি হ’ব চাংসাৰিৰ এইমছ৷ এইমছত কেইবামাহ পূৰ্বৰে পৰাই আৰম্ভ হৈছে বহিঃবিভাগৰ সেৱা৷ এমাহৰ ভিতৰত ১৫০খন বিছনাৰে আৰম্ভ হ’ব আই পি ডি সেৱা৷ ইয়াত আইপিৰিড বিল্ডিংটো বাদ দি বাকী গোটেইখিনি সেৱা অপাৰেশ্বনেল আছে৷ আই পি ডিৰে ডেৰশ বিছনা ১৪ এপ্ৰিললৈকৈ সাজু হৈ যাব৷ চুপাৰ স্পেচিয়েলটিখিনি লাহে লাহে আৰম্ভ হ’ব৷ চাংসাৰিৰ এইমছৰ আন্তঃগাঠনিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে৷ ইতিমধ্যে ২০০ ছাত্ৰ-ছাত্ৰীয়ে তিনিটা বেটছত অধ্যয়ন কৰি আছে৷ এপ্ৰিলত চতুৰ্থটো বেটছে নামভৰ্তি কৰিব৷ প্ৰায় ৮৪ শতাংশ আন্তঃগাঠনি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ ৮২ শতাংশ ফাইনেনচিয়েল কাম সম্পূৰ্ণ হৈছে৷ দিনৰ ১১ বজাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক লগত লৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে এইমছ চৌহদ পৰিদৰ্শন কৰাৰ পিছত এইমছ কতৃৰ্পক্ষ, নিৰ্মাণকাৰী সংস্থা আৰু বিভাগীয় উচ্ছ পদস্থ দায়িত্ববাহী বিষয়া সকলৰ লগতো এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ এই উচ্ছস্তৰীয়া বৈঠকত এইমছ কতৃৰ্পক্ষৰ লগতে কামৰূপ প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্ববাহী বিষয়াসকল উপস্থিত থাকে৷ বিশেষকৈ গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, এইমছ, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক, জি এম চি এইচৰ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মা আৰু এইমছ নিৰ্মাণকাৰী এচিচিচিএলৰ প্ৰকল্প সমন্বয়ক৷