Logo
image

বিশ্ব চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনাঃ দেশলৈ গৌৰৱ কঢ়িওৱা লাভলীনাক ফ্লেট উপহাৰ অসম আৰক্ষীয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ অলিম্পিক পদক জয়ী তথা আই বি এ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জনেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক লাভলীনা বৰগোহাঁইক শুকুৰবাৰে অসম আৰক্ষীৰ হৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ ‘অফিচাৰ্ছ মেছত আয়োজিত এক অনুষ্ঠানত খেলুৱৈগৰাকীক অভিনন্দন তথা সম্বর্ধনা জ্ঞাপন কৰি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে লাভলীনা বৰগোহাঁইৰ এই সফলতাই অসম আৰক্ষীৰ লগতে সমগ্ৰ ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিগত দিনসমূহত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অসমবাসীয়ে আশা কৰা ধৰণেৰে লাভলীনাই সফলতা অৰ্জন কৰাটো নিতান্তই সকলোৰে বাবে গৌৰৱৰ কথা। খেলুৱৈগৰাকীৰ এই যাত্ৰাত অসম আৰক্ষীৰ প্ৰশিক্ষণে কিছু পৰিমাণে হ'লেও সহায় কৰাতো অসম আৰক্ষীৰ বাবে আনন্দ আৰু প্ৰেৰণাদায়ক বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে উল্লেখ কৰে। সভাত উপস্থিত থকা লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইক অভিনন্দন জনাই আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে সময় আৰু সুবিধা অনুযায়ী অসম আৰক্ষীৰ খেলুৱৈসকলক লাভলীনাই উৎসাহিত কৰিব বুলি আশা প্রকাশ কৰে আৰু খেলুৱৈগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সুবিধার্থে গুৱাহাটীৰ ‘গেম ভিলেজ'ত থকা অসম আৰক্ষীৰ এটা ‘আৱাসিক ফ্লেট' আৱন্টন দিয়া হ'ব বুলি ঘোষণা কৰে ।

ইফালে সম্বৰ্ধনা গ্রহণ কৰি বিশ্ব চেম্পিয়নগৰাকীয়ে তেওঁৰ এই সফলতাত অসম আৰক্ষীৰ যথেষ্টখিনি অৱদান আছে বুলি প্ৰকাশ কৰি কয় যে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত গ্ৰহণ কৰা প্রশিক্ষণে তেওঁক বহুখিনি সহায় কৰাৰ লগতে আত্মবিশ্বাসীও কৰি তুলিছিল। তদুপৰি নিয়মিতভাৱে আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্যান্য আৰক্ষী বিষয়াসকলে তেওঁক উৎসাহিত কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে খেলুৱৈগৰাকীয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। অসম আৰক্ষীত যোগদন কৰা প্ৰায় দুবছৰ হ'ল বুলিও তেওঁ উল্লেখ কৰে। জীবনৰ বিভিন্ন সমস্যা, পৰিস্থিতিৰ মুখামুখি তথা সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ প্ৰশিক্ষণে যথেষ্ট সহায় কৰিছিল বুলিও তেওঁ কয়৷

তেওঁ লগতে ভৱিষ্যতে অসম আৰক্ষীক গৌৰৱাম্বিত কৰিবলৈ তথা দেশলৈ গৌৰব কঢ়িয়াই আনিবলৈ ভৱিষ্যতে কঠোৰ পৰিশ্ৰম কৰি যাব বুলি কয়। এই সফলতাৰ আঁৰত তেওঁ পিতৃ-মাতৃ আৰু অসম আৰক্ষীৰ ভূমিকাৰ কথাও দোহাৰে। আৰক্ষী উপ- মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই আঁত ধৰা এই অনুষ্ঠানটোত বিশেষ আৰক্ষী সঞ্চালকপ্রধান (প্রশাসন) ৰ লগতে অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে। ইফালে গুৱাহাটীৰ ৰাজভৱনত শুকুৰবাৰে অলিম্পিক খেলুৱৈ তথা নতুন দিল্লীত অনুষ্ঠিত আই বি এ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জনেৰে দেশ মাতৃক গৌৰৱাম্বিত কৰা লাভলীনা বৰগোহাঁইক ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া আৰু তেওঁৰ সহধৰ্মিনী তথা অসমৰ প্ৰথম মহিলা অনিতা কাটাৰীয়াই বিশেষভাবে সম্বৰ্ধনা জনায়। ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই লাভলীনা বৰগোহাঁইক দেশৰ নাম উজলোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে দেশৰ নাম ভৱিষ্যতেও উজলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই লাভলীনা বৰগোহাঁইৰ পিতৃ-মাতৃকো সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত ৰাজভৱনৰ বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে।