Logo
image

গুৱাহাটীত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতাৰে কংগ্ৰেছৰ প্ৰতিবাদঃ আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত সংঘাত

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসমতো কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ তীব্ৰ প্ৰতিবাদ জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। তাৰে অংশ হিচাপে শনিবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে। অসম কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছে দিছপুৰ বিধানসভা চৌহদৰ পৰা ৰাজভৱন অভিমুখে এক প্ৰতিবাদী যাত্ৰা কৰে। কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আদি নেতাৰ নেতৃত্বত কংগ্ৰেছৰ শ শ প্ৰতিবাদকাৰী গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা আৰু লোকসভা সচিবালয়ক এই নিৰ্দেশনা উঠাই ল'বলৈ দাবী জনাই বিজেপি বিৰোধী বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল‌ কৰি তোলে। ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰে কয় যে দেশৰ সাংবিধানিক গণতন্ত্ৰ আজি বিপদাপন্ন। ৰাহুল গান্ধীৰ সাংসদ‌ পদ খাৰিজ কৰি‌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ‌ বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসনৰ‌ পৰিচয় দিছে। ৰাহুল গান্ধীয়ে গৌতম আদানিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰ উদঙাই দিয়াৰ‌ বাবে ৰাহুল গান্ধীক নৰেন্দ্ৰ মোডীয়ে লক্ষ্য হিচাপে লৈছে। তেওঁলোকে কয়- বিজেপিয়ে ভাবিছে যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ৰাহুল গান্ধীক দুৰ্বল কৰা হ'ব। কিন্তু ৰাহুল গান্ধী ইয়াৰ ফলত ভীতিগ্ৰস্ত ন'হৈ বৰং বেছি শক্তিশালীহে হ'ব। উল্লেখ্য, মোডী উপাধি সম্পৰ্কীয় এক মন্তব্যৰ বাবে তৰা মানহানি গোচৰত বৃহস্পতিবাৰে ৰাহুল গান্ধীক চুৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰাৰ লগতে দুবছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ পিছত শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ৰাহুল গান্ধীক সংসদত অযোগ্য ঘোষণা কৰে। ইয়াৰ পাছতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে৷