Logo
image

ৰাহুল গান্ধীক চৰকাৰী আৱাস খালী কৰাৰ নিৰ্দেশ

আমাৰ অসম, ২৮ মাৰ্চঃ সাংসদ পদ খাৰিজৰ পাছত এইবাৰ মোদী চৰকাৰে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা উচ্ছেদ কৰাৰ দিশে আগবাঢ়িছে৷ আনহাতে উপৰ্যুপৰি অসংখ্য সমস্যাৰ গৰাহত পৰি শলঠেকত পৰাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও নিতৌ ন ন অস্ত্ৰ  ব্যৱহাৰ কৰি বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে৷ দেশৰ সকলো চোৰেই মোদী কিয় হয় বুলি ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত কৰ্ণাটকৰ এখন নিৰ্বাচনী সভাত প্ৰশ্ন উত্থাপন কৰি দুবছৰ কাৰাদণ্ডৰ সন্মুখীন হোৱা ৰাহুল গান্ধীয়ে এইবাৰ নৰেন্দ্ৰ মোদী আৰু গৌতম আদানিৰ সম্পৰ্কক নতুন বিশেষণেৰে বিভূষিত কৰিছে৷ দেশৰ শ্বেয়াৰ বজাৰত বৃহত্তম  কেলেংকাৰি সংঘটিত কৰা গৌতম আদানি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিন্ন সম্পৰ্কক ৰাহুল গান্ধীয়ে সোমবাৰে মোদানি [মোদীঋআদানি] বুলি সম্বোধন কৰিছে৷ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনত অভিযুক্ত গৌতম আদানিক কিয় মোদী চৰকাৰে সকলো ৰাজহুৱা ধন দি নষ্ট কৰিছে সেই প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে৷ এল আই চি-ৰ ধন আদানিক, এছবিআই-ৰ ধন আদানিক, চাকৰিয়ালৰ ভৱিষ্যনিধিৰ ধন মোদী চৰকাৰে আদানিক গতাই দিয়া বুলি মন্তব্য কৰিছে ৰাহুলে৷ তেওঁ কয়– মোদানিৰ কেলেংকাৰি প্ৰকাশ হোৱাৰ পাছতো দেশৰ জনতাৰ অৱসৰৰ পাছত পাবলগীয়া ধন মোদী চৰকাৰে কিয় আদানিৰ কোম্পানীত বিনিয়োগ কৰি আছে? প্ৰধানমন্ত্ৰী মহোদয়, কোনো তদন্ত নাই, কোনো উত্তৰ নাই৷ আপোনাৰ ইমান ভয় কিয়?

ইপিনে সাংসদ পদ খাৰিজ হোৱা ৰাহুল গান্ধীক তেওঁৰ ১২ তোঘলক ৰোডৰ চৰকাৰী বাসভৱন খালী কৰিবলৈ সোমবাৰে নিৰ্দেশ দিছে লোকসভাৰ হাউছিং কমিটীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে ততাতৈয়াকৈ ৰাহুল গান্ধীক এই নিৰ্দেশ দিয়া হৈছে৷ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা জাননীত কোৱা হৈছে, এপ্ৰিলৰ ভিতৰত  তেওঁ সাংসদ হিচাপে লাভ কৰা চৰকাৰী বাসভৱন খালী কৰি দিব লাগিব৷ তেওঁ যিহেতু এতিয়া সাংসদ নহয় সেয়ে তেওঁক সৰ্বাধিক এমাহৰ ভিতৰত ১২ তোঘলক ৰোডৰ সাংসদ হিচাপে লাভ কৰা বাসভৱন এৰি দিব লাগিব৷ অন্যথা তেওঁক উচ্ছেদ কৰা হ’ব৷ অৱশ্যে ৰাহুল গান্ধীৰ বাবে এই জাননী প্ৰত্যাশিত আছিল৷ যোৱা ২৩ মাৰ্চত ছুৰাটৰ  ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিচাৰত এইছ এইছ বাৰ্মাই ৰাহুল গান্ধীক মোদী সম্প্ৰদায়ৰ বিৰুদ্ধে অৱমাননাসূচক মন্তব্য কৰাৰ অপৰাধত দুবছৰ কাৰাদণ্ড দিছিল৷ তাৰ ভিত্তিত ভাৰতীয় সংবিধানৰ ১০২[১] অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন [১৯৫১] ৰ ৮নম্বৰ অনুচ্ছেদ অনুসৰি পৰৱৰ্তী দিনটোতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল৷ অৱশ্যে বিচাৰক এইছ এইছ বাৰ্মাই ৰাহুল গান্ধীক ১০ হাজাৰ টকাৰ বিনিময়ত জামিন প্ৰদান কৰি তেওঁৰ ৰায়ৰ বিৰুদ্ধে ইচ্ছা কৰিলে উচ্ছ আদালতত প্ৰত্যাহ্বান জনাবলৈ ৩০ দিনৰ সময় দিছিল৷ পিছে ৰাহুল গান্ধী অথবা কংগ্ৰেছ দলে সেই ঘটনাৰ আজি পঞ্চম দিনতো উচ্ছ আদালতত আবেদন জনোৱা নাই৷ ধাৰণা কৰা হৈছিল ৰায়দানৰ পৰৱৰ্তী দুটা দিন শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে ৰাহুলে অথবা কংগ্ৰেছে সোমবাৰে উচ্ছ আদালতত প্ৰত্যাহ্বান জনাব৷ কিন্তু আজি সোমবাৰেও ৰাহুল গান্ধীৰ পক্ষৰ পৰা উচ্ছ আদালতত কোনো প্ৰত্যাহ্বান জনোৱা অথবা আবেদন জনোৱাৰ উমঘাম নাই৷ সেয়া কংগ্ৰেছ দলৰ বাবে অতি কৌশলী পদক্ষেপ বুলি ধাৰণা কৰা হৈছে৷  ৰাহুলৰ বিৰুদ্ধে বিজেপিৰ নেতাই  তৰা গোচৰৰ ভিত্তিত আদালতে দিয়া শাস্তি আৰু চৰকাৰে অবিলম্বে লোকসভাৰ সদস্যৰ পৰা খাৰিজ কৰাৰ ঘটনাক কংগ্ৰেছ দলে ৰাজনৈতিক লাভালাভ হিচাপে ব্যৱহাৰ কৰিছে৷ তাতেই শংকিত হৈ পৰিছে বিজেপি৷ কিয়নো নিৰ্বাচনমুখী কৰ্ণাটকত ৰাহুল-কাণ্ডৰ জৰিয়তে কংগ্ৰেছে ৰাজনৈতিক মুনাফা আদায় কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি বিজেপি চিন্তিত হৈ পৰিছে৷ ইপিনে কংগ্ৰেছে তেওঁলোকৰ ৰাহুল-কাণ্ডৰ ক্ষেত্ৰত পদক্ষেপ কি হ’ব সেয়া অতিশয় গোপনে ৰাখিছে৷