Logo
image

বিবাহ বিচ্ছেদৰ বাবে ছমাহ ৰোৱাৰ আৰু প্ৰয়োজন নাই

আমাৰ অসম, ২ মে': এতিয়াৰ পৰা ভাৰতত হিন্দু দম্পতীৰ বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত বাধ্যতামূলক ছমাহ অপেক্ষাৰ প্ৰয়োজন নাই৷ উচ্ছতম ন্যায়ালয়ে সোমবাৰে প্ৰদান কৰা এটা গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত থকা দীৰ্ঘদিনীয়া পৰিৱৰ্তন ঘটাইছে৷ ইমানদিনে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনালে আবেদনকাৰীয়ে ছমাহ অপেক্ষা কৰাটো বাধ্যতামূলক আছিল৷ অৰ্থাৎ কোনো পৰিস্থিতিতে আবেদনৰ ছমাহৰ ভিতৰত আবেদনকাৰীয়ে বিবাহ বিচ্ছেদৰ সুযোগ নাপাইছিল৷ সোমবাৰে উচ্ছতম  ন্যায়ালয়ৰ পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে সংবিধানৰ ১৪২ নম্বৰ অনুচ্ছেদ প্ৰয়োগ কৰি বিশেষ পৰিস্থিতিত দ্ৰুত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত আদালতে দিব পাৰে বুলি নিৰ্দেশ জাৰি কৰিছে৷ বিশেষ পৰিস্থিতিৰ ব্যাখ্যাত উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ ক্ৰমে সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, এ এছ ওকা, বিক্ৰম নাথ আৰু জে কে মহেশ্বৰীৰ পাঁচ সদস্যৰ বিচাৰপীঠে কয় যে, কোনো ভাগি যোৱা বৈবাহিক সম্পৰ্ক যদি আৰু কোনোভাৱেই জোৰা লগা সম্ভৱ নহয় আৰু আদালতে তেনেদৰেই বিষয়টো বিবেচনা কৰে, তেন্তে বিশেষ অধিকাৰ প্ৰয়োগ কৰি আদালতে আবেদনৰ ছমাহৰ ভিতৰতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত দিব পাৰিব৷ এই বিশেষ অৱস্থাক উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে ‘পুনৰুদ্ধাৰৰ অসাধ্য বৈবাহিক সম্পৰ্ক’ বুলি অভিহিত কৰিছে৷ অৱশ্যে এনে ক্ষেত্ৰত আদালতে নিৰ্দেশ জাৰি কৰাৰ পূৰ্বে আগৰদৰেই সকলো দিশ বিবেচনা কৰি চাব লাগিব৷ যিদৰে পূৰ্বে সন্তানৰ দায়িত্ব কাৰ হাতত অৰ্পণ কৰা হ’ব সেই বিষয়ে আদালতে উভয়পক্ষৰ সৈতে আলোচনা কৰি আৰু পৰিস্থিতি বিশ্লেষণ কৰি সিদ্ধান্ত লৈছিল এতিয়াও দ্ৰুত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত দিয়াৰ সময়ত আদালতে সেই সকলো দিশ বিবেচনা কৰি সামগ্ৰিকভাৱে বিষয়টোৰ মীমাংসা কৰিব লাগিব৷ হিন্দু বিবাহ আইনৰ ১৩ বি ধাৰা অনুসৰি ইমানদিনে ভাৰতত বিবাহ বিচ্ছেদৰ বাবে কোনো হিন্দু দম্পতীয়ে আবেদন জনালে তেওঁলোকে আদালতৰ ৰায় লাভ কৰাৰ বাবে কমেও ছমাহ বাধ্যতামূলকভাৱে অপেক্ষা কৰিব লাগিছিল৷ পাৰস্পৰিক সহমতৰ ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিলেও এই বাধ্যতামূলক ছমাহৰ সময় অনিবাৰ্য আছিল৷ এতিয়া সোমবাৰে উচ্ছতম ন্যায়ালয়ে দিয়া ৰায়ত জনাইছে যে সংবিধানৰ ১৪২ নম্বৰ অনুচ্ছেদ অনুযায়ী কোনো বিচাৰাধীন বিষয়ৰ ‘সম্পূৰ্ণ আইনী নিষ্পত্তি’ৰ বাবে উচ্ছতম ন্যায়ালয়ে নিজৰ বিশেষ অধিকাৰ প্ৰয়োগ কৰি নিৰ্দেশনামা জাৰি কৰিব পাৰে কিম্বা ৰায়দান কৰিব পাৰে৷ এই বিবাহ বিচ্ছেদৰ বিষয়টোও উচ্ছতম ন্যায়ালয়ৰ উক্ত এক্তিয়াৰৰ ভিতৰত ধৰি বিচাৰপীঠে নিজৰ সিদ্ধান্ত জনাইছে৷