Logo
image

ৰাহুল-কাণ্ডই বিৰোধী ঐক্যত সাৰ-পানী যোগালে নেকি? বিজেপিৰ দুশ্চিন্তা

আমাৰ অসম, ২৭ মাৰ্চঃ  শাপেই বৰ হ’ব কংগ্ৰেছৰ! ৰাহুল গান্ধীৰ বিৰুদ্ধে ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতে ঘোষণা কৰা দুবছৰৰ কাৰাদণ্ড আৰু তাৰ সুযোগ লৈ ৰাহুল গান্ধীৰ লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ ঘটনাই কংগ্ৰেছ দলক পুনৰুজ্জীৱিত কৰি তুলিছে৷ লঘু দ্বন্দ্বত ৰাহুল গান্ধীয়ে গুৰু শাস্তি পোৱা আৰু তাৰ আঁৰত শাসনাধিষ্ঠিত বিজেপিৰ  প্ৰচ্ছন্ন ষড়যন্ত্ৰৰ ছাঁয়া দেখি দেশৰ সকলো বিৰোধী দল একত্ৰিত হৈ পৰিছে আৰু সকলোৱেই বিজেপিৰ বিৰুদ্ধে গুজৰি উঠিছে৷ ইমানদিনে কংগ্ৰেছক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰা আৰু বহুক্ষেত্ৰত বিৰোধিতা কৰি থকা ৰাজনৈতিক দল যেনে তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টী আৰু  ভাৰত ৰাষ্ট্ৰীয় সমিতিয়ে চৰকাৰ বিৰোধী হিচাপে এটা ছাতিৰ তলত সমৱেত হৈছে৷ অতি তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী ৰাজনৈতিক দলৰ এই ঐক্য অভূতপূৰ্ব৷ দেশৰ প্ৰায় সকলো ৰাজনৈতিক দল শাসনাধিষ্ঠিত দলৰ বিৰুদ্ধে একেলগে থিয় হোৱাৰ এনে উদাহৰণ বিগত ৮-৯ বছৰত সংঘটিত হোৱা নাই৷ এই পৰিস্থিতিত শাসনাধিষ্ঠিত দল বিজেপি শংকিত হৈ পৰিছে– ৰাহুল কাণ্ডই বিৰোধী ঐক্যত সাৰ-পানী যোগালে নেকি? বিজেপিৰ এই দুশ্চিন্তা অতিশয় স্বাভাৱিক৷ কংগ্ৰেছ দলৰ নেতা শশী থাৰুৰৰ বক্তব্যত সেয়া প্ৰতিফলিত হৈছে৷ শশী থাৰুৰে কৈছে, কলীয়া ডাৱৰৰ সিপাৰে সদায় ৰূপালী ৰেখা থাকে৷ অৰ্থাৎ  প্ৰতিটো বেয়া পৰিস্থিতিতো ভাল ফলাফল ওলোৱাৰ একোটা সম্ভাৱনা থাকে৷ শশী থাৰুৰৰ দাবী, তেওঁ সেই সম্ভাৱনা দেখিছে ৰাহুল কাণ্ডৰ ফলত সৃষ্টি হোৱা বিৰোধী ঐক্যত৷ থাৰুৰে কৈছে, দিল্লীত অৰৱিন্দ কেজৰিৱাল, পশ্চিমবংগত মমতা বেনাৰ্জী আৰু হায়দৰাবাদত চন্দ্ৰশেখৰ ৰাৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে  একেলগে থিয় হৈছে আৰু প্ৰতিবাদ কৰিছে৷ সেয়া কেৱল কংগ্ৰেছ নহয়, সমগ্ৰ বিৰোধী ৰাজনৈতিক দলৰ বাবে শুভলক্ষণ আৰু বিৰোধী ঐক্য সংগঠিত হৈ পৰাৰ এক তাৎপৰ্যপূৰ্ণ প্ৰক্ৰিয়া৷ কংগ্ৰেছ অথবা শশী থাৰুৰে বিৰোধীৰ ঐক্যত সাহস পোৱাৰ সমান্তৰালভাৱে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি আতংকিত হৈছে আৰু তেওঁলোকৰ দুশ্চিন্তা বৃদ্ধি পাইছে৷ কিয়নো সন্মুখত আছে কৰ্ণাটকৰ নিৰ্বাচন৷ তদুপৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন তথা তাৰ পূৰ্বে দেশৰ একাধিক ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত ৰাহুল কাণ্ডই বিজেপি বিৰোধী পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হোৱাৰ দৰে ৰাহুল কাণ্ডই এতিয়ালৈকে অপ্ৰতিৰোধ্য হৈ থকা বিজেপিক ৰাজনৈতিকভাৱে শলঠেকত পেলাব পাৰে৷ 

