Logo
image

বিধানসভা চলি আছে, জিলাই জিলাই বিহু মাৰি ফুৰিছে মন্ত্ৰীয়ে

আমাৰ অসম, ৩১ মাৰ্চঃ  অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্ণগতিত চলি আছে৷ অধিৱেশনৰ সময়ছোৱাত ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে আৰু বহু বিষয় আলোচনা হ’বলৈ এতিয়াও বাকী আছে৷ কিন্তু ইয়াৰ মাজতে অধিকাংশ মন্ত্ৰী বিধায়ক ব্যস্ত হৈ পৰিছে বিহুক লৈ৷ উল্লেখ্য যে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱা-বিহুৱতীৰে  বিহু নৃত্য পৰিৱেশন কৰিব৷ এই কাৰ্যসূচীক গীণিজ বুক ৱল্ডৰ্ ৰেকৰ্ডৰ স্বীকৃতি লাভৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে জিলাই জিলাই অনুষ্ঠিত হৈছে বিহুনৃত্যৰ আখৰা শিবিৰ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰীসকলে এই আখৰা শিবিৰত উপস্থিত হৈ অগ্ৰগতি আৰু প্ৰস্তুতিৰ বুজ লৈ ফুৰিছে৷ বহু ঠাইত মন্ত্ৰীয়ে নাচনীৰ লগত এপাক বিহুও মাৰিছে, বিহু গাইছে, চেল্‌ফী উঠিছে৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰী কেশব মহন্তই বৃহস্পতিবাৰে অবিভক্ত নগাঁও জিলাৰ চাৰিটা স্থানত বিহু আখৰা শিবিৰ পৰিদৰ্শন কৰে৷ মন্ত্ৰীজনে কলিয়াবৰ, পুৰণি গুদাম, হোজাই আৰু নগাঁও সদৰৰ আখৰা শিবিৰ পৰিদৰ্শন কৰে৷ তিনিদিন পূৰ্বে ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি বিহুনৃত্যৰ আখৰা বুজ লৈছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ মন্ত্ৰী বিমল বৰাও ডিব্ৰুগড় জিলা ভ্ৰমণ কৰিছিল দুদিন পূৰ্বে৷ মন্ত্ৰী অতুল বৰাই আজি গোৱালপাৰা জিলা ভ্ৰমণ কৰে৷ ঠিক তেনেদৰে মন্ত্ৰী অশোক সিংঘালে আজি লখিমপুৰ জিলা, মন্ত্ৰী যোগেন মোহনে কাৰ্বি আংলং জিলা, মন্ত্ৰী নন্দিতা গালোৰ্ছাই ডিমা হাছাও জিলা, মন্ত্ৰী ইউ জি ব্ৰহ্মই ওদালগুৰি আৰু বাগ্‌সা জিলা ভ্ৰমণ কৰি আখৰা শিবিৰ সমূহ পৰিদৰ্শন কৰে৷ অন্য মন্ত্ৰীসকলেও বিগত দুদিনত বিভিন্ন জিলালৈ গৈ আখৰা শিবিৰ পৰিদৰ্শন কৰে৷

