Logo
image

এইম্‌ছৰ লগতে নগাঁও, কোক্‌ৰাঝাৰ, নলবাৰী মেডিকেল কলেজ উদ্বোধন কৰিব মোদীয়ে

আমাৰ অসম, ২৯ মাৰ্চঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিলত এইমছৰ লগতে অসমৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিব৷ সেইদিনা চাংসাৰিত এইমছৰ উদ্বোধনী অনুষ্ঠানস্থলীৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় তিনিখনো ‘ভাৰ্চুৱেল’ মাধ্যমেৰে উদ্বোধন কৰিব৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ [এনএমচি]য়ে ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা এই তিনিওখন  চিকিৎসা মহাবিদ্যালয় দেশৰ প্ৰধানমন্ত্ৰীজনৰ দ্বাৰা একত্ৰে উদ্বোধনৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে৷ মন্ত্ৰী কেশৱ মহন্তই সোমবাৰে কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পুনৰবাৰ পৰিদৰ্শন কৰি দুয়োখন চিকিৎসা মহাবিদ্যালয়তে ১৪ এপ্ৰিলৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে৷ বিভাগীয় মন্ত্ৰীমন্ত্ৰীজনে মঙলবাৰে পুৱাৰ ভাগতে প্ৰথমে সতীৰ্থ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিআৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ উদ্বোধনৰ বাবে চিকিৎসা মহাবিদ্যালয়খনক সাজু কৰি তোলাৰ বাবে কৰিব লগা অন্তিম পৰ্যায়ৰ নিৰ্মাণকাৰ্যকে ধৰি বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ কৰে৷ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু মন্ত্ৰী ব্ৰহ্মক লগত লৈ স্বাস্থ্যমন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত বিটিআৰ প্ৰশাসন, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিভাগীয় মুৰব্বীসকল আৰু একাধিক চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে এখন বৈঠকতো মিলিত হয়৷ এই বৈঠকত বিধায়ক লৰেন্স ইছলাৰী, বি টি আৰ স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিটিআৰ প্ৰশাসনৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অতুল বাৰো, অধীক্ষক ডাঃ ভুৱনেশ্বৰ শইকীয়া, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, লোকনিৰ্মাণৰ কাৰ্যবাহী অভিযন্তা, এপিডিচিএলৰ বিষয়া আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীও উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানটো  সাফল্যমণ্ডিত কৰিবলৈ সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থাৰ লগতে অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰে জড়িত অৱশিষ্ট কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী সংস্থা তথা সংশ্লিষ্ট চৰকাৰী বিভাগসমূহক মন্ত্ৰী মহন্তই বৈঠকত নিৰ্দেশ দিয়ে৷ কোকৰাঝাৰৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই নলবাৰী চিকিৎসা মহাবিদ্যালয়ো পৰিদৰ্শন কৰে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে স্বাস্থ্যমন্ত্ৰীজনে নলবাৰী চিকিৎসা মহাবিদ্যালয়তো জিলা প্ৰশাসন, মহাবিদ্যালয়ৰ অধ্যক্ষ-বিভাগীয় মুৰব্বী, একাধিক চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া, নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে উদ্বোধনী অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত বিতং আলোচনা কৰে৷ এইখন বৈঠকত বিধায়ক জিতু গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মা, অধীক্ষক ডাঃ বন্তি বৰা আৰু নলবাৰীৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকেও অংশগ্ৰহণ কৰে৷