Logo
image

ৰাহুলৰ ক্ষেত্ৰতে এনে হ’লে সাধাৰণ মানুহৰ কি হ’বঃ ড॰ হীৰেন গোহাঁই

আমাৰ অসম, ২৭ মাৰ্চঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছতে এই সিদ্ধান্তৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে অসম নাগৰিক সমাজে৷ ‘আহক আমি সকলোৱে ঐক্যৱদ্ধভাৱে ৰাহুল গান্ধীৰ ওপৰত নমাই অনা এই আক্ৰমণৰ প্ৰতিবাদ কৰোঁ৷’–এই আহ্বানৰে দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰি অসম নাগৰিক সমাজৰ উপদেষ্টা, বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই, সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে কয়–গুজৰাটৰ চুৰাটৰ এখন নিম্ন আদালতে ২৩ মাৰ্চৰ দিনা মানহানি গোচৰ এটাত দোষী সাব্যস্ত কৰি ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ড বিহে৷ তাৰ এদিন পিছতে ২৪ মাৰ্চৰ দিনা লোকসভা সচিবালয়ে লোকসভাৰ পৰা ৰাহুল গান্ধী সদস্য পদ খাৰিজ কৰে৷ আইনী প্ৰক্ৰিয়াৰ গইনা লৈ মোদী চৰকাৰে বিৰোধীৰ অন্যতম শক্তিশালী কণ্ঠ ৰাহুল গান্ধীক লোকসভাৰ পৰা আঁতৰোৱাৰ ই এক নিকৃষ্ট ষড়যন্ত্ৰ৷ আমি দেখিছোঁ যে হিন্দেনবাৰ্গ ৰিচাৰ্চে আদানীৰ বিভিন্ন ধৰণৰ জালিয়াতি ফাদিল কৰাৰ পিছতে এতিয়ালৈ লোকসভাত চৰকাৰে বিষয়টোৰ আলোচনা হ’বলৈ দিয়া নাই৷ অথচ, ভাৰতৰ অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল৷ তাৰ মাজতে ৰাহুল গান্ধীয়ে তথ্য-পাতি দি নিৰ্ভীকভাবে আদানী আৰু মোদী চৰকাৰৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা সদনত বলিষ্ঠভাৱে দাঙি ধৰিছিল৷ কিন্তু তাকো তেওঁলোকে লিপিবদ্ধ কৰিবলৈ নিদিলে৷ তাৰ আগতে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ যোগেদি বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক  আৰু ভয়াবহ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিছিল৷ ভয়াৰ্ত বাক্‌হীন জনতাৰ মুখত প্ৰতিবাদৰ ভাষা তুলি দিছিল৷ ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত, লণ্ডনৰ বিদ্বান মণ্ডলীত ৰাহুল গান্ধীয়ে ‘ভাৰতীয় গণতন্ত্ৰই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বক্তৃতা দিছিল৷ কিন্তু ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে তেওঁ কেতিয়াও বিদেশী শক্তিৰ সমৰ্থন বিচৰা নাছিল৷ এনেদৰে যোৱা সময়ছোৱাত এটাৰ পিছত এটাকৈ ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ ভুল নীতি, মিথ্যাচাৰ আৰু ভণ্ডামি ৰাইজৰ আগত উদঙাই দি আহিছে৷ কিন্তু প্ৰতিবাৰেই তেওঁৰ বক্তব্য বিকৃত কৰি জনসাধাৰণৰ মাজত সন্দেহৰ সৃষ্টি কৰিব বিচৰা হৈছে৷ ৰাহুল গান্ধীৰ নিৰ্ভয়, সত্যনিষ্ঠ আৰু অহিংস প্ৰতিবাদে ক’ৰবাত যেন ভাৰতৰ জনগণৰো অন্তৰ স্পৰ্শ কৰিছে৷ তাৰ বাবেই আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি ইমান খৰ্গহস্ত৷ কিন্তু ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে যদিও এই আক্ৰমণ কেৱল ৰাহুল গান্ধীৰ ওপৰত নিমাই অনা ব্যক্তিগত আক্ৰমণ নহয়৷ ই ভাৰতীয় গণতন্ত্ৰৰ ওপৰত নমাই অনা আক্ৰমণহে৷ ৰাহুল গান্ধীৰ দৰে নেতা এজনৰ বিৰুদ্ধে যদি তেওঁলোকে এনে পদক্ষেপ লবলৈ সংকোচ নকৰে, তেন্তে আনবোৰ কোন কুটা৷ সেয়ে, ভাৰতৰ সকলে বিৰোধী ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মাত মাতিব লাগিব৷ ভাৰতীয় গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ যে দলীয় সংকীৰ্ণতাৰ উদ্ধৰ্লৈ গৈ সকলো বিৰোধী ৰাজনৈতিক দলে ৰাহুল গান্ধীৰ ওপৰত নমাই অনা এই আক্ৰমণৰ বিৰোধিতা কৰিছে৷ আমি ভাবোঁ, ই কেৱল বিৰোধী ৰাজনৈতিক দলৰে কথা নহয়, দল মত নিৰ্বিশেষে সকলো গণতন্ত্ৰপ্ৰেমী লোক, নাগৰিক সমাজৰ সকলো অংশই চৰকাৰৰ এই আক্ৰোশ আৰু দমনমূলক পদক্ষেপৰ প্ৰতিবাদ কৰা উচিত৷ যোৱা সময়ছোৱাত আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ, আইনৰ মানহানি ধাৰাটো বহু সময়ত ব্যক্তি আৰু প্ৰচাৰ মাধ্যমৰ মুখ বন্ধ কৰিবলৈও ব্যৱহাৰ কৰা হৈছে৷ পৰাঞ্জয় গুহ ঠাকুৰতাৰ দৰে ব্যক্তি আৰু ‘ৱায়াৰ’ আদিৰ দৰে সংবাদ গোষ্ঠীও ইয়াৰ বলি হৈছে৷ বহু আইনবিদে আনকি আইনৰ এই দফাটো উঠাই দিয়াৰে পোষকতা কৰিছে৷ বিষয়টো গুৰুত্বপূৰ্ণ৷ সংবাদ মেলত ড॰ গোহাঁয়ে আৰু কয়–ভাৰত ভাগ্য বহু পৰিমানে নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু এই চৰকাৰৰ কিছুমান নীতি আৰু সিদ্ধান্ত দেশৰ বাবে মাৰাত্মক হৈ পৰিছে৷ ৰাইজৰ কথাতো বাদেই, সংবাদ মাধ্যমো আজি সুৰক্ষিত নহয়৷ আজি ৰাহুল গান্ধীৰ ওপৰত চৰকাৰখনে যি কৰিছে সেয়া কেৱল ৰাহুল গান্ধী বা ছোনিয়া গান্ধীৰ বাবে নহয় দেশৰ গণতন্ত্ৰৰ বাবে ভাবুকি হৈ পৰিছে৷ ৰাহুল গান্ধীক কোনোবাই ভাল পাওক বা বেয়া পাওক বেলেগ কথা কিন্তু ৰাহুল গান্ধী গণতন্ত্ৰৰ আশা আকাংশাৰ প্ৰতীক৷ যিজন মানুহে ভাৰত যাত্ৰা কাৰ্যসূচীৰে সমগ্ৰ দেশৰ জনগণক বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰৰ বিষয়ে সজাগ কৰি আহিল সেইজন মানুহক সংসদত কথা ক’বলৈও নিদিলে৷ ন্যায়াধীশজনে জানি বুজি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড দিলে যাতে তেওঁৰ সাংসদ পদ কৰ্তন হয়৷ দেশৰ ন্যায়পালিকা আজি সন্দেহৰ আবৰ্তত৷ চৰকাৰখনে চৌদিশে বিয়পাই দিছে ধন আৰু প্ৰলোভনৰ ৰাজনীতি৷ আদানি-আম্বানিৰ প্ৰসংগ ওলালে নীৰৱ হৈ পৰে৷ ৰাহুল গান্ধীৰ ক্ষেত্ৰতে যদি এনে হয় সাধাৰণ মানুহৰ কি হ’ব? সংবাদমেলত ভাগ লৈ সাংসদ অজিত কুমাৰ ভূঞাই কয়–ৰাহুল গান্ধীয়ে সমস্ত তথ্য সদনত দাখিল কৰি বক্তব্য ৰাখিছে৷ আদানিক বহিৰা দেশতো ঠিকা ঠুকুলি দিবলৈ কেনেদৰে নিজৰ প্ৰভাব খটুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেয়া তন্ন তন্নকৈ দেখুৱাই দিছে সংসদত৷ আজি বিজেপিয়ে ইডি, চি বি আইৰ পাছত মানহানিৰ গোচৰকো অস্ত্ৰৰূপে লৈছে৷ চৰকাৰখনে এনে ষড়যন্ত্ৰমূলক ৰাজনীতি কৰাটো বিৰোধীৰ বাবে শুভ লক্ষণ৷ সংবাদমেলত ভাগ লৈ অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকৰে কয়–ৰাহুল গান্ধীক লঘু দোষত গুৰু শাস্তি দিলে৷ যি কেইটাৰ কথাৰ বাবে চুৰাটৰ আদালতে সৰ্বোচ্ছ শাস্তি দিলে যোৱা সময়চোৱাত তাতকৈ অধিক ঘৃণনীয় কথা, ঘৃণা বিয়পোৱা মন্তব্য দিয়াৰ পাছতো ন্যায়ালয়ে কাৰোবাক জগৰীয়া কৰা দেখা নাই৷ এয়া দুৰ্ভাগ্যজনক৷