Logo
image

অইল ইণ্ডিয়াক ব্যক্তিগতকৰণৰ প্ৰস্তুতি সম্পন্ন

আমাৰ অসম, ৩০ মাৰ্চঃ  দুই-এবছৰৰ ভিতৰতে দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তৈল উদ্যোগ অইল ইণ্ডিয়া লিমিটেডক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে৷ এদেও-দুদেও লোটা নিয়া চেও নীতিৰে উদ্যোগ প্ৰতিষ্ঠানটোৰ শক্তিশালী অগ্নিনিৰ্বাপক বিভাগ¸পৰিবহণ বিভাগ , চিকিৎসা বিভাগক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবই বুলি স্পষ্ট ঘোষণা কৰাৰ পাছত এইবাৰ খনন বিভাগক ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গটাই দিবলৈ প্ৰস্তুতি চলোৱাৰ নিশ্চিত তথ্য ‘আমাৰ অসম’ৰ হাতত আহি পৰিছেহি৷ ইতিমধ্যে জন এনাৰ্জী¸ শিৱানী¸ কুইপ্ৰ’¸ জে বি আদিৰ দৰে ব্যক্তিগত খনন প্ৰতিষ্ঠানে অইল ইণ্ডিয়াৰ খননৰ কাম কৰি থকাৰ দৰে আৰু অধিক ব্যক্তিগত খনন প্ৰতিষ্ঠানক অইল ইণ্ডিয়াৰ অভ্যন্তৰত প্ৰৱেশ কৰোৱাই সমগ্ৰ খনন বিভাগটো অইল ইণ্ডিয়াৰ নামমাত্ৰ অংশীদাৰিত্ব অৰ্থাৎ চোৱা-চিতা কৰাৰ দায়িত্ব ৰাখি আন সকলো অধিকাৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া হ’ব৷ ইয়াৰ যুক্তি হিচাপে অইল ইণ্ডিয়াই প্ৰকাশ কৰিছে যে প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ উৎপাদন তিনি মিলিয়ন মেট্ৰিকটনৰ পৰা আগন্তুক দুবছৰৰ ভিতৰত চাৰি মিলিয়ন মেট্ৰিকটন কৰাৰ পৰিকল্পনাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কালি তৈল প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড॰ ৰঞ্জিত ৰথ¸ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতি আৰু অন্যান্য শীৰ্ষ বিষয়ববীয়াৰে ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ এখন গোপন বৈঠকত এই কথা স্পষ্ট কৰি দিয়াৰ লগতে উক্ত বৈঠকলৈ মাতি নি অইল ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ সভাপতি-সম্পাদকক ব্যক্তিগতকৰণৰ এই প্ৰক্ৰিয়াত কোনোধৰণৰ মাত নামাতিবলৈ আগতীয়াকৈ সকীয়াই দিয়ে বুলি উক্ত বৈঠকত উপস্থিত থকা এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে৷ শ্ৰমিক সংগঠনটোৱে চি এম ডি ড॰ ৰঞ্জিত ৰথ আৰু আৰ চি ই প্ৰশান্ত বৰকাকতিৰ এই নিৰ্দেশৰ কোনো প্ৰতিবাদ নকৰি নতশিৰে মানি লোৱা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে৷ অৱশ্যে স্বাভাৱিকভাৱেই শ্ৰমিক সংগঠনটোৱে এই অভিযোগ অস্বীকাৰ কৰিছে৷ উল্লেখ্য, অইল ইণ্ডিয়াৰ অৰ্ধ শতিকাজোৰা ইতিহাসত এইপৰ্যন্ত তিনি মিলিয়ন মেট্ৰিকটন খাৰুৱা তেল উৎপাদন কৰাহে সম্ভৱ হৈছে৷ তেনেক্ষেত্ৰত আগন্তুক দুটা বছৰতে এক মিলিয়ন মেট্ৰিকটন অধিক খাৰুৱা তেল কেনেকৈ উৎপাদন কৰিব সেয়া অবুজ সাঁথৰ৷  কেন্দ্ৰীয় চৰকাৰে উৎপাদনী ক্ষমতা বঢ়োৱাৰ নামত অইল ইণ্ডিয়াৰ সকলো বিভাগতে ব্যক্তিগত প্ৰতিষ্ঠানক ৰঙা দলিচা পাৰি দি পৰৱৰ্তী সময়ত সমগ্ৰ জাতীয় উদ্যোগ প্ৰতিষ্ঠানটোকে যে এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিব সেই লৈ দুলীয়াজানত প্ৰতিজন সচেতন লোক সৰৱ হৈ আছে৷ ইফালে¸ বিগত সময়ছোৱাত অইলৰ শ্বেয়াৰ বিক্ৰী¸ ব্যক্তিগতকৰণ¸ বিভিন্ন অনিয়ম-অনীতিৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰা তীব্ৰ প্ৰতিবাদৰ ফলত অইল কতৃৰ্পক্ষই নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈ আহিছে যদিও ড॰ ৰঞ্জিত ৰথে অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা অনমনীয় স্থিতি গ্ৰহণ কৰি আহিছে৷ উল্লেখ্য, এইজন ৰঞ্জিত ৰথ অইলৰ শীৰ্ষতম পদটোৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ সময়তে বিভিন্ন অনিয়ম সংঘটিত কৰাৰ ফলত চাকৰিত যোগদানত বাধাৰ সৃষ্টি হৈছিল৷ ফলত পূৰ্বৰ চি এম ডিৰ কাৰ্যকাল বৃদ্ধি কৰি অথবা ভাৰপ্ৰাপ্ত হিচাপে অইলৰ আন বিষয়াক চি এম ডিৰ দায়িত্ব প্ৰদান কৰি পৰৱৰ্তী সময়ত ড॰ ৰথক অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছিল৷ কেন্দ্ৰীয় চৰকাৰৰ এই বদন্যতাৰ ফলস্বৰূপেই যে ড॰ ৰঞ্জিত ৰথে জাতীয় দল-সংগঠন তথা অসমবাসীৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰি কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছাক সাকাৰ কৰিবলৈ উঠি-পৰি লাগিছে¸ সেয়া এতিয়া সকলোৱে বুজি উঠিছে৷