Logo
image

ৰাজ্যৰ নতুন মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত

আমাৰ অসম, ২৮ মাৰ্চঃ ৰাজ্যৰ নতুন মুখ্য তথ্য আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে সদ্যপ্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান প্ৰধান ভাস্কৰজ্যোতি মহন্তক৷ বৰ্তমানৰ মুখ্য তথ্য আয়ুক্ত ড॰ অজিত প্ৰসাদ ৰাউটৰ [এ পি ৰাউট] কাৰ্যকালৰ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক উক্ত দায়িত্ব অৰ্পণ কৰে৷  উল্লেখ্য, ১৯৮৮ বেট্‌ছৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ভাস্কৰজ্যোতি মহন্তই ৩১ জানুৱাৰীত আৰক্ষী সঞ্চালকপ্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