Logo
image

গোৱালপাৰা সৈনিক স্কুলত ৰেগিং কাণ্ড;নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰক্ষীৰ

আমাৰ অসম, ২৮ মাৰ্চঃ শিক্ষানুষ্ঠান সমূহত চলি থকা ৰেগিং কাণ্ড যেন এক সামাজিক ব্যাধি হিচাপে দেখা দিছে । কিছুদিন পূৰ্বে ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে আন কেইবাটাও শিক্ষানুষ্ঠানত সংঘটিত আমানৱীয় ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পিছত সমগ্র ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এইবাৰ আকৌ কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তীতা থকা এক গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ জঘন্য ৰেগিং কাণ্ড পোহৰলৈ আহিছে । গোৱালপাৰা সৈনিক স্কুলত সংঘটিত ভয়ঙ্কৰ ৰেগিংৰ ঘটনা পোহৰলৈ আহিছে । কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তীতাৰ লগতে সকলোৱে ভাৱি থকা আটাইতকৈ সুৰক্ষিত শিক্ষানুষ্ঠান গোৱালপাৰাৰ মৰনৈস্থিত সৈনিক স্কুলত সংঘটিত  চাঞ্চল্যকৰ ৰেগিং কাণ্ড  সংঘটিত হোৱাত চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।  অৱশ্যে কিমান দিন পূৰ্বে এই ৰেগিং কাণ্ড সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । জানিব পৰা মতে কেইদিনমান পূৰ্বে এগৰাকী অভিভাৱকে কণিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই প্ৰহাৰ কৰা ফটো আৰু ভিডিঅ'সহ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অভিযোগ দাখিল কৰে । সেই মৰ্মে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে গোৱালপাৰা আৰক্ষী অধীক্ষকক তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । পিছত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক  নিজাববীয়াকৈ  গোচৰ  ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত ঘটনা সন্দৰ্ভত দেওবাৰে  ২৬/২০২৩নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৩৪১/৩৪ধাৰাৰ লগতে জে জে এক্টৰ ২৩নং ধাৰা /এপিআৰ এক্টৰ অধীনত গোচৰ পঞ্জীয়ন কৰি  তদন্তৰ ক্ষেত্ৰত সৈনিক স্কুলৰ অধ্যক্ষৰ সহায় সহযোগিতা বাবে পত্ৰ প্ৰেৰণ কৰে । ঘটনাৰ তদন্তৰ ক্ষেত্ৰত মৰনৈ থানাৰ আৰক্ষীয়ে সৈনিক স্কুলৰ অধ্যক্ষক পত্ৰ প্ৰেৰণ কৰিছে যদিও অদ্যপি অধ্যক্ষই এই ক্ষেত্ৰত আৰক্ষীক সহায় সহযোগ কৰা নাই । বৰং ঘটিনাটো গাপ দিয়াৰ চেষ্টা চলোৱা দেখা গৈছে । উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ শিক্ষানুষ্ঠানটোত ইয়াৰ পুৰ্বেও ৰেগিংৰ অভিযোগ উত্থাপিত হৈছিল । আৰক্ষীৰ তদন্তই ঘটনাৰ সত্যতা কিমানদূৰ পোহৰলৈ আনে সেয়াহে লক্ষণীয় হব ।