Logo
image

গুৱাহাটীত হেমকোষৰ ব্ৰেইল সংস্কৰণলৈ গীণিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডৰ অনুষ্ঠানিক স্বীকৃতি প্ৰদান

আমাৰ অসম, ২ মে': আজি সমগ্ৰ অসমবাসীৰ বাবে এক স্মৰণীয় দিন৷ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মহৎ কৃতি ‘হেমকোষ’-এ ‘গীনিজ বুকছ অৱ ৱল্ডৰ্ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত কৰি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত সুপ্ৰতিষ্ঠিত কৰিলে৷ যাৰ বাবে আজি সমগ্ৰ অসমীয়া জাতিয়ে ধন্য মানিছে৷ এই মন্তব্য অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ৷ উল্লেখ্য যে অসমীয়া জাতিৰ গৌৰৱ ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণে ইতিমধ্যে সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ দ্বি-ভাষিক ব্ৰেইল অভিধান হিচাপে ‘গীনিজ বুকছ অৱ ৱল্ডৰ্ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত কৰিছে৷ এই উপলক্ষে সোমবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাব তিথিৰ পৱিত্ৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছ কতৃৰ্পক্ষই হেমকোষ প্ৰকাশনক আনুষ্ঠানিকভাৱে বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল কাটাৰিয়াই ভাষণ প্ৰসংগত কয়– ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অতুলনীয় অৱদানে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি জাতিটোক ধন্য কৰিলে৷ হেমকোষ প্ৰকাশনৰ সৈতে জড়িত বিদ্বৎ সমাজৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ ফলত আজি অসমীয়া জাতি ধন্য হৈছে৷  আৰম্ভণিতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱাই উপস্থিত অভ্যাগতক আদৰণি জনাই ভাষণ প্ৰসংগত কয়– ‘আমাৰ পিতামহ হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ মোৰ দেউতা দেবানন্দ বৰুৱা, এই দুগৰাকী পুৰোধা ব্যক্তিৰ মহান কৃতীয়ে অসমীয়া জাতিক সমৃদ্ধিশালী কৰি ৰাখিব৷ লগতে তেওঁলোকৰ ডেৰ শতিকাজোৰা ত্যাগ আৰু কষ্টৰ ফচল হেমকোষৰ অবিৰত প্ৰকাশৰ যাত্ৰাতেই অসমীয়া ভাষা এতিয়াও জ্যোতিষ্মান হৈ আছে৷ হেমকোষ পৰিয়ালৰ চতুৰ্থ প্ৰজন্ম হিচাপে আমি গৌৰৱান্বিত যে আঠশ কোটি মানুহৰ বিশ্বৰ ক্ষুদ্ৰতম অংশ অসমৰ অসমীয়াসকলৰ মাজত থকা নেত্ৰহীন সকলৰ বাবে ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণৰ যোগেৰে সামান্যতম সংযোজন ঘটাবলৈ সক্ষম হৈছে৷ ‘ইপিনে সভাত উপস্থিত থাকি গীনিজ ৱল্ডৰ্ ৰেকৰ্ড কতৃৰ্পক্ষৰ কাৰ্যবাহী বিষয়া ঋষি নাথে গীনিজ বুকছ অৱ ৱল্ডৰ্ ৰেকৰ্ডছ’ৰ প্ৰমাণ পত্ৰখন আনুষ্ঠানিক ভাৱে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ হাতত প্ৰদান কৰি ভাষণ প্ৰসংগত কাৰ্যবাহী বিষয়া নাথে এয়া অসমীয়া জাতিৰ বাবে এক বিৰল সন্মান বুলি মন্তব্য কৰে৷ তদুপৰি সভাত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ প্ৰতাপজ্যোতি সন্দিকৈ, দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰাটেণ্ডু পাণ্ডে আৰু বিশিষ্ট সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণ অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব বুলি সদৰী কৰে৷ উল্লেখ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেবানন্দ বৰুৱাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই৷ অনুষ্ঠানটোত মন্ত্ৰী পীয়ূষ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, গুৱাহাটীৰ সাংসদ কুইন ওজা, অসমৰ কেইবাগৰাকী সাহিত্যিক-বুদ্ধিজীৱী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