Logo
image

অগ্নিপৰীক্ষা! কৰ্ণাটক দখলৰ বাবে সৰ্বশক্তিৰে নামিছে বিজেপি

আমাৰ অসম, ২ মে': কৰ্ণাটকত ক্ষমতা অক্ষুন্ন ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছে বিজেপিয়ে৷ এয়া বিজেপিৰ অগ্নিপৰীক্ষা৷ ৫ বছৰ পূৰ্বে ২০১৮ চনৰ মে’ত পূৰ্ণ প্ৰয়াস চলায়ো বিজেপিয়ে দক্ষিণৰ ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল৷ কামত অহা নাছিল মোদীৰ যাদু৷ সৰ্বশক্তি প্ৰয়োগ কৰি সেইবাৰ বিজেপিয়ে ২২৪জনীয়া বিধানসভাত লাভ কৰিছিল ১০৪খন আসন৷ ফলত ৭৮খন আসন লাভ কৰা কংগ্ৰেছে [পাছত উপ-নিৰ্বাচনত আৰু দুখন] ৩৭খন আসন লাভ কৰা জেডি [এছ]ৰ সৈতে সন্মিলিত চৰকাৰ গঠন কৰিছিল৷ ১৪ মাহ পাছত বিজেপিয়ে কংগ্ৰেছৰ এদল বিধায়কক প্ৰলোভন দি আনি মুম্বাইৰ ৰেণেছাঁ ৰিজৰ্টত একপ্ৰকাৰ বন্দী কৰি ৰাখি ২০২০ চনৰ জুনত এইচ ডি কুমাৰাস্বামী নেতৃত্বাধীন জোঁট চৰকাৰখনৰ পতন ঘটাই নিজে চৰকাৰ গঠন কৰিছিল৷ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’বলৈ বি এছ য়েডিয়ুৰাপ্পাই ইমানেই  অনৈতিকতাৰ আশ্ৰয় লৈছিল যে, বিজেপি মিত্ৰসভাৰ শপতগ্ৰহণত নৰেন্দ্ৰ মোদী, তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে ধৰি শীৰ্ষ নেতৃত্ব অস্বস্তিত পৰি উপস্থিত থকাৰ পৰা বিৰত আছিল৷ পাছত শীৰ্ষ নেতৃত্বই য়েডিয়ুৰাপ্পাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰি বাসবৰাজ বোম্মাইক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰে, যাতে চৰকাৰখনৰ ভাৱমূৰ্তি উন্নত হয়৷

