Logo
image

ৰঙিয়াৰ বৰঘুলিত পথ দুৰ্ঘটনাত শিশু-মহিলাসহ ১৩ জন আহতঃ চিকিৎসালয়ত আহতসকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, ৰঙিয়াঃ সোমবাৰে দুপৰীয়া ৰঙিয়াৰ বৰঘুলিত নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী টেম্প'য়ে নাৰিকল গছত খুন্দা মৰাত শিশু, মহিলাসহ ১৩ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত যাত্ৰীসকল ৰঙিয়াৰ সমীপৰ লাহাপাৰা আৰু হাতিমূৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। বৰঘুলিৰ পৰা কাউৰবাহালৈ আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যাত্ৰীসকলক ততাতৈয়াকৈ সমীপতে থকা নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে চিকিৎসালয়খনত গুৰুতৰভাৱে আহত লোকসকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত উত্তপ্ত হৈ পৰে চিকিৎসালয়ৰ চৌহদ । একাংশ ৰাইজে চৰকাৰ তথা চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ পিছত গুৰুতৰভাৱে আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।