Logo
image

ক’ভিডোত্তৰ সংবাদ মাধ্যমলৈ প্ৰত্যাহ্বান!, সাংবাদিকৰ লগতে পঢ়ুৱৈৰো দায়িত্ব বাঢ়িছে

ৰবীন ভূঞা (আমাৰ অসম) : ভাষাৰ শুদ্ধ প্ৰয়োগৰ ক্ষেত্ৰত কেৱল সংবাদ মাধ্যমেই জগৰীয়া নহয়, ইয়াৰ বাবে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বহু কৰণীয় আছে৷ ভাষাটো শুদ্ধকৈ শিকাৰ বাবে আন্তৰিকতাৰে সকলো আগবাঢ়ি আহিলে ভাষাৰ বিপৰ্যয় কেতিয়াও নহয়৷ সংবাদ মাধ্যমলৈ প্ৰত্যাহ্বান আহিছে, এইক্ষেত্ৰত সাংবাদিকৰ লগতে পঢ়ুৱৈৰো দায়িত্ব বাঢ়িছে বুলি মন্তব্য আগবঢ়ায় ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক, সাহিত্য অকাডেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে৷ অসমীয়া ভাষা-সাহিত্য-সাংবাদিকতা, সমাজ আৰু সংস্কৃতিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ অৱলোকনেৰে শনিবাৰে ‘আমাৰ অসম’ৰ প্ৰকাশন গোষ্ঠী জি এল পাব্লিকেশ্বনছৰ উলুবাৰী কাৰ্যালয় চৌহদত অনুষ্ঠিত মনোজ্ঞ অন্তৰংগ আলাপত ভাগ লৈ প্ৰসিদ্ধ গল্পকাৰজনে কয় যে– ভাষাপ্ৰেম নাথাকিলে ভাষা এটা কেতিয়াও শুদ্ধকৈ আয়ত্ত কৰিব নোৱাৰি৷ তাৰ উদাহৰণস্বৰূপে তেওঁ দক্ষিণ আফ্ৰিকাৰ ছিয়ালিয়ন নামৰ দেশখনত বাংলা ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়াৰ কথা উনুকিয়ায়৷ দক্ষিণ আফ্ৰিকাৰ ছিয়ালিয়ন প্ৰদেশৰ সৈন্য বাহিনীত মকৰল হোৱা বাঙালী মূলৰ সৈনিকসকলৰ প্ৰতি সন্মান জনায়েই এই পদক্ষেপ গ্ৰহণ কৰাৰ উদাহৰণ তেওঁ দাঙি ধৰে৷ ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাই আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় জি এল পাব্লিকেশ্বনছৰ মহাপ্ৰৱন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে সংবাদ মাধ্যমে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মায়ো অংশগ্ৰহণ কৰে৷ অন্তৰংগ আলাপ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সদৌ গুৱাহাটী ছাত্ৰ সন্থা, সদৌ গুৱাহাটী যুৱ ছাত্ৰ পৰিষদৰ বিষয়-ববীয়াৰ লগতে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ ডেকা, ড॰ অদিতি দাস, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ড॰ প্ৰশান্ত  শৰ্মা, আৰ জি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক শৈলেন ডেকা, এছ বি দেওৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা গীতালি দাস, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক ড॰ উৎপল শৰ্মা, শিক্ষাৰ্থীৰ অভিভাৱক গণেশ ৰাউত আদিয়ে অংশগ্ৰহণ কৰি মনোজ কুমাৰ গোস্বামীক ভাষা-সাহিত্য-সংস্কৃতি বিষয়ত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে৷ বৰ্তমান সংবাদপত্ৰ চৰকাৰ নিৰ্ভৰশীল কিয় বুলি এজন শিক্ষাৰ্থীয়ে কৰা প্ৰশ্নৰ উত্তৰত মনোজ কুমাৰ গোস্বামীয়ে কয় যে– ক’ভিড অতিমাৰীৰ পাছত সমগ্ৰ পৃথিৱীয়েই সলনি হৈ যায়৷ যাৰ ফলত সংবাদপত্ৰও অভাৱনীয় ক্ষতিৰ সন্মুখীন হয়৷ বাতৰি কাকতৰ জৰিয়তে ক’ভিড সংক্ৰমণ হয় বুলি উৰাবাতৰি প্ৰচাৰ হোৱাৰ লগে লগে দ্ৰুতগতিত কমি যায় প্ৰচলন সংখ্যা৷ এনে সন্ধিক্ষণত ক্ষুদ্ৰ বহু বাতৰি কাকতৰ মৃত্যু ঘটে৷ আনহাতে যিকেইটা সংবাদ মাধ্যম ইয়াৰ পাছতে বৰ্তি আছে সেইকেইটা প্ৰতিষ্ঠান গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগা হয়৷ যাৰ বাবে চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব লগা