Logo
image

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰ্টেল মুকলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ে ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰম যেনে পি এইচ ডি, স্নাতকোত্তৰ আৰু বি টেক আদিত নামভৰ্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় এন্ট্ৰেন্স পৰীক্ষা (টি ইউ ই ই) অনুষ্ঠিত কৰিব বুলি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত ঘোষণা কৰে। 

সংবাদ মেলত বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক শংকৰ ডেকাই কয়, "এই পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে এক বিশেষ নামভৰ্তি পৰ্টেল শুকুৰবাৰে পৰা মুকলি কৰা হৈছে৷ বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চেন্ট্ৰেল ইউনির্ভচিটি এন্ট্ৰেন্স টেষ্ট (ইউ জি) ২০২৩ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাছনি কৰা হ'ব আৰু বৰ্তমান চু ইউ ই টি পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া অ্যাহত আছে। চি ইউ ই টি পৰীক্ষাত উত্তীর্ণ ছাত্ৰ ছাত্ৰীসকলেহে স্নাতক (ইউ জি) পাঠ্যক্রমসমূহৰ বাবে নামভৰ্তি কৰিব পাৰিব ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (টি ইউ ই ই) সুকলমে সম্পন্ন কৰাৰ বাবে উত্তৰ-পূব ভাৰতৰ প্ৰতিখন ৰাজ্যকে ধৰি ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ চহৰত ২৩ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ'ব, য'ত আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অ' এম আৰ ভিত্তিক লিখিত পৰীক্ষা বা বর্ণনাত্মক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব৷ আনহাতে, বি টেক পাঠ্যক্ৰমৰ প্ৰাৰ্থীসকলক জে ই ই (মেইন্ছ)- ২০২৩ চনৰ কমন ৰেংক লিষ্ট (চি আৰ এল)ৰ ভিত্তিত বাছনি কৰা হ'ব । উল্লেখ্য যে বি টেক পাঠ্যক্ৰমসমূহৰ মুঠ আসনৰ ৬০ শতাংশ উত্তৰ-পূব ভাৰতীয় ৰাজ্যসমূহৰ স্থায়ী বাসিন্দাসকলৰ বাবে সংৰক্ষিত কৰা হৈছে।

উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালৰ অভিযান্ত্রিক, বিজ্ঞান, ব্যৱস্থাপনা আৰু মানৱবিজ্ঞান ও সমাজ বিজ্ঞান শাথাৰ অধীনত বিভিন্ন পি এইচ ডি, স্নাতকোত্তৰ (পি জি), পি জি ডিপ্লমা আৰু স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়৷ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ পৰা এ+ গ্রেড লাভ কৰা উত্তৰ-পূব ভাৰতৰ ভিতৰতে তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়খন একমাত্র বিশ্ববিদ্যালয়। তদুপৰি যিসকল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৬০ শতাংশ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী তেওঁলোকে জিলা প্ৰশাসনৰ পৰা প্ৰমাণ পত্ৰ দিলে তেওঁলোকৰ বাবে বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সংবাদমেলত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা সঞ্চালক ডম্বৰুধৰ মহন্ত, অধ্যাপক, টি ইউ ই ইৰ উপ-সঞ্চালক 
 ৰূপক মুখপধ্যায়, বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা শাখাৰ সদস্য ড০ মনোজ দেউৰী আদি উপস্থিত থাকে।