Logo
image

শংকৰ লাল গোৱেংকালৈ নন্দ কিশোৰ মহেশ্বৰী দেৱৰ 'সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা'

ডিজিটেল সংবাদ, গুৱাহাটীঃ  উত্তৰ পূব মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত শনিবাৰে ১৬ সংখ্যক প্ৰাদেশিক অধিৱেশনৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটীৰ ফেন্সি বজাৰৰ তেৰাপন্থ ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ লগতে সমাজৰ বহুকেইজন গণ্যমান্য ব্যক্তি। উত্তৰ পূব মাৰোৱাৰী যুৱ মঞ্চয়ে নন্দ কিশোৰ মহেশ্বৰী দেৱৰ 'সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা' প্ৰদান কৰে অসমৰ আগশাৰীৰ সংস্কৃতিক কৰ্মী লগতে তিনিবাৰকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শংকৰ লাল গোৱেংকালৈ। 'সাহিত্য আৰু সংস্কৃতিৰ সমন্বয় বঁটা' গ্ৰহণ কৰি তেওঁ কয়,"মই প্ৰফুল্লিত অনুভব কৰিছো আৰু মই সদায় উত্তৰ পূব ভাৰতৰ শিল্প, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত কাম কৰিবলৈ সংকল্পবদ্ধ। শিল্প, সাহিত্য আৰু সংস্কৃতিলৈ অহৰহ অৱদানৰ বাবে এই বঁটাটো মোৰ আজীৱন সাফল্য পৰিচয় হৈ ৰব। লগতে মই যিখিনি অৰ্জন কৰিলোঁ সেয়া হৈছে মোৰ প্ৰচেষ্টা আৰু স্বতঃস্ফূৰ্তভাৱে হোৱা নিষ্ঠা লগতে মোৰ সমগ্ৰ দলৰ কঠোৰ পৰিশ্ৰম। ভৱিষ্যতে শিল্প, সাহিত্য আৰু সংস্কৃতিৰ জগতখনৰ বাবে অধিক কাম কৰি যাম৷"