Logo
image

ৰাজহুৱা স্থানত পৰিধান কৰিব লাগিব মাস্কঃ ক'ভিডৰ বৰ্দ্ধিত সংক্ৰমণক লৈ কেন্দ্ৰৰ নতুন এছ অ' পি

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ক'ভিড আৰু H3N2 ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰ৷ যাৰ বাবে কেন্দ্ৰই জাৰি কৰিছে নতুন এছ অ' পি৷ নতুন এছ অ' পি অনুসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ লগতে কেন্দ্ৰীয় চৰকাৰে ১০ আৰু ১১ এপ্ৰিলত ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত মক ড্ৰীল আয়োজন কৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজ্যসমূহৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নতুন এছ অ' পিত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ জনতাক পৰামৰ্শ দিয়াৰ লগতে হাঁচি বা কাহ মৰাৰ সময়ত নাক আৰু মুখ ঢাকিবলৈ ৰুমাল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ লগতে সঘনাই হাত ধুবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি ৰাজহুৱা স্থানত থুই পেলোৱাৰ পৰা বিৰত থকা আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত হ'লে আন লোকৰ সৈতে সম্পৰ্ক সীমিত ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে।

উল্লেখ্য যে ১৪৬ দিনৰ পিছত দেশত ২৪ ঘণ্টাত ১৫শৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে ক'ভিডত আক্ৰান্ত হৈছে ১,৫৯০ জন লোক৷ ইতিপূৰ্বে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা ল'বলৈ ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচিবে৷ ৬ খন ৰাজ্যৰ বৰ্দ্ধিত সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰই৷ এই ছয় খন ৰাজ্যৰ ভিতৰত আছে- মহাৰাষ্ট্ৰ, গুজৰাট, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটক৷