Logo
image

অধিকাংশ মণ্ডলেই জে’লত, চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাহাকাৰ

আমাৰ অসম, ২৪ মাৰ্চঃ মণ্ডল আৰু দুৰ্নীতি এতিয়া যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি পৰিণত হৈছে৷ ধন নিদিলে মণ্ডলে যেন কোনো কামেই কৰিব নিবিচাৰে৷ মণ্ডলসকলে চৰকাৰীভাৱে দৰমহা লাভ নকৰে বুলি অপপ্ৰচাৰ চলি অহাৰ পৰিপ্ৰেক্ষিতত মণ্ডলক প্ৰতিটো কামৰ বাবদ ধন আদায় দিয়াটো শিক্ষিত নাগৰিকৰ বাবেও পৰম্পৰাত পৰিণত হৈছে৷ কিন্তু একাংশ মণ্ডলে চৰকাৰৰ পৰা দৰমহা লাভ নকৰা বুলি প্ৰচলিত অপ্ৰচাৰৰ সুযোগ লৈ ৰাইজৰ পৰা মাটিৰ সাধাৰণ জোখ-মাখৰ পৰা আৰম্ভ কৰি বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰলৈ প্ৰতিটো কামৰ বিপৰীতে ধন আদায় কৰি আহিছে৷ কিন্তু একাংশ মণ্ডলৰ এতিয়া ঠগ-প্ৰৱঞ্চনাৰ দিন উকলিল৷ সচেতন নাগৰিকে সম্প্ৰতি উৎকোচ দাবী কৰা মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক আৰক্ষীক অভিযোগ দাখিল কৰিবলৈ আৰম্ভ কৰিছে৷ যাৰ পৰিণতিত এজনৰ পাছত এজন দুৰ্নীতিগ্ৰস্ত মণ্ডল ভিজিলেন্সৰ জালত পৰিছে৷ বিগত ২৪ ঘণ্টাত উৎকোচ দাবী কৰি ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হ’ল চাৰিজন মণ্ডল৷ বুধবাৰে ভিজিলেন্সে পৃথকে পৃথকে অভিযান চলাই বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱাৰ আৰু আন সহযোগী এটা দালালৰ লগতে বাঘবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাটমণ্ডল আজাহাৰ আলী আহমেদক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল৷ ইফালে বৃহস্পতিবাৰেও ভিজিলেন্সৰ এটা দলে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল পৰাগ বৰাক গ্ৰেপ্তাৰ কৰে৷ এজন ব্যক্তিৰ ভূমি সম্পৰ্কীয় কামৰ বাবদ ১৫ হাজাৰ টকা উৎকোচ লৈ ভিজিলেন্সৰ হাতত হাতে-লোটে গ্ৰেপ্তাৰ হ’বলগীয়াত পৰে লাট-মণ্ডল পৰাগ বৰা৷ ইফালে বৃহস্পতিবাৰে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই ভিজিলেন্স আন এটা  লাট মণ্ডল পিনাকী দেৱনাথক গ্ৰেপ্তাৰ কৰে৷ ধৃত লাট মণ্ডলটোৱে এজন ব্যক্তিৰ পৰা ৪,০০০ টকা উৎকোচ লওঁতেই ভিজিলেন্স গ্ৰেপ্তাৰ কৰে৷ তদুপৰি লাট মণ্ডলৰ সৈতে দালালিত জড়িত অমৰান আলী নামৰ  তৰণি এজনকো গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতেই ভিজিলেন্সে লাট মণ্ডল পিনাকী দেৱনাথৰ  জেপৰ পৰা ২২ হাজাৰ টকা আৰু তৰণি অমৰান আলীৰ জেপৰ পৰা ২৫ হাজাৰ ৮০০টকা জব্দ কৰে৷ লক্ষণীয়ভাৱে ভিজিলেন্সে চলিত মাৰ্চত বৰ্তমানলৈ ১৩টা অভিযান চলাই মুঠ ১৮জন চৰকাৰী কৰ্মচাৰী তথা দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে ধৃত দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীসকলৰ ভিতৰত অধিকাংশ হৈছে লাট মণ্ডল৷ লাট মণ্ডলে এতিয়া জে’লৰ কোঠা ভৰি পৰাত চক্ৰ বিষয়া কাৰ্যালয়ত মাটি-বাৰীৰ কাম-কাজক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছ৷

ঠেলামৰাৰ লাট মণ্ডলক গ্ৰেপ্তাৰ, ঘৰত তালাচী

শোণিতপুৰৰ ঠেলামৰাত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে কৰায়ত্ত হ’ল এজন মণ্ডল৷ উল্লেখ্য, ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পৰাগ বৰাক ১৫হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ধৃত লাট মণ্ডলজনে এজন লোকৰ মাটি বটোৱাৰা কৰাৰ বাবে দাবী কৰা ধন ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদতে থকা কেণ্টিনত লোৱাৰ সময়তে দুৰ্নীতি আৰু তদাৰকী শাখাৰ দলটোৱে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে, মণ্ডলজনক কৰায়ত্ত কৰাৰ পাছত অসম আৰক্ষীৰ উপ-অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধৃত লাট মণ্ডলজনৰ তেজপুৰৰ ঊষা নগৰত থকা বাস ভৱনত অভিযান চলাই নগদ ১০,২০০টকা উদ্ধাৰ কৰাৰ লগতে বেংকৰ পাছবুক আৰু কেতবোৰ বিত্তীয় নথি-পত্ৰ জব্দ কৰিছে৷ আনহাতে, এইজন লাট মণ্ডলৰ বিৰুদ্ধে পূৰ্বে ভূমিকেন্দ্ৰিক অভিযোগ টোকাত লিপিবদ্ধ কৰি তেজপুৰ মুঢ়াতেতেলীৰ এজন লোকে আত্মহত্যা কৰিছিল আৰু এই টোকাৰ ভিত্তিত আৰক্ষীয়ে মণ্ডল বৰাক গ্ৰেপ্তাৰ কৰিছিল৷ সম্প্ৰতি এই গোচৰৰো চাৰ্জশ্বীট আদালতত দাখিল কৰিছে আৰক্ষীয়ে৷