দুধনৈত ঢোল বজাই বিহু গালে মন্ত্ৰী অতুল বৰাই

সমাগত ৰঙালী বিহুক লৈ উখল-মাখল সমগ্ৰ ৰাজ্য৷ ইপিনে অসমীয়াৰ অতিকৈ চেনেহৰ বিহুটোক ‘গীনিজ বুক অৱ ৰেকৰ্ড’ত স্থান লাভ কৰাৰ লক্ষ্যৰে ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত এঘাৰ হাজাৰ বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰিব৷ এই লৈ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা৷ দুধনৈতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷ দুধনৈতো প্ৰায় এশগৰাকীৰ অধিক বিহুৱতীয়ে বিহুৰ আখৰা চলাইছে৷ বিহুৰ আখৰা চাবৰ বাবে আজি দুধনৈৰ জ্ঞানদায়িনী পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হৈ থকা বিহুৰ আখৰাথলীত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা৷ বিহুৰ আখৰা দেখি আনন্দিত মন্ত্ৰী অতুল বৰাই ঢোলত চাপৰ মাৰি জুৰিলে এফাকি বিহু গীত৷ ঢোলৰ ছেৱত নাচনীসকলেও কঁকাল ঘূৰাই নাচিলে বিহু৷ দিনৰ প্ৰায় বাৰ বজাত দুধনৈত মন্ত্ৰী আহি উপস্থিত হয়৷ মন্ত্ৰীয়ে কয় যে ১৪ এপ্ৰিলত গৰু বিহুৰ দিনাখনেই গুৱাহাটীত কেইবাহাজাৰ বিহুৱতীয়ে একেলগে নাচিব৷ তেওঁ লগতে কয়- গোৱালপাৰা, দুধনৈত বিহুৱতীয়ে ইমান সুন্দৰকৈ নাচিব বুলি আশা কৰা নাছিলোঁ৷ বিহুৱতীৰ নাচ দেখি আপ্লুত হোৱা বুলিও মন্ত্ৰীজনে উল্লেখ কৰে৷ ইয়াৰ পাছত মন্ত্ৰী অতুল বৰাই দৰংগিৰীলৈ যায়৷ দৰংগিৰীৰ কলৰ বজাৰত উপস্থিত হৈ দৰংগিৰী উন্নয়ন কমিটীৰ বিষয়ববীয়াৰ সৈতে কিছুসময় মত বিনিময় কৰে৷ ইপিনে উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি মন্ত্ৰীজনে কয় যে এছিয়াৰ ভিতৰতে কলৰ বাবে বিখ্যাত দৰংগিৰী কলৰ বজাৰখনৰ অন্তঃগাঁথনি উন্নয়নৰ বাবে ইতিমধ্যে অসম চৰকাৰে প্ৰচেষ্টা হাতত লৈছে৷ তেওঁ কয় বজাৰখনৰ উন্নয়নৰ কাম কৰিবলৈ টেণ্ডাৰ দিয়া হৈছে৷ সোনকালেই কাম আৰম্ভ হ’ব৷ তেওঁ কয়- বৰ্তমান বহু যুৱক-যুৱতী কৃষিখণ্ডৰ সৈতে জড়িত হৈছে৷ কৃষিৰ বাণিজ্যিক ক্ষেত্ৰতো উন্নতিসাধন হোৱা পৰিলক্ষিত হৈছে৷

ধেমাজি-লখিমপুৰত বিহুৰ অনুশীলনৰ বুজ ল’লে মন্ত্ৰী সিংঘালে

‘অসমৰ ভিতৰতে বিহু নাচৰ বাবে ধেমাজি জিলাৰ এক বিশেষ সুনাম আছে৷ ভণ্টীহঁতে ইমান ধুনীয়াকৈ নাচিছে মোৰ নিজৰে নাচি দিবলৈ মন গৈছে৷’ এই মন্তব্য কৰিয়েই নাচনীৰ লগত তাল মিলাই এপাক নাচি দিলে মন্ত্ৰী অশোক সিংঘালে৷ উল্লেখ্য, ১৪ এপ্ৰিলত গুৱাহাটীত গীনিজ বুক অৱ ৰেকৰ্ডৰ বাবে হ’বলগীয়া বিহু নাচৰ অনুশীলনৰ বুজ ল’বলৈ আজি ধেমাজিত উপস্থিত হয় নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল৷ ধেমাজি আৰু লখিমপুৰ জিলাৰ বিহুৱা দলৰ প্ৰস্তুতিৰ তদাৰকৰ বিশেষ দায়িত্ব লৈ আজি ধেমাজি আৰু লখিমপুৰ ভ্ৰমণ কৰে৷ ধেমাজি চহৰৰ চিলাৰায় ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা বিহু আখৰা পৰিদৰ্শন কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিজন ডেকা-গাভৰুৰ মনত বিশ্বজয় কৰাৰ সপোন জাগি উঠিছে৷ তেওঁ ধেমাজিৰ বিহুক উচ্ছ প্ৰশংসা কৰি অসমৰ ভিতৰতে বিহু নাচৰ বাবে ধেমাজি জিলাৰ এক বিশেষ সুনাম আছে বুলি কয়৷ সেই সুনাম ৰক্ষা কৰি ইয়াৰ বিহুৱা-নাচনীসকলে ১৪ এপ্ৰিলত গুৱাহাটীত উচ্ছমানৰ বিহু নাচ প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ আশাপ্ৰকাশ কৰে৷ মন্ত্ৰীজনৰ লগত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই অংশগ্ৰহণ কৰে৷ ধেমাজিৰ অনুষ্ঠান পৰিদৰ্শনৰ পাছতে তেওঁ লখিমপুৰলৈ ৰাওনা হয়৷  উল্লেখ্য, ধেমাজি বিধানসভা সমষ্টিৰ বাবে চিলাৰায় ভৱনত চলি থকা আখৰাত মুঠ ২৭৭গৰাকী বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিছে৷ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে বিচিত্ৰ বৰপাত্ৰগোহাঁই, কৃষ্ণ বৰগোহাঁই, নেহা দাস আৰু পাহাৰী বৰগোহাঁয়ে৷ আনহাতে, জোনাই বিধানসভা সমষ্টিৰ বাবে চিমেন চাপৰি ৰাজহুৱা প্ৰেক্ষাগৃহতো অনুৰূপধৰণে চলি থকা প্ৰশিক্ষণত ১৪১ গৰাকী বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিছে৷ ২৭ মাৰ্চৰ পৰা চলি থকা এই প্ৰশিক্ষণৰ অন্তত কাইলৈ দুয়োটা গোটকে একেলগে ধেমাজি ষ্টেডিয়ামত আখৰা অনুষ্ঠিত কৰা হ’ব৷