এইবাৰ কোনো কাৰণতে যাতে প্ত বছৰৰ পূৰ্বৰ সেই পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় আৰু শীৰ্ষ নেতৃত্ব অস্বস্তিকৰ পৰিস্থিতিৰ পৰা দূৰত থাকিব পাৰে, তাৰ বাবে পূৰ্ণ প্ৰয়াস চলাই বিজেপি সৰ্বশক্তিৰে কৰ্ণাটকত জঁপিয়াই পৰিছে৷ একেলগে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেও প্ৰয়োগ কৰিছে পূৰ্ণ শক্তি৷ যোৱা শুকুৰবাৰৰ পৰা ১০ মে’ৰ ভোটদানৰ পূৰ্বৰ শেষ নিৰ্বাচনী প্ৰচাৰৰ দিনটোলৈকে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত দিনে ২-৩খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ দৈনিক কৰ্ণাটকলৈ দিল্লীৰ পৰা যাতায়াত কৰিছে৷ সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে ১৭১.৫০ টকাকৈ৷ এনে উপৰ্যুপৰি প্ৰচেষ্টাৰ মাজতে সোমবাৰে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ৰাজ্যখনৰ নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণৰ সৰ্বশেষ প্ৰচেষ্টা চলালে৷ বিজেপিৰ চৰকাৰ ক্ষমতাত অধিষ্ঠিত হ’লে কৰ্ণাটকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত আৰু অভিন্ন দেৱানী বিধি বলৱৎ কৰিব বুলি বিজেপিয়ে সোমবাৰে ঘোষণা কৰাৰ লগে লগে দলটোৰ বহু প্ৰত্যাশিত পৰিকল্পনা আৰম্ভ হ’ল বুলি চৰ্চা আৰম্ভ হৈছে৷ বিজেপিৰ বাবে এনআৰচি বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হৈছে নিৰ্বাচনী ধৰ্মীয় মেৰুকৰণৰ মূল আহিলা৷ এনআৰচি প্ৰস্তুতকৰণৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে হিন্দু আৰু মুছলিম ভোটাৰৰ মাজত বিভাজন ঘটাই একাধিক ৰাজ্যত হিন্দু ভোট নিজৰ পক্ষে আনিবলৈ সক্ষম হৈছে৷ অৱশ্যে লোকসভাত ক্ৰমে এনআৰচি, ‘কা’ কেতিয়া প্ৰস্তুত আৰু বলৱৎ হ’ব সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ২০১৯ চনতে ‘ক্ৰন’লজি’ প্ৰকাশ কৰিও এতিয়াও দেশৰ কোনো ৰাজ্যত এনআৰচি প্ৰস্তুত কৰিব পৰা নাই৷ একমাত্ৰ অসমত এনআৰচি প্ৰস্তুত হৈছে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত আৰু উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ তথা পৰ্যবেক্ষণত৷ কিন্তু কৰ্ণাটকত এনআৰচি প্ৰস্তুত কৰাৰ ঘোষণাৰে বিজেপিয়ে ভোটৰ মেৰুকৰণত যে সোমবাৰে সাৰ্থক খোজ পেলাইছে সেয়া একপ্ৰকাৰ নিশ্চিত৷ একে সময়তে অভিন্ন দেৱানী বিধি বলৱৎকৰণো বিজেপিৰ বাবে ভোটৰ মেৰুকৰণৰ অন্যতম মূল আহিলা৷ দেশৰ হিন্দু আৰু মুছলিম বিবাহ আইন একেখন কৰিব বুলি কোৱাৰ লগে লগে উগ্ৰ হিন্দুৱে তৃপ্তি লাভ কৰে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে অভিন্ন দেৱানী বিধি বলৱৎ নকৰাকৈ কিদৰে এখন ৰাজ্যত বিজেপিয়ে অভিন্ন দেৱানী বিধি বলৱৎ কৰিব বুলি ঘোষণা কৰিলে, সেয়া এক ডাঙৰ প্ৰশ্নৰ বিষয়৷ অৱশ্যে সন্দেহ নাই, বিজেপিৰ  এই ঘোষণাই একেকোবে বিশাল সংখ্যাত হিন্দু ভোট নিজৰ পক্ষে কৰি ল’বলৈ সমৰ্থ হ’ব৷ 

কেৱল এন আৰ চি আৰু অভিন্ন দেৱানী বিধিৰ ঘোষণাই যথেষ্ট নহ’ব বুলি ধাৰণা কৰি বিজেপিয়ে  ‘দ্য কেৰালা ষ্টৰী’ নামৰ বিতৰ্কিত চিনেমাখনক লৈয়ো কৰ্ণাটকৰ নিৰ্বাচনত মেৰুকৰণৰ জৰিয়তে ৰাজনৈতিক মুনাফা অৰ্জন কৰাৰ অভিযানত নামি পৰিছে৷ সুদীপ্ত সেন পৰিচালিত এই চিনেমাখনত কেৰালাৰ  ৩২ হাজাৰ হিন্দু আৰু শিখ যুৱতীক আইছিছে ভাৰতৰ পৰা লৈ গৈ ইছলামলৈ ধৰ্মান্তৰিত কৰা আৰু যৌন সংগী কৰা বুলি  বিতৰ্কিত কাহিনী উপস্থাপন কৰা হৈছে৷ ছবিখনৰ মুক্তিৰ দিন স্থিৰ কৰা হৈছে অহা ৫ মে’৷ কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলে কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বে সেই ছবিখন মুক্তি দিয়াটো বন্ধ কৰিবলৈ নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে৷ কিয়নো ছবিখনৰ এই কাহিনী সম্পূৰ্ণ ভুৱা বুলি দাবী কৰিছে কংগ্ৰেছ দল আৰু কেৰালাৰ শাসনাধিষ্ঠিত বাওঁমৰ্চাই৷ কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলৰ অভিযোগ, কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিক ধৰ্মীয় মেৰুকৰণৰ সুযোগ দিয়াৰ বাবেই নিৰ্বাচনৰ পূৰ্বে ছবিখনৰ মুক্তি নিশ্চিত কৰা হৈছে আৰু সেয়া হৈছে বিজেপিৰ প্ৰৰোচনাত৷ বিৰোধী ৰাজনৈতিক দলে কৰা অভিযোগ মতে বিজেপিয়ে প্ৰভাৱ খটুৱাই যোৱা ২৬ এপ্ৰিলত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাইছে৷ ফলত সুবিধা লাভ কৰিছে বিজেপিয়ে৷ 

