Logo
image

শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ বন্ধঃ শিক্ষামন্ত্ৰী

আমাৰ অসম, ৩১ মাৰ্চঃ ৰাজ্যৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইন সংশোধনৰ বাবে শিক্ষা বিভাগৰ হাতত কোনো প্ৰস্তাৱ নাই বুলি স্পষ্ট কৰি দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ বৃহস্পতিবাৰে অসম বিধানসভাত শিক্ষামন্ত্ৰীয়ে ৰাজ্যত নতুন শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া কাৰ্যতঃ বন্ধ হৈ পৰাৰ ইংগিত দিয়ে৷ ৰাজ্যৰ ২,৯৭৯খন প্ৰাথমিক বিদ্যালয়  এজনীয়া শিক্ষকেৰে চলি থকাৰ তথ্য সদৰী কৰি বিধানসভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– ‘২০০৬ চনৰ ভিত্তি বৰ্ষৰ পূৰ্বে যিসমূহ বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ আউটিত পৰিছিল, উক্ত সকলো শিক্ষানুষ্ঠানক প্ৰাদেশিকীকৰণ কৰা হৈছে৷ ২০০৬ চনৰ ১ এপ্ৰিলৰ পাছত স্বীকৃতিপ্ৰাপ্ত ৯২খন মহাবিদ্যালয়ক প্ৰাদেশিকীকৰণৰ বাবে আইনত কোনো ব্যৱস্থা নাই৷ অৱশ্যে প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ বিপৰীতে বিদ্যালয়সমূহৰ বিষয়টো বেলেগ৷ আমি বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণ কৰা নাই যদিও পদসমূহক প্ৰাদেশিকীকৰণ কৰিছোঁ৷ কিছু ক্ষেত্ৰত কোনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত আৰু একত্ৰিকৰণৰ বাবে ওচৰত আন বিদ্যালয় নাথাকিলে, তেনে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হয়৷’ শিক্ষামন্ত্ৰীয়ে লগতে কয়– ‘শিক্ষক শব্দটো এনে বিষয় যি ছাত্ৰ-ছাত্ৰীৰ লগত সম্পৰ্ক আছে৷ অসম প্ৰাদেশিকীকৰণ আইনৰ অধীনত একাংশ শিক্ষানুষ্ঠানে যোগ্যতা অৰ্জন কৰিব নোৱৰা বাবেই প্ৰাদেশিকীৰণৰ পৰা বঞ্চিত হ’ল৷ মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰতো একেই কথা৷ অসমত ৫০ হাজাৰ বিদ্যালয় আছে যদিও ২০০তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা হৈছে ১০ শতাংশ অৰ্থাৎ মাত্ৰ ৫,৫০০খন৷’ উল্লেখ্য, বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱাৰ পাছতেই সদনত কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনে পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী থকা অসমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ বাবে শিক্ষাবিভাগক আবেদন জনায়৷ লগতে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ আইনখন সংশোধন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াইও অসমৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ সন্দৰ্ভত সদনত আলোচনা কৰাৰ বাবে আবেদন জনায়৷ এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, অসমৰ অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ সন্দৰ্ভত কোনো প্ৰস্তাৱ নাই৷ তেওঁ লগতে কয়, ভৱিষ্যতে সংশোধনী হ’ব নে নহয় সেই সম্পৰ্কতো নি(য়তা নাই৷ নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নাই৷ সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ পদহে প্ৰাদেশিকীকৰণ কৰা হৈছে৷ বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত ইতিমধ্যে ৰাজ্যত শিক্ষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ৷ বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ কালতো গুৱাহাটী মহানগৰীৰ চচলৰ প্ৰতিবাদ স্থলীত চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল বঞ্চিত শিক্ষকসকলে৷ ৰাজ্যৰ প্ৰায় ২,৩০০ ৰাজহুৱা শিক্ষানুষ্ঠানত ১৯,৫২৭জন শিক্ষকে বিগত ২৫-৩০ বছৰ ধৰি শিক্ষকতাৰ কৰাৰ পাছতো তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে৷ ইতিমধ্যে প্ৰাদেশিকীকৰণৰ আশাত বন্দী হৈ ৰাজ্যত প্ৰায় ৪০০ শিক্ষকে আত্মহত্যাৰ পথ বাছি লোৱাৰ লগতে প্ৰায় ১০০০ শিক্ষক বিনা বেতনেৰেই চাকৰিৰ পৰা অৱসৰ ল’বলৈ বাধ্য হৈছে৷

পূৰ্বে প্ৰকাশিত কলেজৰ বিজ্ঞাপনত বাধা আৰোপ নকৰে শিক্ষা বিভাগে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ কলেজসমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ইতিপূৰ্বে প্ৰকাশ কৰা বিজ্ঞাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো বাধা আৰোপ নকৰে শিক্ষা বিভাগে৷ বিধানসভাত এই কথা স্পষ্ট কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ উল্লেখ্য, শেহতীয়াকৈ কলেজ শিক্ষক বাছনি কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ এখন ব’ৰ্ডে গঠন কৰাৰ বাবে বিধেয়ক দাখিল কৰাত ৰাজ্যত কলেজ শিক্ষকক নতুনকৈ নিযুক্তিৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ এই সন্দৰ্ভত বিধায়ক আশ্ৰাফুল হুছেইনে বৃহস্পতিবাৰে বিধানসভাত উচ্ছ শিক্ষাৰ গুণমান আৰু কলেজসমূহত নিযুক্তি কেন্দ্ৰিক বিভিন্ন বিষয়ৰ প্ৰশ্ন সোধে শিক্ষামন্ত্ৰীজনক৷ এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে এতিয়াৰে পৰা কলেজ শিক্ষক বাছনি কৰিব ৰাজ্যিক পৰ্যায়ৰ ব’ৰ্ডে৷ ইতিমধ্যে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিৰ্দেশ৷ ভৱিষ্যতে কোনো কলেজে সুকীয়াকৈ প্ৰকাশ কৰিব নোৱাৰিব বিজ্ঞাপন৷ অৱশ্যে পূৰ্বে বিজ্ঞাপন প্ৰকাশ কৰা কলেজসমূহে নিযুক্তি দিব পাৰিব শিক্ষক৷