Logo
image

৬ বছৰ ৪ মাহৰ পাছত জামিন এপিএছচিৰ খলনায়কৰ, ৰাকেশ পালৰ মুক্তিৰ পূৰ্বেই অপেক্ষাত এইবাৰ চিবিআই

আমাৰ অসম, ২৫ মাৰ্চঃ অৱশেষত আটাইকেইটা গোচৰত জামিন পালে অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ  নায়ক ৰাকেশ পালে৷ ভঙাড়ৰ থানাত গোচৰত শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে মঞ্জুৰ কৰে ৰাকেশ পালৰ জামিন৷ অসম লোকসেৱা আয়োগত হোৱা বৃহৎ কেলেংকাৰীৰ অভিযোগত ২০১৬ চনৰ ৪ নৱেম্বৰত  গ্ৰেপ্তাৰ হৈছিল দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল৷ ২০১৬ চনৰ ৪  নৱেম্বৰত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ পৰা অৰ্থাৎ সুদীৰ্ঘ ৬ বছৰ ৪ মাহ ২০ দিন কাৰাগাৰত থকাৰ পাছত ৰাকেশ পালে ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰতো লাভ কৰে জামিন৷ পূৰ্বে ডিব্ৰুগড় সদৰ থানাত ৰুজু হৈ থকাকে ধৰি আন চাৰিটা গোচৰত জামিন লাভ কৰিছিল৷ ভঙাগড় থানাৰ গোচৰতো জামিন লাভ কৰাৰ লগে লগে ৰাকেশ পালে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে৷ কিন্তু পালৰ মুক্তিৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰিবলৈ অপেক্ষাৰত চিবিআই৷

শেহতীয়াভাৱে তেওঁক গ্ৰেপ্তাৰৰ বাবে প্ৰস্তুতি চলাইছে চি বি আয়ে৷ দুৰ্নীতিৰ সদাগৰজনে মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে যদি পালক চি বি আয়ে গ্ৰেপ্তাৰ কৰে তেনেহ’লে পাল পুনৰ জে’লত থাকিব লাগিব৷ উল্লেখ্য, সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাঁচমাহ পাছতে গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল৷ পালক গ্ৰেপ্তাৰ কৰাৰ পাছতে সৰ্বানন্দ সোণোৱালক ভূৰি ভূৰি প্ৰশংসা কৰিছিল অসমৰ জনগনে৷ ২০১৬ চনৰ ২৭ অক্টোবৰত ডিব্ৰুগড়ত অংশুমিতা গগৈ নামৰ এগৰাকী দন্ত চিকিৎসকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল সহকাৰী অভিযন্তা নৱকান্ত পাতিৰ৷ পাতিৰৰ পৰাই আৰক্ষীয়ে লোকসেৱা আয়োগত দীৰ্ঘদিন ধৰি অব্যাহত থকা চাকৰিৰ বজাৰখনৰ তথ্য প্ৰমাণসহ সম্ভেদ লাভ কৰিছিল৷ নৱকান্ত পাতিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ এটা সঁজাতি দলে লোকসেৱা আয়োগৰ কাৰ্যালয়ত কেইবা ঘণ্টা ধৰি চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালক৷ পালৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত ১২০ (বি)/৪২০ দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭/১৩(১১) (বি) (ডি) ধাৰাৰ অধীনত ৯৩৬/২০১৬ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল৷ উক্ত গোচৰত তদন্তকাৰী আৰক্ষীয়ে ৰাকেশ পাল বাহিনীৰ পৰা ধনৰ বিনিময়ত চাকৰি লাভ কৰা ৬০ জন বিষয়া, দালাল গ্ৰেপ্তাৰ কৰিছিল৷ উক্ত গোচৰত ৰাকেশ পালক ২০১৭ চনৰ ১৮ আগষ্টত উচ্ছতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল৷ চি আই ডিৰ ওচৰত ৰুজু হৈ থকা গোচৰত পালক ২০২১ চনৰ ২২ জুলাইত জামিন মঞ্জুৰ কৰিছিল গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ডিব্ৰুগড় আৰক্ষীৰ হাতত বন্দী হৈ থকা সময়তে পুনৰ অসম লোকসেৱা আয়োগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত পালৰ বিৰুদ্ধে ভঙাগড় থানাত ১৫৯/২০১৭ নম্বৰৰ আন এক গোচৰ ৰুজু কৰা হয়৷

ইতিমধ্যে জে’ল হাজোতত থকা পালক উক্ত গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ আন গোচৰ সমূহত জামিন লাভ কৰাৰ পাছত ভঙাগড় থানাৰ গোচৰতো জামিন বিচাৰি কেইবাবাৰো বিমুখ হৈছিল ৰাকেশ পাল৷ শুকুৰবাৰে উক্ত গোচৰতো জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ স্মৰ্তব্য, ডিব্ৰুগড় সদৰ থানাৰ মূল গোচৰৰ অন্যতম অভিযুক্ত ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল, দালাল ডাঃ মৃগেন শইকীয়াক আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ উল্লেখ্য, ৰাজীৱ পালৰ ছপাশালত ছপা কৰা হৈছিল লোকসেৱা আয়োগৰ নকল উত্তৰ বহী৷