Logo
image

দেশজুৰি ৰাজপথ কঁপাব কংগ্ৰেছে

আমাৰ অসম, ২৫ মাৰ্চঃ একেৰাহে দুদিনত ইটোৰ পাছত সিটো ধুমুহাত হালি পৰিলেও বিধবস্ত হৈ পৰা নাই ৰাহুল গান্ধী৷ তেওঁৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশৰ পাছত অস্বাভাৱিক তৎপৰতাৰে লোকসভাৰ অধ্যক্ষই গ্ৰহণ কৰা পদক্ষেপ আৰু একেই তৎপৰতাৰে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিৰুদ্ধে প্ৰতিশোধমূলক পদক্ষেপ লোৱাৰ পৰিৱৰ্তে যুদ্ধ কৰিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে৷ শুকুৰবাৰে সাংসদ পদ হেৰুওৱাৰ পাছত ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে নীৰৱতা ভাঙি এটা টুইট কৰি কয়– দেশৰ কণ্ঠস্বৰৰ বাবে যুদ্ধ কৰিছো৷ তাৰ বাবে প্ৰতিটো মূল্য ভৰিবলৈ প্ৰস্তুত৷ ইপিনে কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ তুলি আন্দোলনৰ জৰিয়তে সমগ্ৰ দেশ কঁপাবলৈ সাজু হৈছে৷ ৰাহুল গান্ধীৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলে ৰাজপথত নামি আন্দোলন কৰিব বুলি মন্তব্য কৰিছে৷ ৰাহুল গান্ধীৰ সাংসদ পদ কাঢ়ি নিয়াৰ পাছতে মমতা বেনাৰ্জী আৰু চিপিএমৰ সম্পাদক সীতাৰাম য়েচুৰীয়ে বিজেপিয়ে বিৰোধী শিবিৰৰ নেতাক ৰাজনৈতিকভাৱে নোৱাৰি কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে কাৰাবন্দী কৰি ৰাখিবলৈ ‘টাৰ্গেট’ লোৱা বুলি মন্তব্য কৰিছে৷ ইপিনে কংগ্ৰেছ দলৰ মতে সঁচা কথা কোৱাৰ বাবে শাস্তি পালে ৰাহুল গান্ধীয়ে৷  বিজেপিয়ে চলোৱা এই ষড়যন্ত্ৰ উৎখাত কৰাৰ বাবে কংগ্ৰেছ দলে ৰাজপথত নমাৰ লগতে সমান্তৰালভাৱে আইনী যুদ্ধ আৰু ৰাজনৈতিক যুদ্ধ চলাই যাব বুলি হুংকাৰ দিছে৷ শুকুৰবাৰে কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীৰ উপৰি সকলো শীৰ্ষস্থানীয় নেতা সমৱেত হৈ প্ৰাৰম্ভিকভাৱে ৰাহুল গান্ধীৰ উদ্ধাৰৰ ক্ষেত্ৰত আইনী যুদ্ধ কেনে হ’ব সেই লৈ আলোচনা কৰে আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ পৰৱৰ্তী দুদিন আদালত বন্ধ থাকিব আৰু সোমবাৰে আদালতৰ দুৱাৰ খোলাৰ লগে লগে আইনী যুদ্ধত নামি পৰিব কংগ্ৰেছ দল৷ অহা দুদিনত কংগ্ৰেছে ৰাজনৈতিকভাৱে প্ৰতিবাদ কৰাৰ লগতে দলীয়ভাৱে আন্দোলন সংগঠিত কৰি তুলিব৷