ৰাহুল গান্ধীৰ বিৰুদ্ধে ছুৰাটৰ আদালতে প্ৰদান কৰা ৰায়ৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই এতিয়াও কংগ্ৰেছ দল উচ্ছ আদালতলৈ যোৱা নাই৷ একেদৰে সাংসদ পদ খাৰিজৰ বিৰুদ্ধেও ৰাহুল গান্ধী কিম্বা কংগ্ৰেছ দলে কোনো আবেদন-নিবেদন জনোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে স্বয়ং ৰাহুল গান্ধীয়ে শনিবাৰে এখন সংবাদমেলত কৈছে যে তেওঁ জে’ললৈ যাবলৈ ভয় নকৰে আৰু  বিজেপিয়ে আজীৱন তেওঁৰ সাংসদ পদৰ পৰা বহিষ্কাৰ কৰিলেও সেই লৈ অলপো চিন্তা নকৰে৷ এনে পৰিস্থিতিত বিজেপি চিন্তিত হৈ পৰিছে– ৰাহুল গান্ধীয়ে বা কংগ্ৰেছ দলে উচ্ছ আদালতত ছুৰাটৰ ৰায়ৰ প্ৰত্যাহ৩ান নজনাব নেকি? ৰাহুল গান্ধীয়ে জে’ললৈ যোৱাৰ সিদ্ধান্ত ল’ব নেকি? যদিহে ৰাহুল গান্ধীয়ে তেনে এক সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে বিজেপিৰ বাবে এই ষড়যন্ত্ৰ হিতে বিপৰীত হ’ব৷ এই ঘটনাৰ বাবে দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ আমুল পৰিৱৰ্তন ঘটিব পাৰে৷ আকস্মিকভাৱে সৃষ্টি হ’ব পাৰে প্ৰতিষ্ঠানবিৰোধী ঢৌ৷ এতিয়াও কংগ্ৰেছে ছুৰাটৰ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে কি পদক্ষেপ ল’ব সেয়া ৰাজহুৱা কৰা নাই৷ কংগ্ৰেছে ৰাহুলৰ পৰৱৰ্তী পদক্ষেপ অতি গোপনে ৰাখিছে৷ সেয়ে দুশ্চিন্তা বাঢ়িছে বিজেপিৰ৷ 

কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালত আৰু লোকসভাৰ সচিবালয় অথবা আওপকীয়াকৈ বিজেপি চৰকাৰে গ্ৰহণ কৰা সাংসদ পদ খাৰিজৰ ঘটনা এতিয়ালৈকে ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে৷  সংকীৰ্ণ চিন্তা কৰি কেৱল ৰাহুল গান্ধীক উদ্ধাৰ অভিযানত নমা নাই কংগ্ৰেছ দল৷ ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছ দলে বিগত দুদিন ধৰি ৰাহুল কাণ্ডক সমগ্ৰ দেশৰ বৃহৎ ‘ইছ্যু’ হিচাপে থিয় কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে৷ চেষ্টা চলাইছে বিৰোধী ঐক্যৰ৷ প্ৰাৰম্ভিকভাৱে সেই প্ৰচেষ্টাত কংগ্ৰেছ দল সফল হৈছে৷ শনিবাৰে কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদ কৰাৰ পাছত দেওবাৰে সমগ্ৰ দেশত কংগ্ৰেছ দলে সংকল্প সত্যাগ্ৰহ পালন কৰে৷ দেশৰ ৪৭০ খন জিলা মুখ্য কাৰ্যালয়ত কংগ্ৰেছ দলে পালন কৰা সংকল্প সত্যাগ্ৰহত বিভিন্ন ৰাজনৈতিক দলে অংশগ্ৰহণ কৰি বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন কৰিছে৷ ৰাজনৈতিকভাৱে মতপাৰ্থক্য থাকিলেও ৰাহুল গান্ধীৰ প্ৰতি হোৱা এই অবিচাৰক বিৰোধী ৰাজনৈতিক দলে বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলিয়েই ধৰি লৈছে৷ সেয়ে বিৰোধী ৰাজনৈতিক দলে কংগ্ৰেছৰ সংকল্প সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছে আৰু সেই ঘটনাই বিজেপিৰ দুশ্চিন্তা বৃদ্ধি কৰিছে৷ ইপিনে শশী থাৰুৰ আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই দাবী কৰিছে যে ৰাহুল গান্ধীয়ে যি মোদীক উদ্দেশ্য কৰি ৰখা বক্তব্যক অবিচিৰ প্ৰতি অপমানজনক বুলি বিজেপিয়ে দাবী কৰিছে সেই দুই মোদী অৰ্থাৎ ললিত মোদী আৰু নীৰৱ মোদী অবিচি অৰ্থাৎ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক নহয়৷ বিজেপিয়ে সেই লৈ ভুৱা প্ৰচাৰ চলাইছে৷ 