২০২৩ ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে আজি এদিনীয়া ভ্ৰমণসূচীৰে লখিমপুৰত উপস্থিত হয়৷ ভ্ৰমণৰ সময়চোৱাত তেওঁ প্ৰথমে আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়৷ ইয়াৰ পাছতে তেওঁ নাওবৈছা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু লখিমপুৰ ত্যাগক্ষেত্ৰত উপস্থিত হৈ বিশ্ব অভিলেখ গঢ়াৰ বাবে ১৪ এপ্ৰিলত গুৱাহাটীত এঘাৰ হাজাৰ ঢুলীয়া-নাচনীৰে অনুষ্ঠিত হ’বলগীয়া বিহুনৃত্য কাৰ্যসূচীত লখিমপুৰ জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া বিহুৱা আৰু বিহুৱতীসকলৰ আখৰা শিবিৰ পৰিদৰ্শন কৰে আৰু ঢুলীয়া-নাচনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক দুগুণ উৎসাহেৰে বিহুনৃত্যৰ আখৰা কৰিবলৈ অনুপ্ৰাণিত কৰে৷ ইয়াৰ পাছতে মন্ত্ৰীজনে লখিমপুৰ নগৰৰ ১৪ নং ৱাৰ্ডস্থিত [খেলমাটি] ডাম্পিং গ্ৰাউণ্ড আৰু তাত স্থাপন কৰা জাবৰ নিষ্কাষণ কেন্দ্ৰ পৰিদৰ্শন কৰে৷ উক্ত কেন্দ্ৰটো পৰিদৰ্শন কৰি জাবৰ পৃথক্কৰণ আৰু নিষ্কাষণৰ বাবে উত্তৰ লখিমপুৰ পৌৰসভাই গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰে৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত, মন্ত্ৰীজনে উক্ত স্থানতে বিশ্ব আৱৰ্জনামুক্ত দিৱস উপলক্ষে আয়োজন কৰা এক সভাত ভাগ লয়৷ সভাখনত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে চহৰ অঞ্চলৰ চৰকাৰী ভূমি, নলা-নাৰ্দমাৰ ভূমি বেদখলমুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণক এইক্ষেত্ৰত চৰকাৰ তথা স্থানীয় প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ৩ান জনায়৷ লগতে এক আৱৰ্জনামুক্ত নিকা পৰিৱেশ গঢ় দিবলৈও আহ্বান জনায়৷ ইয়াৰ পাছতে মন্ত্ৰীজনে লখিমপুৰ নগৰত স্থাপন কৰা ১,০০০ পথ চাকি [streetlight] শুভ উদ্বোধন কৰে৷ উল্লেখযোগ্য যে নগৰখনৰ ব্যৱসায়ীসকলে এই পথচাকিসমূহ স্থাপন আৰু যাৱতীয় খা-খৰচৰ দায়িত্ব বহন কৰাত সহযোগিতা আগবঢ়াইছে৷ ইয়াৰ পূৰ্বে মন্ত্ৰীজনে, চুকুলিভৰীয়াস্থিত কৃষি ফাৰ্মৰ কণভাৰ্ছন চেণ্টাৰ,  লখিমপুৰ নগৰস্থিত ৰহঢলা পুখুৰী, টেনিছ ক’ৰ্ট, জিলা পুথিভঁৰালৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে৷ জিলাখনত ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰীজনক লখিমপুৰৰ বিধায়ক মানৱ ডেকা, জিলা উপায়ুক্ত সুমিত সত্ত্বাৱন সমাজকৰ্মী ফণিধৰ বৰুৱা, পৌৰসভাৰ বিষয়া আৰু বিভিন্ন বিভাগৰ বিষয়া আদিয়ে সংগ দিয়ে৷

