Logo
image

কাৰাগাৰৰ দেৱালৰ ইপাৰে-সিপাৰৰে, ৰাহুল গান্ধীক ৮ বছৰলৈ বনবাস

আমাৰ অসম, ২৫ মাৰ্চঃ মোদী উপাধিৰ সকলোৱেই চোৰ কিয় বুলি নিৰ্বাচনী সভাত প্ৰশ্ন কৰা ৰাহুল গান্ধীৰ ৰাজনৈতিক বনবাস নিৰ্ধাৰিত হৈ গৈছে৷ এদিন পূৰ্বে দুবছৰ কাৰাদণ্ডৰে দণ্ডিত হোৱা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে  শুকুৰবাৰে সাংসদ পদ হেৰুৱাবলগীয়া হৈছে আৰু অহা ৮ বছৰলৈ তেওঁ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে৷ বৃহস্পতিবাৰে ছুৰাটৰ জিলা ন্যায়িক দণ্ডাধীশ এইচ এইচ বাৰ্মাই ৰাহুল গান্ধীক অৱমাননাৰ মন্তব্যৰ বাবে দুবছৰ কাৰাদণ্ড দিয়াৰ ফলতে কংগ্ৰেছ দলৰ সাম্প্ৰতিককালৰ চালিকা শক্তি ৰাহুল গান্ধীৰ ৰাজনৈতিক পথ আকস্মিকভাৱে কণ্টকাকীৰ্ণ হৈ পৰিছে৷ দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ বাবে শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ  পদ খাৰিজ কৰে৷ ভাৰতীয় সংবিধানৰ ১০২ (১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১) অনুসৰি দুবছৰ বা ততোধিক কাৰাদণ্ড হোৱা জনপ্ৰতিনিধিৰ বিধায়ক বা সাংসদ পদ তাৎক্ষণিকভাৱে খাৰিজ হয়৷ সেই আইন অনুসৰি লোকসভা সচিবালয়ে ২৩ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাহুল গান্ধীৰ কেৰালাৰ ৱেনাড় সমষ্টিৰ সাংসদ পদ খাৰিজ হোৱা বুলি জাননী প্ৰেৰণ কৰে৷ একে আইনৰ অধীনত ৰাহুল গান্ধীয়ে ২ বছৰ কাৰাবাসৰ পাছত পৰৱৰ্তী ৬ বছৰ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ অৰ্থাৎ পৰৱৰ্তী ৮ বছৰৰ বাবে ৰাহুল গান্ধী পুনৰ সাংসদ হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য হৈ পৰিল৷ প্ৰায় শূন্য এইবাবেই যে, যদিহে গুজৰাটৰ ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ এই ৰায়ত কোনো উচ্ছ আদালতে স্থগিতাদেশ জাৰি কৰে, তেতিয়া ৰাহুল গান্ধীয়ে কাৰাবাসৰ পৰা ৰক্ষা পাব পাৰে আৰু সাংসদ পদ ঘূৰাই পাব পাৰে৷ তাৰ বাবে ৰাহুল গান্ধীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ ওপৰৰ আদালত সেই ৰায়ৰ প্ৰত্যাহ্বান জনাব লাগিব৷ পোনে পোনে ৰাহুল গান্ধীয়ে ছুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ৰায় উচ্ছ ন্যায়ালয় বা উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব নোৱাৰিব৷ কিয়নো তেওঁৰ বিৰুদ্ধে দিয়া গোচৰ আছিল ফৌজদাৰী মানহানিৰ আৰু আদালতে ৰাহুল গান্ধীৰ মন্তব্যৰ জৰিয়তে মোদী উপাধিৰ অন্য পিছপৰা সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক অৱমাননাৰ সন্মুখীন হৈছে বুলি ৰায়দান কৰে৷ ছুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰাহুল গান্ধীক ১০ হাজাৰ টকাৰ বিনিময়ত জামিন দিয়াৰ লগতে উচ্ছ আদালতত আবেদনৰ বাবে আৰু এই ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ বাবে ৩০ দিনৰ সময়ত দিছে৷ আনহাতে এই  ৰায়ৰ ফলত জনস্বাৰ্থ ক্ষুণ্ণ হোৱাৰ অভিযোগত তৃতীয় পক্ষই উচ্ছ বা উচ্ছতম ন্যায়ালয়ত আবেদন জনাব পাৰিব৷ কিন্তু ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ সম্ভাৱনা অতি ক্ষীণ৷ কিয়নো শুকুৰবাৰে তেওঁৰ সাংসদপদ খাৰিজ হোৱাৰ লগে লগে নিৰ্বাচন আয়োগে অস্বাভাৱিক তৎপৰতা আৰম্ভ কৰি দিছে৷ এপ্ৰিলৰ যিকোনো দিনত নিৰ্বাচন আয়োগে কেৰালাৰ ৱেনাড় সমষ্টিৰ নিৰ্বাচন ঘোষণা কৰি দিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে তাৰ পূৰ্বে নিৰ্বাচন আয়োগে সেই সমষ্টি খালী হৈ থকা বুলি জাননী জাৰি কৰিব লাগিব৷ কিয়নো ২০২৪ ৰ  লোকসভা নিৰ্বাচনলৈ এতিয়াও এবছৰতকৈ অধিক সময় বাকী আছে৷ যদিহে নিৰ্বাচনলৈ ছমাহতকৈ কম সময় বাকী থাকিলহেঁতেন তেতিয়া সেই সমষ্টিৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ সৈতে একেলগে অনুষ্ঠিত হ’লহেঁতেন৷ এতিয়া এবছৰতকৈয়ো সাধাৰণ নিৰ্বাচনলৈ অধিক দিন থকাৰ বাবে সেই সমষ্টি খালী কৰি ৰাখিব নোৱাৰি৷ অৰ্থাৎ কেৰালাৰ ৰাহুল গান্ধীৰ সমষ্টিৰ নিৰ্বাচন ঘোষণা আৰু অনুষ্ঠিত কৰাটো অপৰিহাৰ্য৷ নিৰ্বাচন আয়োগৰ আজিৰ দিনটোৰ অস্বাভাৱিক তৎপৰতালৈ চাই দুই এদিনৰ ভিতৰতে আয়োগে ৱেনাড় সমষ্টি খালী হৈ থকা বুলি জাননী জাৰি কৰিব পাৰে৷ 
২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰ জিলাত ৰাহুল গান্ধীয়ে নিৰ্বাচনী সভাত দেশৰ মোদী উপাধিৰ সকলোৱেই চোৰ কিয় বুলি প্ৰশ্ন কৰিছিল৷ তেওঁ সেই প্ৰশ্নৰ জৰিয়তে আই পি এলত সংঘটিত কৰি দেশৰ পৰা পলাই যোৱা ললিত মোদী আৰু বেংকৰ পৰা ঋণ লৈ বিদেশলৈ পলাই যোৱা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁলোকৰ তুলনা কৰিছিল৷ সেই মন্তব্যৰ পাছতে গুজৰাটৰ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মোদী সম্প্ৰদায়ৰ প্ৰতি অৱমাননাসূচক  মন্তব্য কৰা বুলি ছুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত ফৌজদাৰী মানহানিৰ গোচৰ তৰিছিল৷ উক্ত আদালতে অস্বাভাৱিক তৎপৰতা প্ৰদৰ্শন কৰি বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ মন্তব্যৰ ফলত মোদী সম্প্ৰদায়ৰ অনান্য পিছপৰা শ্ৰেণীৰ লোকসকল অপমানৰ  সন্মুখীন হোৱা বুলি দোষী সাব্যস্ত কৰি ৰায়দান কৰিছিল৷ 
এতিয়াও কাৰাগাৰৰ দেৱালৰ এইপাৰে আছে ৰাহুল গান্ধী৷ তেওঁৰ বিৰুদ্ধে ছুৰাটৰ আদালতে আৰোপ কৰা শাস্তি যদিহে উচ্ছ আদালতে খাৰিজ নকৰে তেন্তে তেওঁ কাৰাগাৰৰ দেৱালৰ সিপাৰলৈ যোৱাটো অৱধাৰিত৷ ৰাহুল গান্ধীয়ে কাৰাগাৰৰ দুৱাৰ গছকিবলগীয়া নহ’লে বা তেওঁৰ বিৰুদ্ধে দিয়াৰ ৰায়ত স্থগিতাদেশ জাৰি হ’লে সাংসদ পদ ঘুৰাই পাব পাৰে৷ ইয়াৰ পূৰ্বে তেনে উদাহৰণ আছে৷ অলপতে লাক্ষাদ্বীপৰ সাংসদ মহম্মদ ফয়জলৰ বিৰুদ্ধে স্থানীয় আদালতে দহ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছিল৷ লগে লগে লোকসভাৰ অধ্যক্ষই তেওঁৰ সাংসদ পদ খাৰিজ কৰিছিল৷ কিন্তু উচ্ছ আদালতে সেই ৰায়ৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰে৷  তদুপৰি উচ্ছ আদালতে মহম্মদ ফয়জলৰ সাংসদ পদ ঘুৰাই দিবলৈ লোকসভাৰ অধ্যক্ষলৈ নিৰ্দেশ জাৰি কৰে৷ অৱশ্যে উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও এতিয়াও লোকসভাৰ অধ্যক্ষই তেওঁক সাংসদ পদ ঘুৰাই দিয়া নাই৷ সেই গোচৰলৈ চাই ৰাহুল গান্ধীয়ে সাংসদ পদ ঘুৰাই পোৱা আৰু কাৰাবাসৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা আছে৷ তাৰ বাবে অৱশ্যেই ৰাহুল গান্ধীয়ে উচ্ছ আদালতত  আবেদন কৰিব লাগিব আৰু উচ্ছ আদালতে ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিব লাগিব৷