Logo
image

‘গাড্ডাৰ’ৰ সন্ধান বিচাৰিছে কংগ্ৰেছে

আমাৰ অসম, ৩ এপ্ৰিলঃ কংগ্ৰেছৰ আভ্যন্তৰত পুনৰ সন্ধান চলিছে গাড্ডাৰ’ৰ৷ দলত থাকিও কোনে দলক ক্ষতি  কৰি আছে তাৰ সন্ধান কৰিছে কংগ্ৰেছে৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে স্পষ্ট কৰিছে৷ তেওঁ কয়– কংগ্ৰেছৰ পাঁচজন বিধায়ক বিজেপিৰ সৈতে মিলি আছে৷’ ২৬অত সেইসকল বিধায়কে কান্দিব লাগিব৷ আমি তেওঁলোকৰ বিৰুদ্ধে তথ্য বিচাৰি আছোঁ৷ তথ্য পালেই জ্যেষ্ঠ কনিষ্ঠ যিয়েই নহওক কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ এই ক্ষেত্ৰত কোনো বিধায়কৰ কথাকে সহজভাৱে লোৱা নহ’ব৷ যিসময়ত বিজেপিয়ে ৰাহুল গান্ধীক ইতিংকি কৰিব সেই সময়ত কংগ্ৰেছৰ কোনো বিধায়কে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব সেয়া মানি ল’ব নোৱাৰি৷ উল্লেখ্য বিজেপিৰ এজেণ্ট ৰূপে থকা কেউজন বিধায়ক সম্প্ৰতি দলৰ সন্দেহৰ আৱত্তৰ্ত৷ দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ এনে মন্তব্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে কংগ্ৰেছত তেওঁৰ মানুহ থকা বুলি কোৱা কথাৰ সত্যতা প্ৰতীয়মান কৰিছে৷ ‘গাড্ডাৰ’ বিধায়কৰ নাম উল্লেখ নকৰিলেও দলৰ শীৰ্ষ নেতৃত্বই যে এনে বিধায়কৰ কাৰ্যপন্থা আৰু গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ অব্যাহত ৰাখিছে সেই পথ স্পষ্ট৷ উল্লেখ্য, ৰাজ্যসভাৰ নিৰ্বাচনত, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কংগ্ৰেছৰ মাজত গাড্ডাৰ থকা বুলি প্ৰদেশ কংগ্ৰেছৰ খোদ সভাপতিয়েই স্বীকাৰ কৰিছিল৷

মই গোচৰ দিয়া বাবে কোনোবা মুখ্যমন্ত্ৰী হ’ব পাৰিলেঃ ৰকিবুল 

কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে নিজে পাপ কৰাৰ কথা ৰাজহুৱা কৰিলে সংবাদ মাধ্যমৰ আগত৷ তেওঁ কয়–মই কিছু পাপ কৰিছো৷ এখন আলোচনীত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এজাহাৰ কোটি টকাৰ কেলেংকাৰি সন্দৰ্ভত মোৰ নামো সাঙুৰি দিয়া বাবে মই এটা গোচৰ দিছিলো৷ মোৰ উপৰি আৰু দুজনমানক জড়িত কৰা হৈছিল উক্ত কেলেংকাৰিত৷ কিন্তু মোৰ গোচৰত আইনে আমাক দোষমুক্ত বুলি ঘোষণা কৰিলে৷ মোৰ গোচৰৰ বাবে বাকীসকলো বাচি গ’ল৷ মই যদি তেতিয়াই তেওঁলোকৰ নাম নোসোমালোহেঁতেন৷ এই কথা আজি দুখেৰে সৈতে অনুধাৱন কৰিছো৷ ইফালে, কংগ্ৰেছ নেতা মনজিৎ মহন্তই দেওবাৰে গুৱাহাটীৰ দিছপুৰ উৰণ সেঁতুৰ নামত  হোৱাৰ কেলেংকাৰিত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক জড়িত বুলি অভিযোগ কৰিছে৷ গুৱাহাটীৰ ৰাজীৱভবনত সংবাদ মেলত তেওঁ কয় দিছপুৰৰ উৰণসেঁতু ২০২১ চনৰ ৪ নৱেম্বৰত মুকলি কৰা হ’ল৷ উৰণ সেঁতুখন মুকলি কৰাত জাকজমকতাৰ নামত ব্যয় কৰা হ’ল প্ৰায় ৪৫.৯৪ লাখ টকা৷ জনগোষ্ঠীয় গোমোচা, ফুল, তোৰণ আদিৰ নামত৷ কিন্তু ২০২১ চনৰ ৪ নৱেম্বৰত মুকলি কৰা দিছপুৰৰ উক্ত উৰণসেঁতুৰ উদ্বোধনী অনুষ্ঠানত আয়োজনৰ কাৰণে পাঁচ মাহ পাছত অৰ্থাৎ ২০২২ চনৰ মাৰ্চত নিবিদা আহহ্বান কৰা হ’ল আৰু ৭ মাহ পাছত ঠিকাদাৰজনক কাম কৰিবলৈ দিলে৷ যিটো ঠিকাদাৰী প্ৰতিষ্ঠানক কাম দিয়া হ’ল সেই প্ৰতিষ্ঠানৰ মালিক ভাস্কৰ শৰ্মা৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীৰো সঞ্চালক ভাস্কৰ শৰ্মা৷ অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ নামত নলৈ তেওঁৰ  পৰিবাৰৰ ব্যৱসায়ীক সতীৰ্থৰ কোম্পানী ড্ৰিম এ মেজৰ নামত ঠিকা দি মুনাফা লুটিছে৷ এইবোৰ চৰকাৰখনৰ ভয়ংকৰ কেলেংকাৰি৷