Logo
image

ৰাজ্যৰ অৰ্থনীতিত ১৬ হাজাৰ কোটি টকাৰ অৱদান সুৰাপায়ীৰ

আমাৰ অসম, ৩০ মাৰ্চঃ  সুৰাপায়ী এতিয়া ৰাজ্য চৰকাৰৰ বাবে আশা-ভৰসাৰ একমাত্ৰ সম্বল হৈ পৰিছে৷ সুৰা অবিহনে যে ৰাজ্যৰ অৰ্থনীতি শূন্য৷ এই মুহূৰ্তত আবকাৰী ৰাজহ ৰাজ্যৰ কোষাগাৰৰ মূল চালিকাশক্তি ৰূপে চিহ্নিত হৈছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও একমাত্ৰ আবকাৰী ৰাজহৰ পৰাই বিগত ৬ বছৰত  কোষাগাৰলৈ আহিছে ১৬ হাজাৰ কোটি টকা৷ বিভাগীয় তথ্য অনুসৰি ৰাজ্যৰ গাঁৱে-ভূঞে থকা প্ৰায় ২,৫০০ খন দেশী-বিদেশী সুৰাৰ বিপণীৰ জৰিয়তে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত সৰ্বমুঠ আবকাৰী ৰাজহ সংগ্ৰহ কৰিছে ১৬,০৮৮.০৯ কোটি টকা৷  বিধানসভাত আবকাৰী বিভাগে প্ৰদান কৰা তথ্য অনুসৰি-অসমত বৰ্তমান বিদেশী সুৰাৰ ১,৭০৮ খন বিপণী আৰু দেশীয় সুৰাৰ ৭৮১ খন বিপণী আছে৷  অৱশ্যে চলিত বিত্তীয় বৰ্ষত ৰাজ্যত নতুনকৈ ১১খন বিদেশী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷ তথ্য অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা চলিত ২০২২-২৩ বিত্তীয় বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত মুঠ ১৬,০৮৮.০৯ কোটি টকা কৰ সংগ্ৰহ কৰিছে৷ ইয়াৰ ভিতৰত ২০১৭-১৮ বৰ্ষত ১৬৯৯.৩৬ কোটি টকা, ২০১৮-১৯ বৰ্ষত ২২০৪.১৫ কোটি টকা, ২০১৯-২০ বৰ্ষত ২৬০৬.৬৮ কোটি টকা, ২০২০-২১ বৰ্ষত ২৯৭৭.৬১ কোটি টকা, ২০২১-২২ বৰ্ষত ৩০৪৭.৯৮ কোটি টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ  ১১  টা মাহতে ৩৫৪৮.৩১ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ কৰিছে৷ তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষৰ বিপৰতে  ২০২২-২৩ বিত্তীয় বৰ্ষত সংগৃহীত আবকাৰী ৰাজহৰ পৰিমাণ ৩১.৫৫ শতাংশ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে নতুনকৈ গাঁৱে-ভূঞে একাধিক সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে সাজু হোৱাত মদৰ দোকানক লৈ সৰ্বত্ৰ ব্যাপক প্ৰতিবাদ হ’লেও সুৰাপানৰ পৰা বিৰত থকা নাই ৰাজ্যৰ সুৰাপায়ী জনতাই৷ বিগত ৰঙৰ উৎসৱ ফাকুৱাৰ দুটা দিনতে ৰাজ্যত বিক্ৰী হৈছিল ২২ কোটি টকাৰ সুৰা৷ ইয়াৰ ভিতৰত গুৱাহাটীতে বিক্ৰী হ’ল প্ৰায় ৫ কোটি টকাৰ মদ৷ গাঁৱে-ভূঞে উভৈনদী হৈ পৰা সুৰাৰ বাবে যুৱ প্ৰজন্ম ধবংসৰ মুখলৈ গতি কৰাৰ লগতে অকাল মৃত্যু আৰু বহু পৰিয়াললৈ কাল অমানিশা নামি অহাৰ পাছতো চৰকাৰে সুৰা বিপণী বন্ধ কৰাৰ বিপৰীতে আবকাৰী ৰাজহ সংগ্ৰহতে অধিক গুৰুত্ব দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ’লে বৰবিহ স্বৰূপ সুৰাৰ ক্ষেত্ৰত সদায়  নমনীয় স্থিতিহে গ্ৰহণ কৰি আহিছে৷ এককথাত হিতাধিকাৰীক সন্তুষ্ট কৰাত ব্যস্ত চৰকাৰৰ হাতত এতিয়া যেন আবকাৰী ৰাজহৰ বিপৰীতে বিকল্প নোহোৱা হৈ পৰিছে৷ চলিত বিধানসভাত বিত্তমন্ত্ৰীয়ে আগন্তুক বৰ্ষৰ বাবে ১ লাখ ২২ হাজাৰ কোটি  টকাৰ  আয়ৰ বাজেট দাখিল কৰিছে যদিও এই মুহূৰ্তত বাৰ্ষিক আয়তকৈ ৰাজ্য চৰকাৰৰ ধাৰ-ঋণৰ পৰিমাণ অধিক হৈ পৰিছে৷ সম্প্ৰতি অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে  প্ৰায় ১ লাখ ৪০ হাজাৰ কোটি টকা৷ যাৰ বাবে বিত্ত বিভাগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৭-২৮ বিত্তীয় বৰ্ষলৈকে ৬ টা বছৰত সুৰাৰ পৰাই ২০,০০৯ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহৰ বাবে আবকাৰী কৰ বৃদ্ধি কৰাৰ লগতে নতুনকৈ সুৰাৰ বিপণী অনুজ্ঞাপত্ৰ দিব বুলিও জানিব পৰা গৈছে৷