Logo
image

হাগ্ৰামা-প্ৰমোদৰ বাকযুদ্ধত উত্তপ্ত বিটিআৰ ৰাজনীতি

আমাৰ অসম, ২৪ মাৰ্চঃ ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনকেন্দ্ৰিক ‘বা’ বলিছে বিটিআৰত৷ যোৱা কিছুদিনৰ পৰা প্ৰান্তে প্ৰান্তে আয়োজিত হৈছে সমদল, পদযাত্ৰা, নিৰ্বাচনী সভা৷ তুংগত হৈছে বাকযুদ্ধ, উত্তপ্ত হৈছে ৰাজনীতি৷ বিশেষকৈ বিপিএফ দলৰ সাংগঠনিক ভেটি সৱলকৰণৰ লক্ষ্যৰে দীৰ্ঘদিনীয়া অজ্ঞাতবাসৰ অন্তত ফিল্ডত হাতেকামে নামি পৰিছে হাগ্ৰামা মহিলাৰী৷ ‘প্ৰমোদ হটাও বিটিচি বচাও’ শ্লোগানেৰে কোকৰাঝাৰৰ মাগুৰমাৰি, বনগাঁও আদি স্থানত হাতে হাতে নাঙল লৈ অসংখ্য বিপিএফ সদস্যই হাগ্ৰামা মহিলাৰীৰ সৈতে ভাগ লৈছে নিৰ্বাচনী পদযাত্ৰাত৷ বিশেষকৈ বিপিএফৰ মহিলা ব্ৰিগেডে এই পদযাত্ৰাত আগভাগ লোৱাত উৎসাহী হাগ্ৰামা মহিলাৰীয়ে ‘লক্ষ্মী’ অহা বুলিও উক্তি কৰিছে৷ 

নিৰ্বাচনী সভাত ভাষণ দি হাগ্ৰামা মহিলাৰে বিটিচিখন প্ৰমোদ বড়োৱে ধবংস কৰা বুলি অভিযোগ কৰিছে৷ হাগ্ৰামাৰ মতে যোৱা তিনিবছৰত বিটিচিৰ উন্নয়ন শূন্য৷ হাগ্ৰামাৰ মহাভিযোগ–‘শ্ৰীৰামপুৰ গেটৰ পৰা নিয়মীয়াকৈ চিণ্ডিকেট টকা লয় প্ৰমোদ বড়োৱে৷ প্ৰমোদ বড়োৰ টকা ল’বলৈ নিজে নিজে লাজ লাগিব লাগে৷’ ১৭ বছৰ শাসনত থাকিও শ্ৰীৰামপুৰ গেটত কি হয় সেয়া হেনো জনাই নাছিলে হাগ্ৰামা মহিলাৰীয়ে৷ এনেদৰেও মন্তব্য কৰিলে প্ৰাক্তন বিটিচিৰ চীফজনে৷ ইফালে হাগ্ৰামা উভটি ধৰি প্ৰমোদ বড়োৱে ক’লে–‘ৰজাৰ দৰে শাসন চলাইছিল হাগ্ৰামা মহিলাৰীয়ে৷ বিটিআৰত আৰু কেতিয়াও হাগ্ৰামা নাহে৷ হাগ্ৰামাৰ আমোলত দাদাগিৰি, মাৰপিট চলিছিল৷’ প্ৰমোদ বড়োৱে শ্ৰীৰামপুৰ গেটৰ চিণ্ডকেটৰ ফটো বা ভিডিঅ’ ৰাজহুৱা কৰিবলৈও বিপিএফ দলক প্ৰত্যাহ৩ান জনায়৷ উল্লেখ্য যে যোৱা কালি বি পি এফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই শ্ৰীৰামপুৰ গেটত ইউপিপিএল, প্ৰমোদ বড়োৱে চিণ্ডিকেট চলোৱা বুলি অভিযোগ কৰিছিল৷ বৃহস্পতিবাৰে মাগুৰমাৰিত অনুষ্ঠিত জনসভাতো হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰে৷ উক্ত জনজাগৰণ সভাত হাগ্ৰামাই কয়– ‘প্ৰমোদ ব্যক্তিৱে বড়োসকলোকো উচ্ছেদ কৰিছে৷ বড়ো সকলৰ বাবে একো এটা কৰিব নোৱাৰিলে৷ তেওঁ আন কোনোবা জাতি জনগোষ্ঠীৰ বাবে কি কৰিব৷’ সহস্ৰাধিক বড়ো ৰাইজৰ পৰা স্বাক্ষৰ লৈ পৃথক বড়োলেণ্ডৰ আশা দি প্ৰবন্ধনা কৰিলে বুলিও হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱাকৈ প্ৰমোদ বড়োক ককৰ্থনা কৰে৷