Logo
image

৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যঃ বিগত দুবছৰত ৰাজ্যত ৪৭টাৰো অধিক ভূমিকম্পৰ জোকাৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ  ভূ-তাত্বিক বিজ্ঞানীসকলে হিমালয় পৰ্বতমালাৰ পাদদেশত আগন্তুক দিনত সৰু-বৰ ভূমিকম্প আহিব পাৰে বুলি সকীয়াই দিয়াৰ সময়তে সোমবাৰে বিয়লি এটা মৃদু প্ৰাবল্যৰ  ভূমিকম্পই অসমৰ এক বিস্তীৰ্ণ অঞ্চল জোকাৰি যায়। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সন্ধিয়া সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে বিয়লি ৪ বাজি ৫২ মিনিট ২৭ চেকেণ্ডত প্ৰায় ১১ চেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্যৰ পৰিমাণ আছিল ৩.৭ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ দক্ষিণ কামৰূপৰ মেঘালয় সীমান্তৰ সমীপত উত্তৰ পূব দিশত ১০ কিলোমিটাৰ গভীৰতাত। 

অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক্ষয়-ক্ষতি হোৱাৰ বাতৰি অহা নাই। উল্লেখযোগ্য যে  বিগত সময়চোৱাত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো কেবাটাও মৃদু আৰু  মধ্যমীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি  গৈছে ।  তেনেদৰে  ২০২১ চনৰ ২৮  এপ্ৰিলত পুৱা অনুভূত  হোৱা উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত বিগত প্ৰায় দুটা বছৰত ৪৭টাৰো অধিক আৰু ৰিখটাৰ স্কেলত ৩ৰ পৰা ৫.২ কম্পনাংকৰ মৃদুৰ পৰা মজলীয়া আৰু উচ্চ  প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখন জোকাৰি গৈছে। ইয়াৰে প্ৰায়  ৪০ শতাংশৰো অধিক ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ অসম-অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চল।