কাৰ্বি পাহাৰত বিহুৰ দায়িত্বত মন্ত্ৰী যোগেন মহন

অসম চৰকাৰে বিহু নাচেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে এক বৃহৎ প্ৰকল্প লৈছে৷ ১৪ এপ্ৰিলত অৰ্থাৎ ৰঙালী বিহুৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ ১০ হাজাৰ নাচনীয়ে একেলগে বিহু  নাচিব৷ এই বিহু নাচে গীনিজ ৱল্ডৰ্ ৰেকৰ্ড গঢ়িব৷ অসমৰ প্ৰতিখন জিলাৰ পৰা এই মেগা বিহুত অংশগ্ৰহণ কৰিব বিহু দলে৷ কাৰ্বি আংলং জিলাৰ পৰাও ৭০ জনীয়া দলে ল’ব ভাগ৷ ডিফুৰ পৰা ২০গৰাকী, বোকাজানৰ পৰা ২৫গৰাকী আৰু বকলীয়া-হাওৰাঘাটৰ পৰা ২৫ গৰাকী নাচনী, ঢুলীয়া, পেঁপাবাদক, তালবাদকৰ দলে অংশগ্ৰহণ কৰিব৷ ২৪ মাৰ্চৰ পৰা ডিফু ক্লাব, বকলীয়াঘাটৰ আটি গাঁৱত আৰু বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত আখৰা চলি আছে৷ আজি বকলীয়া আৰু ডিফুত পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহনে বিহুৰ আখৰা উপভোগ কৰে৷ সকলোৱে জাতিৰ হৈ এই দায়িত্ব পালন কৰিবলৈ আগবঢ়া বুলি কয় মন্ত্ৰী মহনে৷ তেওঁ বকলীয়া আৰু ডিফুত বিহুনাম নাচনিসকলক নচুৱায়৷ মন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জনায়৷ আজিৰ আখৰা চাই উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে আমাৰ সকলোৰে তেজতে বিহু আছে৷ সেয়ে প্ৰতিজন অসমীয়াই বিহু নাচিব পাৰে, বিহুনাম গাব পাৰে৷ সকলোৰে নাচ ভাল হোৱা বুলি কৈ তেওঁ দলটোক জাতীয় দায়িত্ব পালনৰ বাবে সাজু হোৱাত অভিনন্দন আৰু শুভেচ্ছা জনায়৷ কাইলৈ বোকাজানত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে বিহু উপভোগ কৰি দলটোক শুভেচ্ছা জনাব৷

নগাঁও-কলিয়াবৰত বিহুৰ আখৰা চালে মন্ত্ৰী মহন্তই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আগন্তুক ১৪ এপ্ৰিল তাৰিখে গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত অন্তভুক্তিকৰণৰ বাবে সৰুসজাইত আয়োজিত দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ একত্ৰ প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ সৰ্বত্ৰে পূৰ্ণোদ্যমে প্ৰস্তুতি চলিছে৷ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কলিয়াবৰৰ টি আও ষ্টেডিয়ামত চলি থকা বিহুনৃত্যৰ আখৰাত আজি স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি প্ৰস্তুতি সম্পৰ্কে বুজ লয়৷ কলিয়াবৰৰ ৭৫গৰাকী নাচনী আৰু ৩০জন ঢুলীয়াসহ মুঠ ১০৫জনীয়া দলটোৱে চূড়ান্ত আখৰাত প্ৰশিক্ষকৰ জৰিয়তে প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, আমাৰ হেঁপাহৰ বিহুটোক দৃষ্টিনন্দনৰূপত উপস্থাপন কৰি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণৰ দিশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল পদক্ষেপত চৰকাৰখনে ইতিমধ্যে সকলোপ্ৰকাৰে প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

 ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব অভিলেখৰ বাবে প্ৰায় এঘাৰ হাজাৰ নাচনীৰ বিহুনৃত্য প্ৰদৰ্শনক লৈ এতিয়া যেন ব্যস্ততাৰ অন্ত নাই চৰকাৰৰ মন্ত্ৰী- বিধায়কসকলৰ৷ উক্ত অনুষ্ঠানৰ বাবে নগাঁৱতো প্ৰায় ৭৫০ নাচনীয়ে প্ৰস্তুতি চলাইছে৷ আজি মন্ত্ৰী কেশৱ মহন্তই নগাঁৱৰ নাচনীসকলৰ প্ৰস্তুতিৰ বুজ লয়৷ নগাঁও চহৰৰ আৰক্ষী নিৱেশৰ বিহু নাচৰ আখৰাথলীত উপস্থিত হৈ মন্ত্ৰীজনে বিহু নাচনীসকলৰ লগত মত বিনিময় কৰে৷ তেওঁ কয় - অসমৰ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হ’ম৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসমৰ বিভিন্ন স্থানত ইয়াৰ বাবে বিহুৱা-নাচনীসকলে প্ৰস্তুতি চলাইছে৷ নগাঁও জিলাৰ ৬টা স্থানত বিহু নাচনীসকলে প্ৰস্তুতি চলাইছে৷ এই স্থানসমূহ হৈছে নগাঁও, হোজাই, পুৰণিগুদাম, ৰহা আৰু ধিং৷ এপ্ৰিল মাহৰ প্ৰথমভাগতে নগাঁৱত এই ৭৫০নাচনীয়ে সমূহীয়াভাবে প্ৰদৰ্শন কৰিব৷ তাৰ পাছত গুৱাহাটীত তিনি-চাৰি দিন প্ৰশিক্ষণ ল’ব আৰু ১৪ এপ্ৰিলত অন্য জিলাৰ নাচনী-বিহুৱাৰ লগত গুৱাহাটীত প্ৰদৰ্শন কৰিব৷ ইপিনে লোকসভা নিৰ্বাচনৰ প্ৰসংগত অসম গণ পৰিষদে মিত্ৰদলত থাকি অংশগ্ৰহণ কৰিব বুলি কেশৱ মহন্তই মন্তব্য কৰে৷ চৰ্চিত গামোচা বিতৰ্কৰ প্ৰসংগত মন্ত্ৰীজনে কয় অসমৰ গামোচাখন কেতিয়াও বিতৰ্ক হ’ব নালাগে৷ অসমৰ যিখন গামোচা অতীজৰ পৰা চলি আছে সেই গামোচাখনকে আমি নিখুঁতভাৱে গ্ৰহণ কৰিব লাগে৷

তামুলপুৰত বিহুৱা-বিহুৱতীৰ কাষত মন্ত্ৰী উৰ্খাও

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া বিহুৰ বাবে তামুলপুৰত ২৭ মাৰ্চৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচৰ অনুশীলন৷ উল্লেখ্য, এই অনুষ্ঠানৰ বাবে তামুলপুৰৰ পৰা মুঠ ৫০ গৰাকী নাচনী আৰু ঢুলীয়া বাছনি কৰা হৈছে৷ এইসকল নাচনী আৰু ঢুলীয়াৰ তামুলপুৰস্থিত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণি মুকলি মঞ্চৰ বাকৰিত ২৭ মাৰ্চৰ পৰা আৰম্ভ হৈছে কঠোৰ অনুশীলন৷ বাগ্‌সা জিলা প্ৰশাসনৰ অধীনৰ তামুলপুৰ মহকুমা প্ৰশাসনৰ দ্বাৰা তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সাতদিনীয়া বিহু কৰ্মশালাত অংশ লৈ প্ৰস্তুতি চলাইছে নাচনী আৰু ঢুলীয়াসকলে৷ আজি অনুশীলনৰ সময়ত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, ভাৰপ্ৰাপ্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত কুকিলা গগৈ, তামুলপুৰ ৰাজহ চক্ৰ বিষয়া ওৱাহেদুল ৰহমান, প্ৰবীণ শিল্পী ঢোলৰ ওজা সোমনাথ বৰা আৰু তামুলপুৰ মহকুমা সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়ন৷ ইতিমধ্যে বাগ্‌সা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা বাছনি পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছে এই ৫০গৰাকী নাচনীৰ সৈতে ঢুলীয়া৷ ইপিনে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ইউ জি ব্ৰহ্মই কয়– মই আজি দুটা স্থানত বিহুৰ অনুশীলন চালোঁ৷ পুৱাৰ ভাগত ওদালগুৰিত এশগৰাকী নাচনী ঢুলীয়াৰ বিহু নৃত্যৰ অনুশীলন চাই তামুলপুৰত উপস্থিত হওঁ৷ তামুলপুৰতো নাচনী, ঢুলীয়াৰ অনুশীলন চালোঁ৷ অতি সুন্দৰভাৱে দুয়োটা স্থানত বিহুৰ অনুশীলন চলি আছে৷ নাচনীসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীজনে সন্তুষ্টি লাভ কৰি কয় যে ৰাজ্য চৰকাৰে বিহুৰ লেখীয়াকৈ বাগৰুম্বা নৃত্যকো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷ বাগৰুম্বা নৃত্যকো গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তকৰণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে৷ তাৰ বাবেই অসম চৰকাৰে শীঘ্ৰেই গীনিজ বুক অৱ ৱল্ডৰ্ৰেকৰ্ডৰ বাবে বাগৰুম্বা নৃত্যৰ আখৰা সম্ভৱতঃ জুন, জুলাই মাহত আৰম্ভ কৰা হ’ব বুলি কয় মন্ত্ৰীজনে৷

