Logo
image

বিহুৰ বতৰতে গুৱাহাটীত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰঙালী বিহুৰ আনন্দৰ সময়ত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। গুৱাহাটী মহানগৰীত এনে ঘটনাৰ সূচনা হৈছে যে সৰ্বসাধাৰণ নাগৰিকে দিন দুপৰতে ঘৰ এৰি যাবলৈ ভয় কৰা হৈছে। মূলতঃ মহানগৰ আৰক্ষীৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবেই গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা৷

গুৱাহাটী মহানগৰীৰ দিছপুৰ থানাৰ অন্তৰ্গত মথুৰা নগৰৰ এঘৰত যোৱা নিশা চোৰে এটা টিভি, এটা মিউজিক ছিষ্টেম, দুডাল সোণৰ চেইন, দুটা সোণৰ আঙঠিসহ আন বহু মূল্যৱান সা-সম্পত্তি লুট কৰি নিয়ে । ঘৰত কোনো নথকাৰ সুযোগ বুজি চোৰৰ দলে দুৱাৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটি নিয়ে মূল্যৱান সামগ্ৰী। ঘটনা সন্দৰ্ভত ভুক্তভোগী অমি দেবে দিছপুৰ থানাত এজাহাৰ দাখিলকৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। উল্লেখ্য যে, ঘৰত চুৰি কৰা সমগ্ৰ দৃশ্য চি চি টিভিৰ কেমেৰাত আবদ্ধ হৈ আছে। মন কৰিবলগীয়া যে ঘৰৰ গৰাকী অমি দেবে বিহুত পৰিয়ালসহ গাঁৱৰ ঘৰলৈ গৈছিল। গাঁৱৰ ঘৰৰ পৰা উভতি আহি তেওঁ ঘৰত চুৰিকাণ্ড দেখিবলৈ পায়। 

ইপিনে, পানীখাইতীৰ ৰে'ল গেট বিহুতলীৰ পৰা যোৱা ১৪ এপ্ৰিলৰ নিশা দুখন মটৰ চাইকেল চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বিহুৰ কাৰ্যসূচী উপভোগৰ বাবে ক্রমে এ এছ ০১ বি এক্স ২১২০ আৰু এ এছ ০১ বি জেদ ৬৯৬৩ নম্বৰৰ মটৰ চাইকেল দুখনেৰে বিহুতলীলৈ আহিছিল খেমৰাজ গৌতম আৰু দিলহাফ ইছলাম নামৰ যুৱক দুজন। তেওঁলোকে মটৰ চাইকেল দুখন পার্কিং কৰি বিহুৰ কাৰ্যসূচী উপভোগ কৰি থকাৰ সময়তে চোৰে দুয়োখন বাইক লৈ উধাও হয়। পৰৱৰ্তী সময়ত যুৱক দুজনে নিৰ্ধাৰিত স্থানত মটৰ চাইকেল দুখন নেদেখি ইফালে-সিফালে বিচাৰ-খোঁচাৰ কৰে যদিও সম্ভেদ উলিয়াব নোৱাৰিলে। শেষত যুৱক দুজনে তেওঁলোকৰ মটৰ চাইকেল চুৰি সন্দৰ্ভত পানীখাইতী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখাৰ পৰলৈ বাহন দুখনৰ সম্ভেদ উলিয়াব পৰা নাই।