হয়৷ ফলত চৰকাৰ বিৰোধী পদক্ষেপ লোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যম একপ্ৰকাৰ ব্যৰ্থ হোৱা বুলি তেওঁ স্বীকাৰ কৰে৷ তদুপৰি বাতৰি কাকত পঢ়াৰ প্ৰতি অসমীয়া মধ্যবিত্তৰ অনীহাও এইক্ষেত্ৰত আন এক প্ৰত্যাহ৩ান হৈ পৰিছে৷ অসমৰ প্ৰায় তিনি কোটি জনসংখ্যাৰ মাজত আটাইকেইখন কাকত মিলি প্ৰচলন সংখ্যা মাত্ৰ দুই লাখৰ ওচৰা ওচৰি৷ তিনি কোটি জনসংখ্যাৰ ৰাজ্য এখনত বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা নগণ্য হোৱাটোৱেই সূচায় মানুহ কিদৰে দিনে দিনে অধ্যয়ন বিমুখ হৈ পৰিছে৷ আনহাতে অসমীয়া সংবাদ মাধ্যমে অসমীয়া ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও তেওঁ গৌৰৱেৰে উনুকিয়ায়৷ অসমীয়া ভাষা প্ৰচাৰ-প্ৰসাৰৰ বাবে অসমীয়া মানুহে পালন কৰিবলগীয়া দায়িত্বৰ কথাও তেওঁ অন্তৰংগ আলাপ অনুষ্ঠানত উনুকিয়াই দিয়ে৷ জুবিন গাৰ্গে গীতৰ জৰিয়তেই অসমীয়া ভাষাক সকলো প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে৷ অসমীয়া ভাষা পৃথিৱীৰ যিকোনো এটা উন্নত ভাষাৰ সৈতে ফেৰ মাৰিব পৰা ভাষা৷ অসমীয়া ভাষাক লৈ কেতিয়াও হীনমন্যতাত ভুগিব নালাগে৷ অসমীয়াতকৈ কম জনসংখ্যাৰ একোটা ভাষাটো ন’বেল বঁটা লাভ কৰিব পৰা সাহিত্যৰ সৃষ্টি হৈছে৷ সৌৰভ চলিহা, ভবেন্দ্ৰনাথ শইকীয়া, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰভৃতি অসমীয়া সাহিত্যিকৰ সৃষ্টি কিমান উচ্ছ স্তৰৰ সেই কথা উপলব্ধি কৰিবলৈ তেওঁ আজিৰ প্ৰজন্মক আহ্বান জনায়৷ অন্তৰংগ আলাপ অনুষ্ঠানত এজন প্ৰশ্নকৰ্তাই সুধিছিল– বৰ্তমান পৃথিৱীৰ তিনিটা ভয় বুলি ক’লে আপোনাৰ দৃষ্টিত কি কি হ’ব? সেই সম্পৰ্কত মনোজ কুমাৰ গোস্বামীৰ উত্তৰ আছিল– অৰ্থনৈতিক অসমতা, পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ আৰু ক্ষুদ্ৰ ভাষাৰ প্ৰতি অহা ভাবুকি৷ অৰ্থনৈতিক অসমতাৰ ফলত আঢ্যৱন্ত শ্ৰেণীটোৰ মান উদ্ধৰ্গামী হোৱাৰ বিপৰীতে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৰ মান ক্ৰমাৎ নিম্নগামী হৈ পৰিছে৷ মানুহৰ মাজত ইয়াৰ ফলত ভয়ংকৰ ব্যৱধান সৃষ্টি হৈছে৷ একেদৰে পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ সমগ্ৰ বিশ্বৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে৷ তৃতীয়তে প্ৰায় প্ৰতি চৈধ্য দিনত পৃথিৱীৰ এটাকৈ ক্ষুদ্ৰ ভাষাৰ মৃত্যু হয়৷ বৰ্তমান সময়ত এই তিনিটা ভয়েই প্ৰধান বুলি তেওঁ উল্লেখ কৰে৷ একেদৰে অসমীয়া গল্প-কবিতা, উপন্যাসৰ মান লেখত ল’বলগীয়া বুলি তেওঁ অন্তৰংগ আলাপত মত প্ৰকাশ কৰে৷ ভাষা এটা সমৃদ্ধ কৰিবলৈ হ’লে ইয়াত নিত্য নতুন শব্দৰ সংযোজন ঘটাটো জৰুৰী বুলি তেওঁ অনুভৱ কৰে৷ ভাষাৰ ক্ষেত্ৰত সদায় দুৱাৰ-খিৰিকী মুকলি কৰি ৰাখিব লাগে৷ উদাহৰণস্বৰূপে তেওঁ অক্সফ’ৰ্ড অভিধানৰ প্ৰসংগ উল্লেখ কৰে৷ কিদৰে বিভিন্ন দেশৰ শব্দ সম্ভাৰ এই অভিধানত সন্নিৱিষ্ট হৈছে৷ অসমীয়া ভাষাৰ ক্ষেত্ৰতো নিত্য নতুন শব্দৰ সংযোজন নহ’লে পুৰণি শব্দখিনিকে লৈ থাকিলে ভাষাটো নতুন প্ৰজন্মৰ পৰা আঁতৰি যোৱাৰ আশংকা প্ৰকাশ কৰে৷ এই অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লোৱা প্ৰতিজনৰে বিভিন্ন প্ৰশ্নৰ উত্তৰ তাৎক্ষণিকভাৱে তেওঁ আগবঢ়ায়৷ উল্লেখ্য, ‘আমাৰ অসম’ কাকতৰ জৰিয়তে নতুন প্ৰজন্মৰ সৈতে এই ধৰণৰ অন্তৰংগ আলাপ অনুষ্ঠান বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হ’ব৷