কেন্দ্ৰীয়ভাৱে কংগ্ৰেছ দলে মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটৰ সমীপত দেওবাৰে সংকল্প সত্যাগ্ৰহ পালন কৰে৷ প্ৰতিবাদস্থলীত সকলো শীৰ্ষ কংগ্ৰেছ নেতাৰ লগতে ৰাহুল গান্ধীৰ ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে অংশগ্ৰহণ কৰি অগ্নিবৰ্ষী ভাষণেৰে মূলতঃ প্ৰধানমন্ত্ৰী মোদী আৰু সামগ্ৰিকভাৱে বিজেপি দলক লক্ষ্য কৰি আক্ৰমণ হানে৷ প্ৰিয়ংকা গান্ধীয়ে কয় যে, স্বয়ং প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে দেশৰ পৱিত্ৰ সংসদতে গান্ধী পৰিয়ালৰ কুৎসা ৰটনা কৰিছে৷ সেয়া এতিয়া বিজেপি আৰু মোদীৰ অভ্যাসত পৰিণত হৈছে৷ ৰাহুল গান্ধীক তেওঁলোকে মীৰ জাফৰ বুলি অভিহিত কৰিছে৷ অথচ ৰাহুল গান্ধী দেশৰ হৈ শ্বহীদ হোৱা এজন প্ৰধানমন্ত্ৰীৰ পুত্ৰ৷ তেওঁৰ আইতাকো দেশৰ হৈ শ্বহীদ হৈছে৷ ৰাহুল গান্ধীয়ে কেতিয়াও দেশবিৰোধী বক্তব্য প্ৰদান কৰা নাই আৰু তেনে কাৰ্য কৰাৰ কোনো উদাহৰণ নাই৷ দেশৰ এজন মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ পিতৃ পৰিচয় নথকা বুলি অতিশয় অশ্লীলভাৱে তেওঁৰ ভ্ৰাতৃক আক্ৰমণ কৰা বুলিও প্ৰিয়ংকাই মন্তব্য কৰে৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে ইমান অপমানজনক আৰু অশ্লীল আক্ৰমণ কৰা সত্ত্বেও তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নহ’ল বুলি তেওঁ প্ৰশ্ন কৰে৷  তেওঁলোকৰ পৰিয়ালক লৈ বাৰম্বাৰ অপমানজনক কথা কোৱা সত্ত্বেও, বাৰে বাৰে বিজেপিৰ দ্বাৰা অপমানিত হোৱা সত্ত্বেও তেওঁলোক নিশ্চুপ হৈ থকা  বুলি প্ৰিয়ংকাই মন্তব্য কৰে৷ প্ৰিয়ংকাই দাবী কৰে সকলো ৰজাৰ দৰে এদিন নহয় এদিন মোদীৰো পতন ঘটিব৷ সেই দিন নিচেই ওচৰত৷ অৱশেষত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ চূড়ান্ত আক্ৰমণ দেখি কেৱল কংগ্ৰেছ দলেই নহয়, দেশৰ সকলো বিৰোধী দল আৰু আনকি সাধাৰণ নাগৰিকো বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰা বুলি তেওঁ দাবী কৰে৷ ইপিনে ৰাহুল গান্ধীয়ে তেওঁৰ টুইটাৰ হেণ্ডলৰ পৰা দেওবাৰে সাংসদ পদবী আঁতৰাই ‘ডিছ’-‘কোৱালিফাইড’ সাংসদ বুলি নতুন পৰিচয় লিপিৱদ্ধ কৰিছে৷ ৰাহুল গান্ধীয়ে এই নতুন পৰিচয়েৰে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে বিজেপিয়ে চলোৱা আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰিব বুলি সাজু হৈছে৷