Logo
image

পত্নীৰ কেন্সাৰ, সিদ্ধু এতিয়াও জে’লতেই

আমাৰ অসম, ২৫ মাৰ্চঃ একেৰাহে ১০ মাহ ধৰি কাৰাবন্দী হৈ আছে এসময়ৰ বিখ্যাত ক্ৰিকেটাৰ তথা প্ৰাক্তন সাংসদ নৱজোৎ সিং সিদ্ধু৷ কৌতুক অভিনেতা কপিল শৰ্মাৰ শ্ব’ত সূত্ৰধাৰৰ ভূমিকাত থকা নৱজোৎ সিং সিদ্ধু যে দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছে সেই বিষয়ে তেওঁৰ অনুৰাগী-সমৰ্থকে প্ৰায় পাহৰি পেলাইছে৷ পাহৰি পেলাইছে তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপো৷ এসময়ত বিজেপিৰ সাংসদ হৈ থকা নৱজোৎ সিং সিদ্ধুৱে পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰে আৰু পঞ্জাৱৰ বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যিক সভাপতি হৈ কংগ্ৰেছৰ নিৰ্বাচনো পৰিচালনা কৰিছিল৷ আনকি তেওঁ পঞ্জাৱৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈ আছিল৷ এনেদৰে একাধিক ভূমিকা পালন কৰি থকা নৱজোৎ সিং সিদ্ধুৰ কথা অনেকেই পাহৰি পেলাবলৈ লওতেই হঠাৎ তেওঁৰ নাম চৰ্চালৈ আহিছে৷ এই চৰ্চাৰ কাৰণ হৈছে নৱজোৎ সিং সিদ্ধুৰ পত্নী এটা টুইট৷ এসময়ৰ চিকিৎসক আৰু পৰৱৰ্তী সময়ত পঞ্জাৱৰ বিধায়ক হোৱা সিদ্ধুৰ পত্নীৰ নামো হৈছে নৱজোৎ কৌৰ৷ সম্প্ৰতি তেওঁ এটা টুইট কৰি কৈছে–‘বিনা অপৰাধত তেওঁ জে’ল খাইছে৷ এইপিনে আমি তেওঁৰ মুক্তিৰ অপেক্ষাত বাহিৰত আছো৷ জে’লত তেওঁ যি কষ্টত আছে মই হয়তো বাহিৰতে তাতকৈ অধিক কষ্টত আছো৷’ উল্লেখ্য সিদ্ধুৰ পত্নী নৱজোৎ কৌৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে৷ তেওঁৰ কৰ্কট ৰোগ দ্বিতীয় পৰ্যায়ত ধৰা পৰিছে৷ সেয়ে নৱজোৎ কৌৰৰ শাৰীৰিক অৱস্থা মুঠেই ভাল নহয়৷ বেছ কষ্টত তেওঁ দিন পাৰ কৰিছে৷ এনে এক কঠিন পৰিস্থিতিত কেৱল ভগৱানৰ ওপৰত ভৰষা ৰাখি জীয়াই থকা নৱজোৎ কৌৰে টুইটত কৈছে যে তেওঁৰ স্বামী ন্যায় বিচাৰ পোৱা নাই৷ তথাপি তেওঁ স্বামীৰ বাবে অসুস্থ শৰীৰেৰে অপেক্ষা কৰি থকাৰ গত্যন্তৰ নোহোৱা হৈছে৷ কিন্তু পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ, যিকোনো মুহূৰ্তত নৱজোৎ কৌৰে শেষনিশ্বাস ত্যাগ কৰিব বুলি আশংকাত ভুগিছে৷ তেওঁ কৈছে– ‘সত্য ক্ষমতাশীল৷ কিন্তু সেয়া প্ৰমাণ কৰোতেই সময় অতিক্ৰম কৰি গুচি যায়৷ এয়াই কলিযুগ৷ মোক ক্ষমা কৰি দিবা৷ মই হয়তো আৰু তোমালৈ অপেক্ষা কৰিব নোৱাৰিম৷ কিয়নো মই ষ্টেজ-২ কেন্সাৰত আক্ৰান্ত৷ যিকোনো মুহূৰ্তত মই অস্ত্ৰোপচাৰ কৰিব লাগিব৷ তেতিয়াও যে মই জীয়াই থাকিম, তাৰ কোনো নিশ্চয়তা নাই৷ এয়াই হয়তো ভগৱানৰ ইচ্ছা৷ কাকো দোষ দি লাভ নাই৷’ জীৱনৰ কঠিন সময়ত স্বামীক কাষত নাপাই এনেদৰেই হতাশা ব্যক্ত কৰিছে এসময়ৰ চিকিৎসক আৰু বিধায়ক নৱজোৎ কৌৰে৷ 
উল্লেখ্য ২০২২ চনৰ মে’ৰ পৰা কাৰাবন্দী হৈ আছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধু৷ ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাটিয়ালাৰ এটা পথত গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি বন্ধু ৰুপিন্দ্ৰ সিং সান্ধুৰ সৈতে গুৰনাম সিং নামৰ এজন ব্যক্তিৰ সৈতে সংঘাতত জড়িত হৈ পৰিছিল সিদ্ধু৷ অভিযোগ মতে দুয়ো টনা-আজোৰা কৰি গুৰনাম সিঙক মাৰপিট কৰে৷ এই ঘটনাৰ কেইদিনমানৰ পাছত গুৰনাম সিঙৰ মৃত্যু হয়৷ সেই ঘটনাৰ গোচৰ দীৰ্ঘদিন চলাৰ ৩৪ বছৰৰ পাছত সিদ্ধুৰ বিৰুদ্ধে এবছৰ কাৰাবাসৰ শাস্তিৰ ঘোষণা কৰে শীৰ্ষ আদালতে৷ গোচৰৰ দীঘলীয়া সময়ছোৱাত কোনো আদালতে সিদ্ধুক নিৰ্দোষী ঘোষণা কৰিলেও আন কোনো আদালতে তেওঁক দোষী ঘোষণা কৰে৷ আদালতৰ এই টনা-আজোৰাৰ মাজতে বিগত বছৰৰ ১৯ মে’ত উচ্ছতম ন্যায়ালয়ে সেই পুৰণি গোচৰটো পুনৰ বিবেচনা কৰি সিদ্ধুক কাৰাদণ্ড প্ৰদান কৰে৷ তেতিয়াৰ পৰাই আজিলৈকে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিক নৱজোৎ সিং সিদ্ধু কাৰাবন্দী৷ আনহাতে তেওঁৰ কৰ্কট ৰোগাক্ৰান্ত পত্নী মৃত্যুৰ দুৱাৰদলিত৷