Logo
image

ডাঃ শইকীয়াক অসম বৈভৱ, আন ২০জনকো স্বীকৃতি

আমাৰ অসম, ২৫ মাৰ্চঃ অসম চৰকাৰে ২০২২ চনৰ পৰা ৰাজ্যৰ স্বাস্থ্য, কলা আৰু সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, কৃষি, পৰ্যটন, উদ্যোগ আদি ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা সমাজ জীৱনৰ বাটকটীয়া সকললৈ সৰ্বোচ্ছ ৰাজ্যিক অসামৰিক বঁটা ক্ৰমে– অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰব বঁটাৰে সন্মানিত কৰি আহিছে৷ এইবেলি সৰ্বোচ্ছ ৰাজ্যিক অসামৰিক বঁটা-২০২২ মুঠ ২১ জনে লাভ কৰিছে৷ ইয়াৰ ভিতৰত বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়াক অসম বৈভৱ বঁটা ভ্ৰাম্যমান থিয়েটাৰৰ জনক স্বৰূপ কৃষ্ণ ৰয়, আন্তৰ্জাতিক ফুটবল খেলুৱৈ গিলবাৰ্টন চাংমা, আন্তৰ্জাতিক লনবল খেলুৱৈ নয়নমণি শইকীয়া, বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়া আৰু স্বাস্থ্য বিশেষজ্ঞ ডাঃ শশীধৰ ফুকনক অসম সৌৰভ বঁটা, শ্মশান বন্ধু ধৃতিমালা ডেকা, বিশিষ্ট মীনপালক দেৱজিৎ বৰ্মন, বন্যপ্ৰাণীপ্ৰেমী ৰুস্তম বসুমতাৰী, পৰ্যটন বন্ধু মানজেলা, পৰিৱেশকৰ্মী বিনন্দ হাতীবৰুৱা, চেনেহ বৃদ্ধাবাসৰ প্ৰতিষ্ঠাপক, গ্ৰুপ কেপ্তেইন অতুল চন্দ্ৰ বৰুৱা, উদ্যমী মহিলা কল্যাণী ৰাজবংশী, আশাকৰ্মী চিলা গোৱালা, ৰেচম বিশেষজ্ঞ ডঃ যোগেশ দেউৰী, পশুপালক ডাঃ পংকজ লাল গগৈ, প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী, আনাৰস খেতিয়ক আনাৰস খেতিয়ক মানথাংমাৰ, প্ৰাণী বিশেষজ্ঞ ডঃ ধ্ৰুৱজ্যোতি শৰ্মা, মুখাশিল্পী দয়াল গোস্বামী আৰু ড্ৰাগছকে ধৰি এইছ আই ভিৰ বিৰুদ্ধে যুজ দি অহা বিশিষ্ট চিকিৎসক ডাঃ ছৈয়দ ইফটিকাৰ আহমেদক অসম গৌৰব বঁটা প্ৰদান কৰা হয়৷ 

শুকুৰবাৰে বিয়লি শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল গোলাবচান্দ কাটাৰীয়াই বঁটা প্ৰাপকসকলক বঁটা আৰু মানপত্ৰসমূহ প্ৰদান কৰে৷ অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে অসম সৌৰভ বঁটা লাভ কৰা পাঁচগৰাকীৰ ভিতৰত আন্তৰ্জাতিক ফুটবল খেলুৱৈ গিলবাৰ্তন চাংমা আৰু অসম গৌৰব বঁটা লাভ কৰা ১৫ গৰাকীৰ ভিতৰত ডাঃ ছৈয়দ ইফটিকাৰ আহমেদ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে৷ ডাঃ আহমেদৰ হৈ তেওঁৰ পুত্ৰ ছৈয়দ ফয়জাল আহমেদে ৰাজ্যপালৰ পৰা বঁটা গ্ৰহণ কৰে৷ আনহাতে গিলবাৰ্টন চাংমাক শীঘ্ৰে তেওঁৰ ঘৰলৈ গৈ এই বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে৷ আনহাতে, অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্য, অসম চৰকাৰৰ মুখ্যসচিব পবন কুমাৰ বৰঠাকুৰকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷ বঁটা প্ৰদানৰ পাছতে সন্ধিয়ালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ উল্লেখ্য অসম বৈভব বঁটাত আছে পাঁচ লাখ টকা, অসম সৌৰভ বঁটাত আছে চাৰি লাখ টকা আৰু অসম গৌৰৱ বঁটাত আছে তিনি লাখ টকাৰ চেক৷