Logo
image

চান্দা নুঠিল, জুবিনৰ সংগীতানুষ্ঠান বাতিল

আমাৰ অসম, ৬ মে’: বিহুৰ চান্দা নুঠিল বাবেই বাতিল হ’ল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান৷ বিহুৰ আয়োজক সমিতিয়ে সাংস্কৃতিক অনুষ্ঠানৰ বাবে নামি-দামী শিল্পীৰ সৈতে বন্দোবস্তি কৰিছিল যদিও শেষ মুহূৰ্তত শিল্পীৰ মাননিৰ বাবে ধনৰ জেৰা মাৰিব নোৱাৰি সংগীতানুষ্ঠানকে বাতিলে কৰিবলৈ বাধ্য হ’ল আয়োজকে৷ 
  
জুবিন, কে কে, মোহনৰ সাংস্কৃতিক অনুষ্ঠান উপভোগৰ বাবে দূৰ-দূৰণিৰ পৰা দৰ্শক-অনুৰাগীয়ে সন্ধিয়া বিহুস্থলীত ভিৰ কৰে যদিও শেষত উদ্যোক্তাসকলে চান্দা নুঠাৰ বাবে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা বুলি ঘোষণা কৰি ৰাইজৰ ওচৰত হাত যোৰ কৰি ক্ষমা বিচাৰে৷ এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ দহোতীয়া চুকত৷ তিনিচুকীয়া দহোতীয়া চুক ৰঙালী বিহু সমিতিয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিছিল৷ তিনিদিনীয়াকৈ অনুষ্ঠিত বিহু কাৰ্যসূচীৰ বৃহস্পতিবাৰে আছিল অন্তিম দিন৷ উক্ত দিনা সাংস্কৃতিক অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ কৰিছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, নীল আকাশৰ লগতে কমেডিয়ান কে কে আৰু মোহনৰ সৈতে৷ আনকি উদ্যোক্তাসকলে বিহুৰ বাবে বিভিন্নজনৰ পৰা চান্দাও সংগ্ৰহ কৰিছিল৷ 

কিন্তু বৃহস্পতিবাৰে শেষ মুহূৰ্তলৈকে সকলোৱে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব বুলিয়েই অপেক্ষা কৰি থকাই নহয়, এজন দুজনকৈ দৰ্শক আহি ভৰি পৰিছিল বিহুস্থলী৷ কিন্তু জুবিন গাৰ্গৰ সাংগীতানুষ্ঠানত কোনো উম-ঘাম নোপোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হোৱাত কমিটীৰ বিষয়ববীয়াসকলে মঞ্চৰ পৰা হাত-যোৰ কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰি চান্দা নুঠাৰ বাবেই জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা কৰে৷ অৰ্থাৎ শিল্পীক আদায় দিয়াৰ বাবে মাননি জোৰা মাৰিব নোৱাৰি এই সিদ্ধান্ত লোৱা বুলিও উদ্যোক্তাসকলে জানিবলৈ দিছে৷ অৱশ্যে, উদ্যোক্তাসকলে সংগীতানুষ্ঠানৰ বাতিলৰ খবৰ শেষ মুহূৰ্ততহে ৰাজহুৱা কৰাত একাংশ দৰ্শকে ক্ষোভ ব্যক্ত কৰাও দেখা যায়৷ ফলত জুবিনৰ সংগীতানুষ্ঠান অবিহনে অহা বাটে উভতি যায় দৰ্শক-অনুৰাগীয়ে৷