 বিজেপিয়ে ‘প্ৰজ্ঞা প্ৰণালী’ নাম দি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ অৱশ্যেই লোভনীয় আৰু ভোটাৰক সৰ্বতোপ্ৰকাৰে আকৰ্ষণ কৰিব পৰাৰ সমল থকা৷ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই, প্ৰাক্তন মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পা আৰু আন আন শীৰ্ষ নেতাৰ উপস্থিতিত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে দিয়ে বৃহৎ প্ৰতিশ্ৰুতি৷ এই ইস্তাহাৰত শাসকীয় বিজেপিয়ে ৰাজ্যৰ যুৱক-যুৱতীৰ কল্যাণ, সাধাৰণ লোকৰ কল্যাণ, আন্তঃগাঁথনি উন্নয়ন আৰু মহিলা সবলীকৰণত গুৰুত্ব দিছে৷ উমৈহতীয়া দেৱানী বিধি, এনআৰচি বলৱৎকৰণৰ উপৰি দুখীয়া লোকক বছৰি তিনিটাকৈ বিনামূলীয়া ৰন্ধন গেছ প্ৰদান, দুখীয়া লোকক প্ৰতিদিনে আধা লিটাৰকৈ বিনামূলীয়া নন্দিনী গাখীৰ প্ৰদান, মাহে মুঠ দহ কিলো বিনামূলীয়া খাদ্য সামগ্ৰী আৰু প্ৰতিটো ৱাৰ্ডতে অটল আহাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বিজেপিয়ে ঘোষণা কৰে৷ কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে কৰ্ণাটকৰ উন্নয়নৰ বাবে সকলোধৰণৰ কাম কৰিবলৈ বদ্ধপৰিকৰ বুলিও ইস্তাহাৰত ঘোষণা কৰে৷ কৰ্ণাটকৰ প্ৰতিটো পৌৰ নিগমৰ অধীনৰ ৱাৰ্ডত অটল আহাৰ কেন্দ্ৰ স্থাপন কৰি ৰাইজক পুষ্টিকৰ আহাৰ যোগান ধৰা, বিশ্বেশ্বৰায়া বিদ্যা যোজনাৰ অধীনত ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ক অধিক উন্নত কৰি তোলা, ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰৰ ফালৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা আদিও প্ৰতিশ্ৰুতি দিয়া হয়৷ পুনৰ ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে কৃষকৰ বাবে ৩০ হাজাৰ কোটি টকাৰ কে-এগ্ৰি পুঁজি আগবঢ়াব ক’ল্ড ষ্ট’ৰেজৰ বাবে৷ দুখীয়া লোকৰ বাবে দহ লাখ নতুন ঘৰ প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়া হয়৷ জ্যেষ্ঠ নাগৰিকৰ বাবে বিনমূলীয়া স্বাস্থ্য পৰীক্ষাৰো প্ৰতিশ্ৰুতি দিয়া হয়৷ পাঁচ লাখ টকাৰ ঋণলৈকে কোনোধৰণৰ সুদ লোৱা নহ’ব বুলিও কোৱা হয়৷ 

