Logo
image

ৰন্ধন গেছৰ ব্যাপক মূল্যহ্ৰাস

আমাৰ অসম, ২ মে': কৰ্ণাটকৰ নিৰ্বাচনলৈ মাজত ৯ দিন বাকী থকা অৱস্থাত ৰন্ধন গেছৰ বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য বৃহৎ পৰিমাণত হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে৷  সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছৰ ছিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস কৰা হৈছে৷ উল্লেখ্য ইয়াৰ পূৰ্বে কেতিয়াও এনে বিশাল পৰিমাণত ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হোৱা নাছিল৷ যোৱা ১ এপ্ৰিলতো কৰ্ণাটকৰ নিৰ্বাচনক উদ্দেশ্য কৰি মোদী চৰকাৰে ৰন্ধন গেছৰ বাণিজ্যিক ছিলিণ্ডাৰৰ প্ৰতিটোৰ মূল্য ৯২ টকাকৈ হ্ৰাস কৰিছিল৷  ঠিক এমাহৰ বিৰতিত মোদী চৰকাৰে দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ এনেদৰে মূল্য হ্ৰাস কৰাৰ আঁৰত কৰ্ণাটকৰ নিৰ্বাচনে ক্ৰিয়া কৰিছে বুলি দেশজুৰি চৰ্চা হৈছে৷ অভিযোগ উঠিছে বিজেপি দলটোৰ লগে লগে কৰ্ণাটকৰ নিৰ্বাচনত সাফল্য অৰ্জন কৰাৰ  বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ভোটাৰক প্ৰলোভিত কৰিব পৰাকৈ যি চৰকাৰী পদক্ষেপ ল’ব পাৰে তেনে সকলো পদক্ষেপ গ্ৰহণ কৰিছে৷ অৰ্থাৎ দলৰ সৈতে সমানে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে চৰকাৰো৷ পিছে তুলসীৰ লগত কলপটুৱাৰ মুক্তি হোৱাৰ দৰে বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ এই সুযোগ সমগ্ৰ দেশবাসীয়ে লাভ কৰিব৷ অচিৰেই মোদী চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্যও হ্ৰাস কৰিব বুলি চৰ্চা হৈছে৷ উল্লেখ্য, সোমবাৰে কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰা ইস্তাহাৰত বিজেপি  ক্ষমতালৈ আহিলে ৰাজ্যৰ দৰিদ্ৰ জনতাক তিনিটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিনামূলীয়াকৈ যোগান ধৰিব বুলি ঘোষণা কৰিছে৷