শিৱসাগৰতো চলিছে বিহুৰ আখৰা

 ৰাজ্য চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত একেলগে ১০হাজাৰ বিহুৱা বিহুৱতীৰ নৃত্যৰে বিশ্বক চমকিত কৰাৰ লগতে গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ড সৃষ্টিৰ বাবেও বিশেষ পৰিকল্পনা কৰিছে৷ এই বিশ্ব অভিলেখৰ বাবে ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাতো চলিছে জোৰদাৰ অনুশীলন৷ শিৱসাগৰ জিলাৰ ৪ খনকৈ বিশাল খেলপথাৰত বিহু বিশেষজ্ঞৰ তত্ত্বাৱধানত ৮৪০গৰাকী বিহুৱা-বিহুৱতীয়ে উত্তাল কৰি তুলিছে ৰংপুৰৰ আকাশ-বতাহ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত, জ্য়েষ্ঠ অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগৰ সহযোগত তথা সহকাৰী আয়ুক্ত শুভ্ৰজ্যেতি খাউণ্ড আৰু উচ্ছবৰ্গ সহায়ক ভাস্কৰ দাসৰ বিশেষ তৎপৰতাত কেইবাজনো  বিহুৰ বিশেষজ্ঞই দুদিনীয়াকৈ আয়োজিত এক বাছনি শিবিৰত এইসকল বিহুৱা-বিহুৱতীক নিৰ্বাচিত কৰে৷ ২৪ আৰু ২৫ তাৰিখে শিৱসাগৰ বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত বাছনি শিবিৰত এইসকল বিহুৱা-বিহুৱতীক নিৰ্বাচিত কৰা হয়৷ পৰৱৰ্তী সময়ত উল্লিখিত ৪টা স্থানত প্ৰশিক্ষণৰত বিহুৱা-বিহুৱতীসকলৰ সুবিধা অনুযায়ী প্ৰশিক্ষণৰ দিহা কৰা হয়৷ শিৱসাগৰ জিলা প্ৰশাসনৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, ডিমৌ ৰাইচাই খেলপথাৰত ২১০গৰাকী, আমগুৰি জনতা পাব্লিক ফিল্ডত ২১০গৰাকী, নাজিৰা কলেজ ইনড’ৰ ষ্টেডিয়ামত ২১০গৰাকী আৰু শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ২১০গৰাকীক প্ৰশিক্ষণ দিয়া হৈছে৷ সূত্ৰটোৱে জানিবলৈ দিয়া মতে বিগত ২৪ আৰু ২৫ মাৰ্চৰ বাছনি শিবিৰত সৰ্বমুঠ জিলাখনৰ ১৫০০গৰাকীতকৈও অধিক বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিল৷ বিহুৰ সকলো নীতি-নিয়মৰ ভিত্তিত ১৫০০ গৰাকীৰ ভিতৰত ৮৪০গৰাকীক নিৰ্বাচিত কৰা হয়৷ বৰ্তমানেও অনুশীলনত ব্যস্ত এই ৮৪০গৰাকী বিহুৱা, বিহুৱতীৰ ভিতৰত মাত্ৰ ৮০০ গৰাকীকহে সৰুসজাইৰ অভিলেখ সৃষ্টিকাৰী মূল অনুষ্ঠানটোলৈ নিৰ্বাচিত কৰিব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনৰ সূত্ৰটোৱে৷