Logo
image

আগ্ৰাসী মানুহ, দিশহাৰা বন্যপ্ৰাণী

আমাৰ অসম, ২৫ মাৰ্চঃ মানুহ আৰু প্ৰকৃতি৷ প্ৰকৃতি অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে৷ সেইদৰে মানুহ অবিহনেও প্ৰকৃতি কাৰ্যতঃ ৰসহীন৷ প্ৰকৃতিৰ অভিন্ন অংগ বনৰীয়া জীৱ-জন্তুসমূহ৷ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে প্ৰকৃতিৰ সুৰক্ষা অপৰিহাৰ্য৷ সেইদৰে প্ৰকৃতিয়ে বুকুত আঁকোৱালি লোৱা বন্যপ্ৰাণীসমূহৰো সুৰক্ষা প্ৰকৃতি আৰু মানুহ দুয়োটাৰ বাবেই প্ৰয়োজনীয়৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ সমান্তৰালভাৱে মানৱ সভ্যতা উন্নতিৰ জখলাত আগুৱাই গৈয়েই আছে৷ সমান্তৰালভাৱে সংকুচিত হৈ আহিছে প্ৰকৃতিৰ পৰিসৰ৷ কাজেই খাদ্য আৰু আশ্ৰয়ৰ সংকটত পৰাৰ লগতে চৰম নিৰাপত্তাহীনতাত ভুগিছে বন্যপ্ৰাণী৷ সেইবাবেই মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত এতিয়া পৃথিৱীৰ বহু ঠাইত নিত্যনৈমিত্তিক ঘটনা হৈ পৰিছে৷ আমাৰ দেশ আৰু ৰাজ্যতো নিতৌ সংঘটিত হৈছে মানুহ আৰু বন্যপ্ৰাণীৰ ভয়াৱহ সংঘাতৰ ঘটনা৷ বান্দৰ, হাতীৰ পৰা বাঘলৈকে বিপন্ন বন্যপ্ৰাণী অকলশৰীয়াকৈ বা জাকে জাকে সংকুচিত অৰণ্যৰ পৰা ওলাই আহিছে বিস্তীৰ্ণ জনাৰণ্যলৈ৷ বন্যপ্ৰাণীৰ আক্ৰমণত মৃত্যু হৈছে বহু লোকৰ৷ সমান্তৰালভাৱে মানুহৰ জিঘাংসাৰো বলি হৈছে বুজনসংখ্যক বন্যপ্ৰাণী৷ শেহতীয়াকৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত মানুহৰ বসতিস্থললৈ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত নামি আহিছে বন্যপ্ৰাণী৷ মানুহ দিনকদিনে যিমানেই আগ্ৰাসী হৈছে, সিমানেই অধিক দিশহাৰা হৈ পৰিছে বন্যপ্ৰাণী৷ বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ বিভিন্ন ঠাইত মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ কেইবাটাও খবৰ আহিছে৷ কলিয়াবৰত বাঘৰ মুক্ত বিচৰণে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰা সত্ত্বেও পৰিস্থিতিৰ পৰিৱৰ্তন হোৱা নাই৷ ধাৰণা কৰা মতে, কলিয়াবৰৰ জনবসতিপূৰ্ণ অঞ্চলত সঘনে বিচৰণ কৰি ফুৰিছে এটা বাঘ আৰু এজনী বাঘিনীয়ে৷ প্ৰশাসনে বাৰে বাৰে নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও টুটি অহা নাই বাঘ চাবলৈ যোৱা মানুহৰ সংখ্যা৷ কেৱল সেয়ে নহয়, একাংশ উদণ্ড লোকে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত জনাৰণ্যলৈ অহা বাঘ-বাঘিনীলৈ কেটেপাৰে নিক্ষেপ কৰিছে শিলগুটি, ইটাৰ টুকুৰা আদি৷ ফলত অধিক খঙাল হৈ পৰিছে বনৰজা৷ এনে ঘটনাই যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ দলগাঁৱত বগৰী খেতি ৰক্ষা কৰিবৰ বাবে পাতি থোৱা জালত লাগি মৃত্যু হৈছে বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি৷ নগাঁৱৰ জীয়াজুৰিত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য ডঁৰিক৷ নুমলীগড়ত কলগছ খাবলৈ জনবসতিপূৰ্ণ অঞ্চললৈ নামি অহা হাতী খেদিবৰ বাবে একাংশ উদণ্ড লোকে হাতীৰ গালৈ শিলগুটি, কাঠ আৰু বাঁহৰ মাৰি আদি নিক্ষেপ কৰিছে৷ মানুহৰ উৎপাতত খঙাল হৈ পৰা বন্যহস্তীয়ে মানুহৰ ফালে চোঁচাও লৈছে৷ এইবোৰ দুই-এটা উদাহৰণহে৷ এনেধৰণৰ অসংখ্য ঘটনা ঘটিছে, য’ত আগ্ৰাসী মানুহৰ অত্যাচাৰত বিপন্ন-দিশহাৰা হৈ পৰিছে সংকটৰ গৰাহত পৰা বন্যপ্ৰাণী৷ অৱশ্যে ইয়াৰ মাজতে দুই-এটা ইতিবাচক ঘটনাও ঘটিছে৷ কলিয়াবৰত এদল কুকুৰে এটা হৰিণাক চাৰিওফালে ঘেৰি লৈ হৰিণাটো বধ কৰিবৰ বাবে চেষ্টা চলোৱা দেখি এজন গাড়ীচালকে গাড়ীৰ পৰা নামি গৈ কুকুৰৰ জাকটোক খেদি পঠিয়ায়৷ তেতিয়ালৈকে কুকুৰৰ আক্ৰমণত হৰিণাটোৰ অৱস্থা কাহিল হৈ পৰিছিল৷ বন্যপ্ৰাণীপ্ৰেমী গাড়ীচালকজনে হৰিণাটোক কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে হৰিণাটোক গাড়ীত তুলি পশু চিকিৎসকৰ ওচৰলৈ লৈ যোৱাৰ উপৰি এই বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে৷

বগৰী বচাবলৈ গছত অঁৰা জালত লাগি মৃত্যু ভিন্ন প্ৰজাতিৰ পক্ষীৰ

দৰং জিলাৰ কৃষকে বগৰীকে ধৰি বিভিন্ন ফলমূলৰ খেতি কৰে৷ চৰায়ে ফলমূল খাৱলৈ নোৱৰাকৈ গছ জালৰে বেৰি দিয়া হয়৷ যেতিয়া চৰাই ফল-মূল খাবলৈ গছত পৰে, তেতিয়া জালত পৰে৷ পাছত জালৰ পৰা ওলাই যাব নোৱাৰি তাতে ছটফটাই বিভিন্ন প্ৰজাতিৰ চৰাই নিহত হয়৷ ভিন্ন প্ৰজাতিৰ চৰাই এনেদৰে নিহত হোৱা প্ৰতি খেতিয়ক নিৰুদ্বিগ্ন৷ এই বিষয় গুৰুত্ব নাই বন বিভাগৰ লগতে ¸ কৃষি বিভাগৰো৷ অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী মোৱাৰক হুছেইেন এনেদৰে প্ৰকৃতিৰ সৌন্দৰ্য্য চৰাই-চিৰিকটিৰ হত্যাযজ্ঞ বন্ধ কৰাৰ বাবে কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰৰ বন বিভাগ, কৃষি বিভাগ, পৰ্যটন বিভাগক দাবী জনাইছে৷