অসমতো ক্ষোভ, অসন্তুষ্ট কংগ্ৰেছ-তৃণমূল-ৰাইজৰ দল

গুজৰাটৰ আদালতে এটা মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ৰায়দান দিয়াৰ পাছতে তেওঁৰ সাংসদ পদ খাৰিজ কৰাক লৈ অসমতো আৰম্ভ হৈছে অসন্তুষ্টি৷ অসম প্ৰদেশ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম তৃণমূল কংগ্ৰেছে সাংসদ ৰাহুল গান্ধীক লোকসভাৰ পৰা যোগ্যতাহীন কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ৷ কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে গুজৰাটৰ এখন নিম্ন আদালতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া ৰায়ৰ বিপৰীতে উচ্ছ আদালতত আবেদন কৰাৰ বাবে একেখন আদালতেই ৩০ দিনৰ সময় দিয়া স্বত্বেও এদিনৰ পাছতে ইমান খৰখেদাকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে যি অসহনশীলতাৰ পৰিচয় দিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰিয়ভাজন পুঁজিপতি আদানিৰ ব্যৱসায়ীক অনিয়ম বিৰুদ্ধে তদন্ত কৰিবলৈ ‘জইণ্ট পাৰ্লিয়ামেণ্টৰী কমিটী' গঠনৰ দাবীৰে ৰাহুল গান্ধীয়ে অহৰহ দাবী জনাই আহিছে৷ বিজেপি চৰকাৰ খনৰ আঁসোৱাহ বোৰ সদনৰ বাহিৰে ভিতৰে উদঙাই দিয়াৰ লগতে দেশৰ অৰ্থনৈতিক প্ৰতিষ্ঠান ষ্টেট বেংক, এল.আই.চি. আদিক বিজেপিয়ে ভুল নীতি গ্ৰহণ কৰি ধবংসৰ গৰাহলৈ ঠেলি দিয়াৰ বিৰুদ্ধে তথা বিজেপিৰ নানান কু-কাণ্ডক উদঙাই দি ৰাহুল গান্ধী সৰৱ হৈ উঠাৰ বাবে তেওঁক ৰাজনৈতিক বলী সজাই এনেদৰে বিজেপিয়ে আক্ৰোশমূলক সিদ্ধান্ত লৈছে৷ আইনী যুঁজৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সুযোগ নিদি এইদৰে ষড়যন্ত্ৰমূলক সিদ্ধান্ত লৈ বিজেপিয়ে ৰাহুল গান্ধীৰ কণ্ঠৰোধ কৰিব বিচাৰিছে৷ কাৰণ ইয়াৰ আগতেও অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল ৰাহুল গান্ধীৰ পিতৃ কোন মই নাজানো, আনকি প্ৰধানমন্ত্ৰী মোদীয়েও কৈছিল ‘‘ভাৰতবৰ্ষত মই জন্ম গ্ৰহণ কৰাৰ বাবে মোৰ দুখ লাগে, ভাৰতবৰ্ষ এখন ইমান লেতেৰা দেশ, ইমান দুৰ্নীতি পৰায়ণ দেশ’’ ৷ তেতিয়াতো ইয়াৰ বিৰুদ্ধে কোনেও আইনী পদক্ষেপ লোৱা দেখা নগ’ল ‘ভাৰত জোড়ো যাত্ৰা' ৰ সময়ত ৰাহুল গান্ধীৰ সমৰ্থনত ২৮ টাকৈ সৰু বৰ ৰাজনৈতিক দলে ৰাজপথলৈ ওলাই আহিছিল৷ যি কথাত বিজেপি সংকিত হৈ পৰিছিল৷ গতিকে ৰাহুল গান্ধীৰ কণ্ঠ ৰোধ কৰিবলৈ বিজেপিয়ে নতুন নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে, কাৰণ বিজেপিয়ে জানে যে দেশৰ বিকল্প নেতা ৰাহুল গান্ধী৷ গতিকে ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী সুৰুঙা লৈ তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছে যাতে তেখেতে সাংসদত মুখ খুলিব নোৱাৰে৷ কিন্তু সাংসদৰ সেই যুঁজখন আমি জনতাৰ মাজলৈ লৈ যাম আৰু দেশৰ শাসন ক্ষমতাৰ পৰা দেশৰ সংবিধান বিৰোধী স্বৈৰতান্ত্ৰিক বিজেপি দলক উৎখাত কৰাৰ বাবে বৃহৎ গণ আন্দোলন গঢ়ি তুলিম৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ তেওঁ এই কাৰ্যক সম্পূৰ্ণৰূপে দ্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি অভিহিত কৰি কয়–আমি ৰাইজৰ দলে কোনোপধ্যেই এই কাৰ্যক সমৰ্থন কৰিব নোৱাৰোঁ৷ কেৱল এটা মানহানি গোচৰৰ অভিযোগৰ ভিত্তিত যিটো কোনো অপৰাধিক গোচৰ নহয় বা কোনো বৃহৎ দুৰ্নীতিৰ গোচৰ নহয় তেনেক্ষেত্ৰত এজন সাংসদৰ সাংসদ পদ খাৰিজ কৰাটো অভূতপূৰ্ব৷ এনেকুৱা ধৰণৰ আগতে নঘটা ঘটনা সংঘটিত কৰি বিজেপি চৰকাৰে আমাৰ দেশৰ গণতন্ত্ৰক হত্যা কৰিব খুজিছে৷ যোৱা কিছুদিন ধৰি বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক ফেচিবাদী নীতি প্ৰৱৰ্তন কৰি দেশবাসীৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে আৰু বিশেষভাৱে সমগ্ৰ দেশৰ সম্পদ কেইজনমান পুঁজিপতি, কেইটামান কৰ্পৰেটৰ হাতত তুলি দিব খুজিছে আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই মানুহৰ মুখ বন্ধ কৰি দিব খোজা হৈছে৷ সেই ঘটনাৰ পৰিণাম ৰূপেই এতিয়া আমি ৰাহুল গান্ধীৰ সাংসদ পদ এনেকৈ কৰ্তন কৰা আমি দেখিবলৈ পালোঁ৷ ৰাইজৰ দলৰ তৰফৰ পৰা এই ঘটনাক নিন্দা কৰাৰ লগতে পুনৰ লোকসভাত ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিবৰ কাৰণে দাবী উত্থাপন কৰি গগৈয়ে কম নৰেন্দ্ৰ মোদী চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰীক ফেচিবাদী কাম বন্ধ হ’ব লাগে৷ ১৯৭৫১ পৰা ১৯৭৭ চন পৰ্যন্ত কেৱল জৰুৰীকালীন সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল৷ পুনৰ এতিয়া দেশত তেনেকুৱা ধৰণৰ ফেচিবাদী কাৰ্যকলাপ চলোৱা হৈছে৷ এই কাম বন্ধ হ’ব লাগে বুলি দাবী তুলি গগৈয়ে কয় মই দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ হ’বৰ বাবে আহ্বান জনাইছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজ, সমগ্ৰ ভাৰতবাসী ৰাইজ বিশেষকৈ গণতান্ত্ৰিক ৰাইজক মই বিজেপি চৰকাৰৰ এই কাণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছোঁ৷ সাংসদ ৰাহুল গান্ধীক লোকসভাৰ পৰা যোগ্যতাহীন কৰা কাৰ্যক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ এই কাণ্ডৰ জৰিয়তে বিজেপিয়ে চূড়ান্ত অগণতান্ত্ৰিকতাৰ পৰিচয় দি নিজৰ স্বৈৰাচাৰী ৰূপ বিশ্ববাসীৰ সন্মুখত আকৌ এবাৰ উদঙাই দিলে বুলি মন্তব্য কৰে৷ ইয়াৰ জৰিয়তে বিজেপিয়ে দেশত বিৰোধীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে৷ কিন্তু বিজেপিৰ এই কু-অভিসন্ধি দেশৰ জনগণে সফল হ’বলৈ নিদিয়ে৷