ইপিনে, দেওবাৰৰ ৰোড-শ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এগৰাকী মহিলাই মোবাইল ফোন দলিয়াই দিলেও তেওঁৰ বিৰুদ্ধে নিৰ্বাচনৰ স্বাৰ্থতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ মহীশুৰত দেওবাৰে মোদীয়ে ৰোড-শ্ব’ কৰি থকা অৱস্থাত এগৰাকী মহিলাই তেওঁৰ শৰীৰলৈ উদ্দেশ্য কৰি এটা মোবাইল ফোন দলিয়াই দিয়ে৷ মোবাইলটোৱে মোদীৰ শৰীৰত আঘাত নকৰিলেও তেওঁৰ গাড়ীত গৈ পৰেগৈ৷ পিছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীক মোবাইলটো ওভোটাই দিয়ে৷ সেই মহিলাগৰাকী বিজেপিৰ কৰ্মী আৰু ৰোড-শ্ব’ৰ উত্তেজনাৰ মাজতে মোবাইলটো তেওঁৰ হাতৰ পৰা উফৰি পৰা বুলি প্ৰচাৰ চলাইছে বিজেপিয়ে৷ সম্প্ৰতি মহিলাগৰাকীৰ সন্ধান মহীশুৰ আৰক্ষীয়ে পোৱা নাই বুলি প্ৰচাৰ কৰা হৈছে আৰু তেওঁ সাংবাদিকে ঢুকি পোৱাৰ পৰা বহু আঁতৰত ৰহস্যজনকভাৱে অৱস্থান কৰিছে৷ আন সময়ত এই ঘটনা সংঘটিত হোৱা হ’লে স্বাভাৱিকতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ খাতিৰতে বিষয়টো অতিশয় গুৰুত্বপূৰ্ণভাৱে গ্ৰহণ কৰা হ’লহেঁতেন, তাত সন্দেহ নাই৷ কিন্তু ৰাজ্যৰ ভোটাৰ ক্ষুন্ন হোৱাৰ আশংকাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দৰে স্পৰ্শকাতৰ বিষয়ো বিজেপিয়ে লঘূ কৰিবলৈ চেষ্টা চলাইছে৷ অগ্নিপৰীক্ষাত উত্তীৰ্ণ হোৱা স্বাৰ্থত এই মুহূৰ্তত বিজেপিয়ে সৰ্বদিশে সৰ্বশক্তিৰে কৰ্ণাটকত আত্মনিয়োগ কৰিছে৷

কৰ্ণাটকত হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক প্ৰচাৰ, ৰোড শ্ব’

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কৰ্ণাটকত একাধিক স্থানত ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ লগতে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ অধিকসংখ্যক উত্তৰ-পূৰ্বাঞ্চলৰ ভোটাৰ থকা স্থান নিৰ্বাচন কৰি লৈ হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ লগতে সভা অনুষ্ঠিত কৰে৷ কৰ্ণাটকৰ টুমকুৰত এখন নিৰ্বাচনী সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ১০০ বছৰলৈ কংগ্ৰেছ দল শাসনত নাহে৷ সেই কথা সকলোৱে মনত ৰখা উচিত৷ তেওঁৰ মতে কংগ্ৰেছৰ দৰে তুষ্টিকৰণৰ ৰাজনীতিত বিজেপিয়ে বিশ্বাস নকৰে৷ বিজেপিয়ে কেৱল জনগণৰ স্বাৰ্থৰ হকে কাম কৰে আৰু ভৱিষ্যতৰ প্ৰতি দৃষ্টি দি দলটোৱে সামগ্ৰিকভাৱে উন্নয়নৰ চেষ্টা কৰে৷ কংগ্ৰেছৰ শাসনত ব্যক্তিগত উন্নতি হয় কিন্তু বিজেপিৰ শাসনত দেশৰ সামগ্ৰিক উন্নতি হয়৷